• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈৰ বিস্ফোৰক পত্র : দিয়া হৈছিল ২০ কোটি টকাৰ বিনিময়ত আৰএছএছত যোগদান আৰু মন্ত্ৰীত্বৰ প্ৰস্তাৱ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
March 23, 2021 3:36 pm
WhatsApp-Image-2020-07-16-at-4.23.15-PM-750x375

কাৰাবন্দী অখিল গগৈ। ফাইল ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিধানসভাৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত সঘনে বৃদ্ধি পাইছে প্ৰতিপক্ষ ৰাজনৈতিক দলসমূহৰ প্ৰতি অভিযোগ-প্ৰতি অভিযোগ আৰু আক্ৰম-প্ৰত্যাক্ৰমণৰ মাত্ৰা।

অসমৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ এখন পত্ৰই ধুমুহাৰ সৃষ্টি কৰিছে ৰাজ্যৰ নিৰ্বাচনী ৰাজনীতিত।

Apply Now

কাৰাৰুদ্ধ অখিল গগৈয়ে অসমৰ ৰাইজলৈ উদ্দেশ্যি লিখা পত্ৰখন মংগলবাৰে সংবাদ মাধ্যমৰ হাতত পৰিছে।

উক্ত পত্ৰত অখিল গগৈয়ে কিছুমান বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। পত্ৰখনৰ অনুসৰি অখিল গগৈক ১৮ ডিচেম্বৰৰ নিশা NIAৰ কাৰ্যালয়ৰ ১ নং কোঠাৰ লকআপত থিয় কৰাই আৰএছএছত যোগদানৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল। আৰএছএছত যোগদানৰ বিনিময়ত অখিল গগৈক ২০ কোটি টকা আৰু জামিন প্ৰদানৰ আশ্বাস দিয়া হৈছিল।

অখিল গগৈয়ে পত্ৰখনত উল্লেখ কৰা অনুসৰি এই প্ৰস্তাৱসমূহত সন্মতি নজনোৱাৰ পিছতে দ্বিতীয়বাৰ তেওঁক বিজেপিত যোগদানৰ প্ৰস্তাৱ দিয়া হয়। বিজেপিত যোগ দিলে অখিল গগৈক অসমৰ খালি হৈ থকা কোনো এটা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত কৰোৱাই অসম মন্ত্ৰীসভাৰ মন্ত্ৰীত্ব দিয়াৰ প্ৰলোভন দিয়া হৈছিল।

এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পিছতে মুখ্যমন্ত্ৰী আৰু এজন প্ৰভাৱশালী মন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল অখিল গগৈক।

ইফালে সেই সময়ৰ কৃষক নেতাগৰাকীক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সংগ্ৰামী জীৱন ত্যাগ কৰি এটা এন জি অ’ৰ দায়িত্ব দিয়াৰ প্ৰস্তাৱো দিয়া হৈছিল বুলি প্ৰত্ৰখনত উল্লেখ কৰিছে।

আনহাতে ৰাষ্ট্ৰ বিৰোধিতা, নদীবান্ধ বিৰোধী আন্দোলন বন্ধ কৰি কা বিৰোধিতাৰ বাবে চৰকাৰৰ ওচৰত ক্ষমা খুজিবলৈ হেঁচা দিয়া হৈছিল অখিল গগৈক। অসমীয়া মানুহ খ্ৰীষ্টান ধৰ্মলৈ হোৱা ধৰ্মান্তকৰণ ৰোধ কৰাৰ বাবে এক অভিযানৰ দায়িত্ব ল’বলৈও তেওঁক প্ৰস্তাৱ দিয়া বুলি পত্ৰখনত উল্লেখ কৰিছে অখিল গগৈয়ে।

অখিল গগৈয়ে পত্ৰখনত কয় যে এই আটাইবোৰ প্ৰলোভন গ্ৰহণ নকৰি তেওঁ নিজৰ মতত অলৰ অচৰ হৈ থাকিল। এই প্ৰস্তাৱ তথা প্ৰলোভনবোৰ গ্ৰহণ নকৰাৰ পিছতে তেওঁক ১০ বছৰৰ জে’লত বন্দী কৰি ৰখাৰ লগতে হত্যাৰ ভাবুকি দিয়াৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে।

চৰকাৰী পক্ষৰ সেই প্ৰস্তাৱবোৰ গ্ৰহণ নকৰাৰ বাবে ইটোৰ পিছত সিটো গোচৰ তেওঁৰ ওপৰত জাপি দি কাৰাৰুদ্ধ কৰি ৰাখিছে বুলি ক্ষোভ প্ৰকাশ কৰি তেওঁক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা বুলিও মন্তব্য কৰিছে।

১৭ ডিচেম্বৰৰ নিশা আৰক্ষীয়ে যোৰহাট জে’লৰ পৰা তেওঁক গাড়ীত গুৰিয়াই-ভুকুৱাই যোৰহাটৰ বিবান বন্দৰলৈ নিয়াৰ লগতে হেলিকপ্টাৰত উঠোৱাৰ সময়ত কেইজমান হিন্দীভাষী লোকে তেওঁৰ হাত দুখন পিছফাললৈ টানি হেণ্ডকাফ লগোৱাও বুলিও উল্লেখ কৰিছে। আনকি গুৱাহাটীলৈ অনাৰ পিছত তেওঁক আদালতৰ অনুমতি নোলোৱাকৈয়ে বিমানেৰে দিল্লীলৈ লৈ যোৱা বুলি পত্ৰখনত উল্লেখ কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।

NIAৰ তদন্তাকাৰী বিষয়াই জেৰাৰ নামত কেৱল ৰাজনৈতিক বাক্যাবাণ কৰা আৰু ২০ ডিচেম্বৰৰ নিশা তেওঁ অস্থিৰ হৈ পৰা বুলি উল্লেখ কৰি কয় যে ‘সমগ্ৰ ৰাতি মই শুব পৰা নাছিলো, ১০-১২ বাৰমান টয়লেটলৈ গৈছিলো। জীৱনৰ প্ৰতি মোৰ মোহ হেৰাই গৈছিল। কেনেবাকৈ নিজক সম্বৰণ কৰিলো!”

নিৰ্বাচনৰ আগ মুহূৰ্তত তেওঁৰ বিৰুদ্ধে অসংখ্য অপপ্ৰচাৰ চলোৱা হৈছে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে তেওঁৰ বন্দীত্ব জীৱনৰ কিছু সত্য কথা পত্ৰখনৰ জৰিয়তে অসমৰ জনসাধাৰণক জনাবলৈকে এই প্ৰত্ৰখন লিখিছে।

অসমৰ পৰা বিজেপিক উৎখাট কৰাই তেওঁৰ জীৱনৰ অন্যতম লক্ষ্য বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে, ‘শিৱসাগৰবাসীয়ে মোক নিশ্চয় মুক্ত আকাশৰ তললৈ উলিয়াই আনিব৷ গভীৰ প্ৰত্যাশাৰে মই আপোনালোকৰ সিদ্ধান্তৰ বাবে ৰৈ আছো!’

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd