শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৃষ্টি হোৱা ভয়াৱহ বান সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰৰ জৰিয়তে তেওঁ বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়াল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানক ১০ লাখ টকাকৈ সাহায্য আগবঢ়াবলৈ অনুৰোধ জনাইছে। শিৱসাগৰৰ বিধায়কগৰাকীয়ে প্ৰধানমন্ত্ৰীক ২২ টা দাবী সম্বলিত এখন আৱেদন পত্ৰ দাখিল কৰি সাহায্য আৰু পুনৰসংস্থাপনৰ অনুৰোধ জনায়।
যোৱা ১৯ জুলাইত হোৱা ভয়ংকৰ বানপানীৰ কাৰণ সম্পৰ্কে তেওঁ চিবিআই তদন্তৰ দাবী উত্থাপন কৰিছে। বিশেষকৈ অসম আৰু নাগালেণ্ড সীমান্তত চলি থকা অবৈধ কয়লা খনন আৰু দিখৌ নদীৰ বাকৰিত চলাই থকা বালিসাংগ্ৰহৰ বাবেই এই বানপানী হৈছে বুলি তেওঁ অভিযোগ কৰে। এই অবৈধ কাম-কাজসমূহ ৰাজনৈতিক ছত্ৰছায়াত চলি থকা বুলি তেওঁ উল্লেখ কৰে। এই বানপানীয়ে অসমৰ মানুহৰ জীৱন, কৃষিভূমি আৰু কৃষ্টি-সংস্কৃতিৰ প্ৰতি ভাবুকি আনিছে, গতিকে ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাটো অত্যন্ত প্ৰয়োজনীয়।
বানৰ দ্বাৰা সবাতোকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ আৰু নাজিৰা সমষ্টিৰ পুনৰ্নিৰ্মাণৰ বাবে অখিল গগৈয়ে ১,০০০ কোটি টকাৰ বিশেষ পেকেজৰ দাবী জনাইছে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে ঘোষণা কৰা ১৫,০০০ টকাৰ সাহায্য যাতে ভুলবশতঃ বাদ পৰা প্ৰতিটো পৰিয়ালেও লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ তেওঁ প্ৰধানমন্ত্ৰীক আহ্বান জনায়।
কৃষি খণ্ডৰ উন্নতিৰ বাবে কৃষকসকলক উপযুক্ত জলসিঞ্চনৰ সুবিধা আৰু উন্নত মানদণ্ডৰ বীজ প্ৰদান কৰাৰ দাবী উত্থাপন কৰা হৈছে। ইফালে নাজিৰাৰ নেপালীখুটি গাঁৱত ঘৰ-বাৰী হেৰুওৱা লোকসকলক বিকল্প মাটি আৰু পকা ঘৰ যোগান ধৰিবলৈও তেওঁ প্ৰধানমন্ত্ৰীক অনুৰোধ জনায়।





