বুধবাৰে বিয়লি ৫ বজাত অসম চৰকাৰৰ নিমন্ত্ৰণক্ৰমে আক্ৰাছু, চিলাৰায় সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতিয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চন্দ্ৰমোহন পাটোৱাৰী নেতৃত্বাধীন কেবিনেট উপসমিতিৰ লগত গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়।
মুখ্য মন্ত্ৰীয়ে উক্ত আলোচনাত এইক্ষেত্ৰত তেওঁক আস্থা আৰু বিশ্বাসত ল’বলৈ আক্ৰাছু নেতৃবৰ্গক অনুৰোধ কৰে যদিও এই কথাত আক্ৰাছুৰ নেতৃবৰ্গ পতিয়ন নাযায় বুলি বৰ্মনে আজি দিচপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি সাংবাদিকক জনায়।
উক্ত বৈঠকত মুখ্য মন্ত্ৰীৰ সন্মুখতে পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীটো অতি শীঘ্ৰে ৰাজনৈতিকভাৱে সমাধান কৰিব লাগে বুলি দাবী তোলে আক্ৰাছুৰ নেতৃবৰ্গই। আজিৰ সংবাদমেলযোগে এই কথা জনায় আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে।
তদুপৰি আক্ৰাছুৱে উক্ত বৈঠকতে মুখ্য মন্ত্ৰীৰ উপস্থিতিত প্ৰধান মন্ত্ৰী বা কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তাব আগবঢ়ায়।
আক্ৰাছুৰ উক্ত প্ৰস্তাবক মন্ত্ৰী তথা কেবিনেট উপ সমিতিৰ সদস্য চন্দন ব্ৰহ্মই সমৰ্থন জনায়। তাৰ পাছতেই উক্ত বৈঠকতে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ৰ সৈতে ত্ৰিপাক্ষিক আলোচনা কৰাৰ বাবে সিদ্ধান্ত লয় ।
আনহাতে, কালি অনুষ্ঠিত হৈ যোৱা বৈঠকক আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে ইতিবাচক আলোচনা আখ্যা দি লগতে কয়, ‘’যদি দিল্লীত ত্ৰিপাক্ষিক আলোচনাৰ নামত ভেকোভাওনা হয়, তেন্তে পুনৰবাৰ দিল্লীলৈ আলোচনাৰ বাবে মাতিলে নাযাওঁ, বৰঞ্চ দিল্লীৰ মানুহ আলোচনাৰ বাবে অসমলৈ আহিব লাগিব।‘’
ইয়াৰোপৰি, আলোচনাৰ নামত ভেকোভাওনা কৰিলে কোচ ৰাজবংশী ছাত্ৰ সন্থাই পূৰ্বে স্থগিত ৰখা আন্দোলনৰ কাৰ্য্যসূচীসমূহ পুনৰাই জোৰদাৰভাৱে ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে।