• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অধ্যাপক আলী খান মাহমুদাবাদৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ হাৰিয়ানা চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2026 3:40 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছ’চিয়েল মিডিয়াত ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত কৰা মন্তব্যক কেন্দ্ৰ কৰি আইনী মেৰপাকত আৱদ্ধ হোৱা আশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদলৈ এক বৃহৎ সকাহ আগবঢ়াইছে হাৰিয়ানা চৰকাৰে। সোমবাৰে হাৰিয়ানা চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে তেওঁলোকে অধ্যাপকগৰাকীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰটো আগবঢ়াই নিবলৈ প্ৰয়োজনীয় আইনী মঞ্জুৰী (Sanction) দিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ ফলত অধ্যাপক মাহমুদাবাদৰ বিৰুদ্ধে চলি থকা সকলো আইনী কাৰ্যব্যৱস্থাৰ অন্ত পৰিল। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে চৰকাৰৰ এই সিদ্ধান্তক নথিভুক্ত কৰি অধ্যাপকগৰাকীৰ বিৰুদ্ধে সোণিপতৰ ট্ৰায়েল ক‘ৰ্টত চলি থকা গোচৰটো খাৰিজ কৰাৰ নিৰ্দেশ দিয়ে।

হাৰিয়ানা চৰকাৰৰ হৈ অতিৰিক্ত চলিছিটৰ জেনেৰেল (ASG) এছ ভি ৰাজুৱে আদালতত কয় যে চৰকাৰে বিষয়টোত এজন উচ্চশিক্ষিত ব্যক্তিৰ প্ৰতি ‘এককালীন উদাৰতা’ প্ৰদৰ্শন কৰি গোচৰটো বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে, যোৱা জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে চৰকাৰক অধ্যাপক মাহমুদাবাদৰ বিৰুদ্ধে থকা অভিযোগসমূহ পুনৰ বিবেচনা কৰি গোচৰটো বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল। চৰকাৰৰ এই সঁহাৰিৰ পাছত আদালতে অধ্যাপকগৰাকীৰ পাছপ’ৰ্ট ঘূৰাই দিয়াৰো নিৰ্দেশ দিয়ে।

Apply Now

এই বিতৰ্কৰ সূত্রপাত হৈছিল যোৱা ২০২৫ চনৰ মে’ মাহত, যেতিয়া ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দুৰ’ৰ সন্দৰ্ভত কৰা এক ফেচবুক প’ষ্টৰ বাবে অধ্যাপক মাহমুদাবাদৰ বিৰুদ্ধে দেশদ্ৰোহ আৰু ধৰ্মীয় আৱেগত আঘাত সনাৰ অভিযোগত দুটাকৈ এজাহাৰ দাখিল কৰা হৈছিল। হাৰিয়ানা মহিলা আয়োগৰ অধ্যক্ষ ৰেণু ভাটিয়া আৰু এজন গাঁওবুঢ়াই দাখিল কৰা এই অভিযোগৰ ভিত্তিত মাহমুদাবাদক গ্ৰেপ্তাৰ কৰা হৈছিল। যদিও তেওঁক তিনি দিনৰ পাছত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছিল, তেওঁৰ বিৰুদ্ধে তদন্ত অব্যাহত আছিল। অধ্যাপক মাহমুদাবাদে তেওঁৰ প’ষ্টটো সম্পূৰ্ণৰূপে দেশপ্ৰেমমূলক আছিল বুলি দাবী কৰি আহিছিল, য’ত তেওঁ পাকিস্তানৰ সন্ত্ৰাসবাদক গৰিহণা দিয়াৰ লগতে যুদ্ধৰ ভয়াৱহতা আৰু সংখ্যালঘুৰ সুৰক্ষাৰ কথা উল্লেখ কৰিছিল বুলি জনাইছিল।

আজিৰ শুনানিৰ অন্তত আদালতে অধ্যাপকগৰাকীক ভৱিষ্যতে এনে স্পৰ্শকাতৰ বিষয়ত মন্তব্য কৰোঁতে অধিক সাৱধান হ’বলৈ পৰামৰ্শ আগবঢ়ায়। মুখ্য ন্যায়াধীশ সূৰ্য কান্তই মন্তব্য কৰে যে কেতিয়াবা কিছুমান কথাৰ অৰ্থ ভিন ভিন ধৰণে ল’ব পৰা যায়, গতিকে এজন বিদ্বান ব্যক্তি হিচাপে তেওঁ অধিক বিচক্ষণতাৰে কাম কৰা উচিত। বিচাৰপীঠে লগতে কয় যে এতিয়া যিহেতু চৰকাৰে গোচৰটো বন্ধ কৰিছে, সেয়েহে এই অধ্যায় ইয়াতেই সমাপ্ত হোৱা উচিত। অধ্যাপক মাহমুদাবাদৰ হৈ আদালতত জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথ্ৰা আৰু নিজাম পাশাই অংশগ্ৰহণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd