NORTHEAST NOW (Assamese)

বিৰল স্নায়ুজনিত ৰোগ, কাণেৰে নুশুনা হৈছে অলকা য়াগনিকে! গায়িকাৰ পোষ্ট দেখি স্তম্ভিত অনুৰাগী

June 18, 2024 2:03 pm · এন ই নাও নিউজ, গুৱাহাটী

বলীউডৰ বিখ্যাত গায়িকা অলকা য়াগনিক এক বিৰল স্নায়ুৰ ৰোগত আক্ৰান্ত হৈছে। ফলত তেওঁৰ শ্ৰৱণ ক্ষমতা হ্ৰাস পাইছে। তেওঁ নিজেই ইনষ্টাগ্ৰামত পোষ্ট কৰি এই ৰোগৰ বিষয়ে সকলোকে অৱগত কৰিছে। তেওঁ কয় যে এই কাৰণেই যোৱা কেইদিনমানৰ পৰা তেওঁ নিজকে আঁতৰাই ৰাখিছে।

৫৪ বছৰীয়া অলকা য়াগনিকে শেষবাৰৰ বাবে ‘ক্ৰু’ আৰু ‘অমাৰ সিং চামকিলা’ত কণ্ঠদান কৰিছিল। তাৰ পিছত তেওঁক তেনেকৈ দেখা যোৱা নাই । সোমবাৰে তেওঁ নিজৰ এখন ছবি শ্বেয়াৰ কৰি এই কথা লিখিছে। লগে লগে পোষ্টটোত কমেন্টেৰে উপচি পৰিল। সকলোৱে তেওঁৰ আৰোগ্য কামনা কৰিছে। বহুতেই স্তম্ভিত হৈছে। কিছুমানে আকৌ গায়িকাগৰাকীক জিৰণি ল’বলৈ পৰামৰ্শ দিছে।

লগতে পঢ়কঃমন্থৰ হৈছে পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্ৰৰ আৱৰ্তনৰ গতি; দিন-ৰাতিৰ সময়ত ডাঙৰ পৰিৱৰ্তন?

সেই পোষ্টটোত অলকাই লিখিছে, ‘মোৰ সকলো বন্ধু, অনুৰাগী, শুভাকাংক্ষীক জনাও। কেইসপ্তাহমান আগতে বিমান এখনৰ পৰা নামি আহি থাকোঁতে হঠাৎ কাণেৰে একো শুনা নাছিলো। বহুতে জানিব বিচাৰে মোক কিয় তেনেকৈ দেখা নাযায়। আচলতে ই ভাইৰাছৰ সংক্ৰমণ যিয়ে বিৰল সংবেদনশীল স্নায়ুৰ সমস্যাৰ দিছে। এই কাৰণেই শ্ৰৱণ শক্তিহ্ৰাস পাইছে। মোৰ অজ্ঞাতে শৰীৰত এনে এক আকস্মিক সমস্যাৰ সৃষ্টি হৈছে। মই ইয়াক মানি ল’বলৈ চেষ্টা কৰিছো। আপোনালোকে মোৰ কাৰণে প্ৰাৰ্থনা কৰিব।‘

উচ্চস্বৰত সংগীত শুনা আৰু হেডফোনৰ অত্যধিক ব্যৱহাৰৰ বিষয়েও সকীয়াই দিয়ে অলকাই। তেওঁ লিখিছে, ‘মই মোৰ পেছাদাৰী জীৱনৰ এই বিপদটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰো। মোৰ বিশ্বাস, আপোনালোকৰ মৰম আৰু সমৰ্থনত মই সোনকালে কামলৈ উভতি আহিম।’

 

View this post on Instagram

 

A post shared by Alka Yagnik (@therealalkayagnik)

অলকা য়াগনিকৰ এই পোষ্টটোত আচৰিত হৈ পৰিছে তাৰকাসকলো। অভিনেত্ৰী ইলা অৰুণে মন্তব্য কৰিছে, ‘শুনি মোৰ বৰ বেয়া লাগিল। প্ৰথমে ছবিখনহে দেখিলোঁ। তাৰ পিছত যিখিনি পঢ়িলোঁ সেয়া বৰ দুখৰ কথা আছিল। আপুনি শ্ৰেষ্ঠ চিকিৎসকসকলৰ ওপৰত বিশ্বাস ৰাখক। ভাল হ’ব, অতি সোনকালে আমি আপোনাৰ মধুৰ মাতটো শুনিম। মৰম থাকিল। সদায় নিজৰ যত্ন লোৱা।’

আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগমেও লিখিছে, ‘কিয় নাজানো, কিবা এটা  যেন মোৰ অনুভৱ হৈছিল। মই উভতি আহি তোমাক লগ পাম, ভাল হৈ উঠা।’ 

Related News