দেশত ভয়ংকৰভাৱে বৃদ্ধি পোৱা কৰ’নাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰই এক ডাঙৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।
সেই অনুসৰি, অহা ১ মে’ৰ পৰা ১৮ বছৰৰ ওপৰৰ সকলোকে ভেকচিন প্ৰদান কৰা হ’ব। ৰাজ্যসমূহে ভেকচিন প্ৰস্তুতকাৰী সংস্থাসমূহৰ পৰা প্ৰত্যক্ষভাৱে ভেকচিন ক্ৰয় কৰিব পাৰিব।
সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ কোভিড-১৯ পৰ্যবেক্ষণ বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। বৈঠকত তেওঁ কয়,’’কম সময়ৰ ভিতৰতে সৰ্বাধিক সংখ্যক ভাৰতীয়ৰ টীকাকৰণ যাতে সম্ভৱ হয় সেয়া নিশ্চিত কৰিবলৈ চৰকাৰে এবছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছে।‘’
বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযানৰ তৃতীয় পৰ্যায়ত ভেকচিনৰ মূল্য নিৰ্ধাৰণ, ক্ৰয়, যোগ্যতা তথা প্ৰশাসন সহজলভ্য কৰি তোলা হৈছে।
তদুপৰি, নিজৰ স্থানীয় প্ৰয়োজন অনুসৰি যাতে ভেকচিন দিব পাৰে তাৰ বাবে সকলো অংশীদাৰকে শিথিলতা প্ৰদান কৰা হৈছে।
ইপিনে, ১৮ বছৰৰ ওপৰৰ সকলোৱে কোভিড-১৯-ৰ ভেকচিন গ্ৰহণৰ যোগ্যতা লাভ কৰিব। সেইদৰে ভেকচিন প্ৰস্তুতকৰ্তাসকলক তেওঁলোকৰ উৎপাদন অধিক বৃদ্ধি কৰিবলৈ উৎসাহিত কৰাৰ চেষ্টা কৰা হ’ব।
আনহাতে, ভেকচিন প্ৰস্তুতকাৰী সংস্থাসমূহে তেওঁলোকৰ যোগানৰ ৫০ শতাংশ ৰাজ্য চৰকাৰক প্ৰদান কৰিব পাৰিব আৰু মুকলি বজাৰত ভেকচিনৰ মূল্য পূৰ্বৰ মূল্যতে লাভ কৰিব পৰা যাব।
সেইদৰে, ভাৰত চৰকাৰৰ টীকাকৰণ অভিযান পূৰ্বৰ দৰেই অব্যাহত থাকিব আৰু পূৰ্বে নিৰ্ধাৰণ কৰা ধৰণে সংশ্লিষ্ট লোকৰ বাবে বিনামূলীয়া টীকাকৰণ চলি থাকিব।