• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শাসক-বিৰোধী সকলোৰে নিমিলা অংক! কাক দিব কাক নিদিব দোধোৰ-মোধোৰ অৱস্থা

উঠিছে পদত্যাগৰ জোৱাৰ! প্ৰাৰ্থী ঘোষণাৰ ক্ষেত্ৰত এটা ৰাজনৈতিক দলৰ আন এটা ৰাজনৈতিক দললৈ অপেক্ষা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 5, 2021 2:53 pm
AGP BJP CONGRESS
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালিৰে পৰা অত্যাধিক পৰিমাণে গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। সকলো প্ৰধান ৰাজনৈতিক দলৰ মাজত টিকটকেন্দ্ৰিক সংঘাত তুংগত উঠিছে।

কি শাসকীয় বিজেপি, কি কংগ্ৰেছ, এতিয়া টিকট কেন্দ্ৰিক সংঘাতে চুড়ান্ত পৰ্যায় পাইছেগৈ। যাৰ বাবে এতিয়ালৈকে কোনে কোন সমষ্টিৰ পৰা টিকট লাভ কৰিব সেয়া স্পষ্টকৈ ঘোষণা কৰিব পৰা নাই কোনো এটা ৰাজনৈতিক দলে।

Apply Now

ইপিনে, বিজেপিৰ নিজৰ মাজতে সংঘাতে চুড়ান্ত ৰূপ লৈছে। কিয়নো বিজেপিৰ দখলত থকা সমষ্টি অগপলৈ এৰি দিব বুলি ইতিমধ্যে খবৰ ওলাইছে।

ছিপাঝাৰ সমষ্টিৰ বিজেপিৰ বিধায়ক বিনন্দ শইকীয়াৰ পাখি কটা যাব তথা উক্ত সমষ্টিত ন-অগপ পৰমানন্দ ৰাজবংশীয়ে প্ৰাৰ্থীত্ব লাভ কৰিব বুলি খবৰ ওলোৱাৰ পাছতে উত্তাল হৈ পৰে ছিপাঝাৰ।

আনকি ছিপাঝাৰ বিজেপিয়ে বুধবাৰে নিশা বিনন্দ শইকীয়াক প্ৰাৰ্থীত্ব দিয়াৰ দাবী তুলি গণেশগুৰিস্থিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল বিজেপি সমৰ্থকে। বিজেপিৰ উচ্চস্তৰীয় নেতৃত্বই সিদ্ধান্ত সলনি নকৰিলে বিকল্প ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিয়ে বিনন্দ শইকীয়াৰ সমৰ্থকে।

ইপিনে, চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ টিকট বঞ্চিত কৰি অগপৰ পোনাকণ বৰুৱাক টিকট লাভ কৰিব বুলি খবৰ ওলোৱাৰ পাছতে এতিয়া সমষ্টিটোত উঠিছে পদত্যাগৰ জোৱাৰ। আজি বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত চাবুৱাৰ দুয়োটা মণ্ডলৰ সভাপতিয়ে পদত্যাগ কৰাৰ লগতে চাবুৱাৰ বিভিন্ন মৰ্চাৰ সভাপতিসকলেও পদত্যাগ কৰে।

আনকি কালি সংবাদ মাধ্যমৰ সন্মুখতে বিধায়কগৰাকীৰ সমৰ্থকে হিমন্ত বিশ্ব শৰ্মাক ‘দালাল’ আখ্যা দিয়ে।

ইপিনে, টীয়কৰ ৰাজপথত বিজেপি কৰ্মীয়ে ৰঞ্জিত দাস হুচিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰা দেখা গ’ল ৷

উল্লেখযোগ্য যে অসম গণ পৰিষদৰ অধীনত থকা টীয়ক বিধান সভা সমষ্টিটো এইবাৰ বিজেপিয়ে অসম গণ পৰিষদক কোনো কাৰণত এৰি নিদিয়াৰ হুংকাৰ দি আহিছিল।

ইয়াৰ মাজতে শেহতীয়াভাৱে বিভিন্ন সংবাদ মাধ্যমত সমষ্টিটো পুনৰ অসম গণ পৰিষদক এৰি দিয়া আৰু শ্যামকানু মহন্তক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কথা প্ৰকাশ হোৱাৰ লগে লগে ক্ষোভিত হৈ পৰে টীয়কৰ বিজেপি কৰ্মীসকল।

তদুপৰি, হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে টিকট লাভ নকৰিব বুলি স্পষ্ট হোৱাৰ পাছতে তেওঁৰ ফেইচবুক পোষ্টত ক্ষোভ ব্যক্ত কৰিছে। তেওঁ লিখি কয় ‘যদি তোৰ ডাক চোনে কেও না আসে তবে একলা চল’ ৰে….. দ্যা ষ্ট্ৰাগল ইজ অন।‘

ইপিনে, কলিয়াবৰ, বোকাখাট আৰু তেজপুৰ সমষ্টি অগপক এৰি দিয়া বুলি চুড়ান্ত খবৰ ওলোৱাৰ পাছতে বিজেপিৰ তৃণমূল কৰ্মীসকলৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে।

আনহাতে, বঢ়মপুৰ সমষ্টিত প্ৰফুল্ল কুমাৰ মহন্তৰ টিকট কৰ্তন কৰিব বুলি খবৰ ওলোৱাৰ পাছতে পুনৰ গঠন হ’ব অগপ প্ৰগতিশীল। ১৫ টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে দলটোৰ নেতা প্ৰণৱ গোস্বামীয়ে।

ইপিনে, বকোতো বিজেপি প্ৰাৰ্থী থিয় নকৰোৱাত বা অগপক সমষ্টিটো এৰি দিব বুলি খবৰ ওলোৱাত ছমৰীয়া বিজেপি কাৰ্যালয়ত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ তৃণমূল কৰ্মীয়ে।

আনহাতে, ৰিপুন বৰাৰ ঘনিষ্ঠক টিকট প্ৰদানক লৈ জ্বলিছে বিশ্বনাথ কংগ্ৰেছ। ৰিপুন বৰাৰ অতিকৈ ঘনিষ্ট সঞ্জু বৰুৱাক টিকট প্ৰদান কৰিব বুলি খবৰ ওলোৱাৰ পাছতে প্ৰতিবাদকাৰীৰ দাবী- সঞ্জু বৰুৱাক টিকট দিলে বিশ্বনাথত কংগ্ৰেছ হাৰিব। তেওঁলোকৰ মতে সংখ্যালঘু ভোটাৰে বৰ্জন কৰিব যুৱনেতা সঞ্জুক। তেওঁৰ সলনি প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী নুৰজামাল সৰকাৰৰ প্ৰাৰ্থীত্বৰ দাবী কৰিলে এইসকল কংগ্ৰেছ কৰ্মীয়ে।

ইপিনে, আসন ভাগ-বটোৱাৰাৰ ক্ষেত্ৰতো এতিয়া অমীমাংসিত হৈ ৰৈছে বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ মহাজোঁটৰ। যাৰ ফলত মহানগৰীত আৰম্ভ হৈছে হোটেল ৰাজনীতি। হোটেল চিগনেট, হোটেল গ্ৰেটৱে গ্ৰেণ্ড, পেলেচিঅ’ত এখনৰ পাছত আন এখন বৈঠকত মিলিত হৈছে কংগ্ৰেছ মহাজোঁটৰ নেতৃত্ব। তথাপি যেন আসনক লৈ কোনো এক সু-নিৰ্দিষ্ট সিদ্ধান্তত উপণীত হ’ব পৰা নাই কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট।

তাৰ বিপৰীতে দিছপুৰত এলানি বৈঠকৰ পাছতে দিল্লীত বাহৰ পাতিছে অগপ-বিজেপি, য়ুপিপিএলৰ নেতৃত্ব। অসম ভৱন, অমিত শ্বাহৰ বাসগৃহত এখনৰ পাছত আন এখন বৈঠকত মিলিত হোৱাৰ পাছতো আসন বুজা-বুজিৰ সন্দৰ্ভত এতিয়ালৈকে চুড়ান্ত সিদ্ধান্তত কোনো উপণীত হ’ব পৰা নাই।

ইপিনে, আসন বুজা-বুজিৰ ক্ষেত্ৰত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নিৰ্বাচনী কমিটি বাৰেপতি বৈঠকত মিলিত হৈছে যদিও এতিয়ালৈকে কোনো সু-নিৰ্দিষ্ট সিদ্ধান্তত উপণীত হ’ব পৰা নাই। শুকুৰবাৰৰ নিশাৰ বৈঠকৰ অন্ততহে চুড়ান্ত হ’ব দুয়োটা দলৰে প্ৰাৰ্থীৰ তালিকা।

মুঠৰ ওপৰত এতিয়া সকলো ৰাজনৈতিক দলৰে আসন তথা প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত নিমিলা অংক হৈছে তথা শ’লঠেকত পৰিছে শাসক-বিৰোধী উভয়ৰে উচ্চস্তৰীয় নেতৃত্ব। সেয়েহে হয়তো এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলৰ নেতৃত্বলৈ অপেক্ষা কৰিছে কোনে আগতীয়াকৈ ঘোষণা কৰিব প্ৰাৰ্থীত্বৰ তালিকা।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd