• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাঁজী হেম নাথ শৰ্মা মহাবিদ্যালয়ত সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অভিষেশ কাব্ৰালৈ শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , September 15, 2018 10:50 pm

2 min read

Hem Nath Sarma College
646
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ জাঁজী হেম নাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি মহাবিদ্যালয়খনৰ প্ৰয়াত মেধাবী ছাত্ৰ দ্বয় অভিজিৎ মহন্ত আৰু নিলোৎপল গগৈৰ সোঁৱৰণত অনুষ্ঠিত নৱম সংখ্যক সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ৰাজ্যখনৰ মুঠ ১৬ খন মহাবিদ্যালয়ৰ ১৮টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ বিষয় আছিল ‘শৈক্ষিক অনগ্ৰসৰতাই অন্ধ বিশ্বাস আৰু কু সংস্কাৰক প্ৰশ্ৰয় দিয়াত উৎসাহিত কৰিছে।’

সাংবাদিক, লেখক তথা দৈনিক জনভূমি কাকতৰ দেওবৰীয়া পৰিপুৰিকাৰ সম্পাদক শাংকব কৌশিক বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাখনত বাহনা কলেজৰ শতাব্দী  হাজৰিকা আৰু মানস নেওঁগে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অভিষেশ কাব্ৰা আৰু ৰশ্মি  কলিতাই  দ্বিতীয় তথা জাঁজী হেম নাথ শৰ্মা মহাবিদ্যালয়ৰ ছাত্ৰীদ্বয় উদিষ্ণা শৰ্মা আৰু তৃষ্ণা চেতিয়াই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

ইফালে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালযৰ ছাত্ৰ অভিষেশ কাব্ৰাই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে।

মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ভবানী কুমাৰ বৰুৱাই শুভাৰম্ভ কৰা প্ৰতিযোগিতাখত বিচাৰক হিচাবে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ মৃদুল বৰদলৈ, শিৱসাগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ  সহযোগী অধ্যাপক ড০ সব্যসাচী মহন্ত আৰু আমগুৰি অৰুণোদয় একাডেমীৰ সহকাৰী অধ্যাপিকা ৰূপজ্যোতি নাথ।

প্ৰতিযোগিতাৰ শেষত বিজয়ীসকলক মানপত্ৰ,  ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। এই অনুষ্ঠানতেই  মহাবিদ্যালয়ৰ বাৰ্ষিক উন্নয়ণ প্ৰতিবেদন উন্মোচন কৰে  ড০ মৃদুল বৰদলৈয়ে।

স্মতৰ্ব্য যে ১৯৯৪ চনৰ ১১ নৱেম্বৰত শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত বাছ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুওৱা মহাবিদ্যালয়ৰ প্ৰতিভাবান ছাত্ৰ দুগৰাকীৰ সোঁৱৰণত মহাবিদ্যালয় কৰ্তৃপক্ষই উক্ত তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd