DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আছুৰ চহিদ দিৱসত মাৰ্ঘেৰিটাত সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 10, 2018 6:37 pm
Marghetrita
1.3k
VIEWS
Share on FacebookShare on Twitter

‘ৰাষ্ট্ৰযন্ত্ৰৰ শোষণে বৰ্তমান অসমৰ নৱপ্ৰজন্মক সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি আকৰ্ষণ কৰিছে’ শীৰ্ষক সাম্প্ৰতিক সময়ৰ ৰাজ্যৰ এক বহুচৰ্চিত বিষয়ক লৈ আজি আছুৰ চহিদ দিৱসৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত সদৌ অসম ভিত্তিত “যুক্তি-বান“ নামেৰে এক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে অসম আন্দোলনৰ প্ৰথম চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ সুঁৱৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাৰ্ঘেৰিটাতো স্থানীয় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চহিদ দিৱস পালন কৰা হয়। উক্ত কাৰ্যসূচী অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্ত গগৈয়ে৷

ইয়াৰ পিছতে আঞ্চলিক সাধাৰণ সম্পাদক প্ৰশান্ত গগৈয়ে স্মৃতি তৰ্পণ আৰু প্ৰয়াত ছাত্ৰ নেতা ৰঞ্জন বড়োৰ জ্যেষ্ঠ ভাতৃ দিব্য প্ৰসাদ বড়োৱে ৰঞ্জন বড়োৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰে। আনহাতে উক্ত অনুষ্ঠানতে আছুৰ তৰফৰ পৰা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগ, সাংবাদিক মানস প্ৰতিম গগৈ, প্ৰসান্ত চেতিয়া আৰু শ্যামল নেওগক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ৰ পৰা অহা প্ৰায় দুকুৰি তাৰ্কিকে অংশগ্ৰহণ কৰা তৰ্ক প্ৰতিযোগিতাখনত দুলীয়াজান মহাবিদ্যালয়ৰ অমী বড়াই শ্ৰেষ্ঠ আৰু কলীয়াবৰ কলেজৰ ৰিদীপ কুমাৰ বৰাই দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছন্দোপল শইকীয়া আৰু অভিষেক কাব্ৰাই শ্ৰেষ্ঠ দল আৰু চয়নীকা বুঢ়াগোঁ‌হাই আৰু প্ৰহেলীকা শইকীয়াই দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷

পিছত বিজয়ী প্ৰতিযোগীসকলক ট্ৰফী, মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে সন্ধিয়া মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ চহিদ বেদীত ৮৫৫ গৰাকী চহিদক সন্মান জনাই বন্তী প্ৰজ্বলন কৰা হয়৷

Recent News

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd