NORTHEAST NOW (Assamese)

কমিছে কৰ’নাৰ সংক্ৰমণ; কাইলৈৰ পৰা সাধাৰণ ৰোগীৰ বাবে মুকলি হ’ব ৰাজ্যৰ সকলো চিকিৎসালয়

April 23, 2020 6:51 pm · কল্পজ্যোতি শইকীয়া
গুৱাহাটীৰ জিএমচিএইচ।

ৰাজ্যৰ মেডিকেল কলেজ হাস্পতাল সমূহৰ লগতে জিলা অসামৰিক চিকিৎসালয় সমূহ কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে খোলা ৰখা হৈছিল যাৰ বাবে সাধাৰণ ৰোগীসকল কিছু পৰিমাণে সমস্যাৰ সন্মুখীন হৈছিল।

বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈৰ পৰা ৰাজ্যৰ সমূহ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু জিলা অসামৰিক চিকিৎসালয় সমূহ সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিব বুলি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে।

অৱশ্যে মহানগৰীৰ পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ক বাদ দি এই সেৱা আৰম্ভ হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জনায়।

এই চিকিৎসালয় সমূহত কাইলৈৰ পৰা ৰোগীসকলক চীনৰ পৰা অনা ৰেপিড টেষ্টিং কিটেৰে ৰেণ্ডম টেষ্টিং কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

ইপিনে, দূৰ দূৰণিৰ ৰোগীসকলৰ ক্ষেত্ৰত ৰাতিপুৱা তেওঁলোক ঘৰৰ পৰা ওলাই আহিব মেডিকেল কলেজত দেখুৱাবলৈ আৰু আবেলি তেওঁলোক ঘূৰি যাব। সেই পৰ্য্যায়ৰ অনুমতি পত্ৰ জিলা উপায়ুক্তসকলে ইচ্ছ্যু কৰিব।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে লকডাউন শেষ নোহোৱা পৰ্য্যন্ত চলি থাকিব এই নিয়ম।

অৱশ্যে ৰোগী অবিহনে এই অনুমতি পত্ৰ লৈ ভ্ৰমণ কৰিলে শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ কয়।

Related News