• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিবলৈ চৰকাৰক ৩১ ডিচেম্বৰলৈ সময়সীমা জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমৰ

দুকুৰিৰো অধিক সংগঠনৰে গুৱাহাটীত অনুষ্ঠিত হ'ব বিশাল সংগ্ৰামী সমাবেশ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 28, 2020 7:45 pm
index.jpgm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধিকাৰ দাবীত একেখন মঞ্চত মিলিত হ’ল দুকুৰিৰো অধিক সংখ্যালঘু সংগঠন।

ব্যাপক প্ৰব্ৰজনৰ বাবে সৰ্বদিশতে বঞ্চিত হৈছে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকল। এনে আগ্ৰাসন প্ৰতিহত কৰিবলৈ গুৱাহাটীত আজি অনুষ্ঠিত হোৱা জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমৰ এখন সভাত মিলিত হ’ল গৰিয়া-মৰিয়া-দেশী জলহা সম্প্ৰদায়ৰ ২৩ টা সংগঠনসহ শিখ জৈন বৌদ্ধ আৰু খ্ৰীষ্টান সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা দুকুৰিৰো অধিক খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘু সংগঠন।

Apply Now

এই সংগঠনসমূহে আজি পূৰ্বে ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি সমূহ অহা ৩১ ডিচেম্বৰৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰক সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে। সভাৰ শেষত সংবাদমেল অনুষ্ঠিত কৰি এই কথা জনায় মঞ্চৰ আহ্বায়ক মুমিনুল আৱালে।

অন্যথা কঠোৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে আৱালে।

আনহাতে অহা ৩১ জানুৱাৰীৰ পূৰ্বে অসমৰ ধৰ্মীয় খিলঞ্জীয়া সংখ্যালঘু জনগোষ্ঠীসমূহৰ এক লক্ষাধিক লোকক লৈ বিশাল সংগ্ৰামী সমাবেশ আয়োজনৰ সিদ্ধান্ত লোৱা হয় বুলি তেওঁ জনায়।

জনগোষ্ঠীয় সমন্বয় পৰিষদৰ আহ্বায়ক চৈয়দ মুমিনুল আৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট চিকিৎসক পদ্মশ্ৰী ইলিয়াচ আলী, অভিনেতা তৌফিক ৰহমান, সাহিত্যিক ইমৰাণ হুছেইন, জি এম ডি এৰ উপাধক্ষ্য আব্দুল মান্নান ফাৰুকৰ লগতে সংখ্যালঘু সংগঠনসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

পূৰ্ববংগীয় মুছলমানৰ আগ্ৰাসনত গভীৰ উদ্বেগ প্ৰকাশ কৰি খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীসমূহৰ আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ সভাই ৰাজ্য চৰকাৰক দাবী জনায়।

আজিৰ সভাখনৰ জৰিয়তে চৰকাৰৰ তৰফৰপৰা সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ লগতে অন্যান্য পিছপৰা শ্ৰেণী, অন্যান্য অতি পিছপৰা শ্ৰেণী অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

ইয়াৰোপৰি, প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰিব পৰাকৈ উচ্চ সদন গঠন কৰা আৰু ১০২টা বিধান সভা সমষ্টিক সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈও দাবী জনায়।

ইপিনে ৰাজহ বিভাগৰ দ্বাৰা গৰিয়া-মৰিয়া-দেশী চাহ জনগোষ্ঠী জলহা অসমীয়া শিখ বৌদ্ধ বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ জৰীপ কৰা দেশী উন্নয়ন পৰিষদ গাৰো উন্নয়ন পৰিষদ জৈন উন্নয়ন পৰিষদ অসমীয়া শিখ উন্নয়ন পৰিষদ, গৰিয়া-মৰিয়া-দেশী-জলহাসকলৰ বাবে উন্নয়ন নিগম গঠন কৰাটোও তেওঁলোকৰ অন্যতম দাবী বুলি আৱালে জনায়।

তেওঁলোকৰ অন্যান্য দাবীসমূহ উল্লেখ কৰি আৱালে কয় “চৰকাৰে ২০১৮-১৯ বৰ্ষৰ বাজেটত ধাৰ্য কৰা ১০০ কৌটি টকা মোকলাই দিয়া, সকলো খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীৰ বাবে গুৱাহাটীত সামূহিক কেন্দ্ৰ স্থাপন কৰা, কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদত দেশী জনগোষ্ঠীৰ প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰা, ৱাকফ ব’ৰ্ডৰ সম্পত্তিৰ জৰীপ, ৱাকফ বৰ্ডৰ ভূমি বেদখল মুক্ত কৰা, ৱাকফ কাৰ্যালয় নিৰ্মাণ, হজ সমিতিৰ কাৰ্যালয় নিৰ্মাণ, হজৰ ভাড়া ভাৰতৰ অন্য ৰাজ্যৰ সমপৰ্যায়ৰ কৰা, সংখ্যালঘু আয়োগ, ৱাকফ বৰ্ড হজ সমিতি গৰিয়া-মৰিয়া আৰু জলহা উন্নয়ন পৰিষদ পুনৰ গঠন কৰা, শীঘ্ৰে আজান পীৰ বঁটা প্ৰদান কৰা, প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰা আৰু বিধান সভা নিৰ্বাচনত সকলো দলকে অতি কমেও ৫টা সমষ্টিত খিলঞ্জীয়া সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধি প্ৰক্ষেপ কৰিব লাগিব।”

আন এক সিদ্ধান্ত মৰ্মে পৰিষদে ৩১ জানুৱাৰীৰ পূৰ্বে গুৱাহাটীত আৰু তাৰ পিছত গোলাঘাট আৰু ধুবুৰীত বিশাল সংগ্ৰামী সমাবেশৰ আয়োজন কৰিব বুলি তেওঁ জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm
এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm
এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd