• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৌদ্ধিক যাত্ৰাত সহযোগিতা : গুৱাহাটীৰ তিনিওখন গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ঐক্যমত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 6, 2018 11:08 pm

2 min read

book-fair-570x320
119
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰকাশন পৰিষদৰ ‘গুৱাহাটী গ্ৰন্থমেলা-২০১৮’ আৰু ‘শিশু গ্ৰন্থ উৎসৱ’ লগতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ ‘উত্তৰ-পূব গ্ৰন্থমেলা’ নিৰ্দিষ্ট ঘোষিত তাৰিখতেই সমিলমিলেৰে আয়োজন হ’ব।

উক্ত তিনিওখন গ্ৰন্থমেলা আয়োজন সন্দৰ্ভত আজি শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ আহ্বানত দিচপুৰৰ শিক্ষামন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত গ্ৰন্থমেলাৰ উদ্যোক্তাসকল এই সিদ্ধান্তত ঐকমত্যত উপনীত হয়। প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজি এক বিজ্ঞপ্তিত এই কথা জনায়।

আজিৰ সভাত শিক্ষামন্ত্ৰীয়ে পৰৱৰ্তী বছৰত অসম প্ৰকাশন পৰিষদৰ সৈতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই সন্মিলিতভাৱে গ্ৰন্থমেলা আয়োজন কৰিবৰ বাবে পৰামৰ্শ তথা চৰ্ত দাঙি ধৰে। তাৰ বাবে এতিয়াৰ পৰাই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাক শিক্ষামন্ত্ৰীয়ে আহ্বান জনায়।

আজিৰ সভাত মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে পূৰ্বৰ সকলো আসোঁৱাহ দূৰ কৰি গ্ৰন্থৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত সমিলমিলেৰে কাম কৰাৰ বাবে আহ্বান জনায়।

উক্ত সভাতে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ইতিবাচক দৃষ্টিভংগীৰে কাম কৰিলেহে গ্ৰন্থৰ প্ৰসাৰ আৰু প্ৰচাৰৰ পথ প্ৰশস্ত হ’ব বুলি উল্লেখ কৰে। লগতে তেওঁ গ্ৰন্থমেলা বৰ্জন কৰাৰ দৰে কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয় বুলি মত প্ৰকাশ কৰে।

এই সভাত প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ হৈ নবীন বৰুৱাই ভৱিষ্যতে অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত সংস্থাই পূৰ্ণ সহযোগিতা আগ বঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। শিক্ষামন্ত্ৰীয়ে এই বছৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰতেই নিৰ্দিষ্ট তাৰিখত উত্তৰ-পূব গ্ৰন্থমেলা আৰু গুৱাহাটী গ্ৰন্থমেলা আয়োজন কৰাৰ লগতে পূৰ্ব নিৰ্ধাৰিত সময়ত শিশু গ্ৰন্থ উৎসৱ যথোপযুক্ত স্থানত আয়োজন কৰাৰ বাবে মত প্ৰকাশ কৰে।

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ বিষয়ববীয়াৰ উপৰি উক্ত সভাত পদ্মশ্ৰী অজয় দত্ত, প্ৰবীণ সাংবাদিক হাইদৰ হুছেইন, লেখক ড০ দয়ানন্দ পাঠককে ধৰি কেবাগৰাকী ব্যক্তি উপস্থিত থাকে।

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ বিষয়ববীয়াসকলে শিক্ষামন্ত্ৰীৰ কথা মানি লৈ পৰৱৰ্তী সময়ত সেইমতে কামত অগ্ৰসৰ হ’ব বুলি উল্লেখ কৰে।

শিক্ষামন্ত্ৰীয়ে আজিৰ সভাত স্পষ্টকৈ জনায় যে ভৱিষ্যতে চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰখন আবণ্টন পাবলৈ হ’লে সমিলমিলেৰে সন্মিলিতভাৱে গ্ৰন্থমেলা আয়োজন কৰিব লাগিব। শিক্ষামন্ত্ৰীৰ এই আহ্বানক অসম প্ৰকাশন পৰিষদৰ সচিব কলিতাই আদৰণি জনাইছে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd