• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এলাহাবাদ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ নাগৰিকত্বৰ গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2025 11:16 am
363
VIEWS
Share on FacebookShare on Twitter

ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁৰ ভাৰতীয় নাগৰিকত্বক প্ৰশ্ন কৰি বিজেপি নেতা ভিগনেশ শিশিৰে দাখিল কৰা গোচৰটো খাৰিজ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে। বিজেপি নেতাজনে দাবী কৰিছিল যে ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্ব আছে আৰু তেওঁৰ হাতত প্ৰমাণ আছে, কিন্তু গোপনীয়তাৰ কাৰণে সকলো তথ্য প্ৰকাশ কৰা নাছিল। আদালতে কেন্দ্ৰক ৫ মে’ ২০২৫ৰ ভিতৰত ব্ৰিটিছ চৰকাৰৰ পৰা তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল, কিন্তু কেন্দ্ৰই কোনো উত্তৰ দিব নোৱাৰিলে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে জনোৱা মতে, কেন্দ্ৰই এই বিষয়ত কি ব্যৱস্থা ল’ব পাৰে তাৰ কোনো নিশ্চয়তা নাই, সেয়ে গোচৰটো খাৰিজ কৰা হ’ল।

ভিগনেশ শিশিৰে আদালতত কৈছিল যে ৰাহুলৰ নাগৰিকত্বৰ তথ্যৰ বাবে তেওঁ ব্ৰিটিছ চৰকাৰৰ সৈতে যোগাযোগ কৰিছে আৰু এই বিষয়ত চিবিআই তদন্তৰ প্ৰয়োজন। তেওঁ দাবী কৰিছিল যে ৰাহুল যদি ব্ৰিটিছ নাগৰিক হয়, তেন্তে তেওঁ ভাৰতত নিৰ্বাচনত অংশ ল’ব পাৰে নে আৰু লোকসভাত বিৰোধী দলৰ নেতা হোৱাৰ অধিকাৰো হেৰুৱাব, কাৰণ ভাৰতীয় আইনত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। কেন্দ্ৰই জনাইছিল যে তেওঁলোকে ব্ৰিটিছ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে, কিন্তু উত্তৰ নোপোৱাৰ বাবে আদালতে আবেদন খাৰিজ কৰিলে। আদালতে লগতে  ভৱিষ্যতে আবেদনকাৰীয়ে আইনী পদক্ষেপ ল’বলৈ স্বাধীন বুলিও উল্লেখ কৰিছে।

উলেখ্য যে ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে দিল্লী উচ্চ ন্যায়ালয়ত দাবী কৰিছিল যে ২০০৫-২০০৬ চনত ব্ৰিটিছ কোম্পানী বেকপছ লিমিটেডৰ নথিত ৰাহুলে নিজকে ব্ৰিটিছ নাগৰিক বুলি উল্লেখ কৰিছিল। বিজেপি নেতাসকলে বাৰে বাৰে ৰাহুলক বিদেশী নাগৰিক বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি অহিছে আৰু তেওঁৰ মনোনয়ন নাকচ কৰাৰ দাবীও উত্থাপন কৰিছে। কিন্তু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সাম্প্ৰতিক সিদ্ধান্তই ৰাহুল গান্ধীক সকাহ প্ৰদান কৰিলে, যদিও ভৱিষ্যতে এই বিষয়ত নতুন গোচৰ উত্থাপনৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd