ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা জিলাবাসীক ৰক্ষা কৰিবলৈ আৰু জিলাখনৰ পাচলি খেতিয়কসকলক সকাহ দিয়াৰ লক্ষ্যৰে শিৱসাগৰ জিলা উপায়ুক্তই বহিঃ জিলাৰ পৰা পাচলি সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জিলাখলৈ বাহিৰৰ পৰা অহা পাচলি বিক্ৰীৰ অনুমতি দিয়াত খড়্গহস্ত হৈ পৰে উপায়ুক্ত লক্ষ্মীনন্দন গগৈ।
ঘটনা অনুসৰি আজি পুৱা AS 01 FC 5221 নম্বৰৰ ট্ৰাক যোগে প্ৰশাসনৰ অনুমতি অবিহনে খাৰুপেটীয়াৰ পৰা শিৱসাগৰৰ ধাইআলিৰ ৰচিদ ওৰফে মতলিব আহমেদ নামৰ এগৰাকী ব্যৱসায়ীয়ে ৪ টন পাচলি আনিছিল।
ৰাইজে পাচলিৰ গাড়ীখন জব্দ কৰি শিৱসাগৰ আৰক্ষীক চমজাই দিছিল, কিন্তু শিৱসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে প্ৰশাসন তথা যোগান বিভাগক এই সম্পৰ্কত কোনো কথা জানিবলৈ নিদি পূৰ্বৰ পৰা ঘনিষ্ঠতা থকা ব্যৱসায়ী মতলিব আহমেদক পাচলি বিক্ৰী কৰিবলৈ অনুমতি দিয়ে।
পিছত এই কথা জানিব পাৰি অঞ্চলটোৰ ৰাইজে বিষয়টো জিলা উপায়ুক্তক অৱগত কৰাত উপায়ুক্তই তৎকালীনভাৱে যোগান পৰিদৰ্শকক ঘটনাস্থলীলৈ প্ৰেৰণ কৰাত যোগান পৰিদৰ্শকে ট্ৰাকসহ ৪ টন পাচলি জব্দ কৰে।
ইফালে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে খোদ জিলা উপায়ুক্তৰ নিৰ্দেশনা অমান্য কৰি ঘনিষ্ঠ ব্যৱসায়ীক এনেদৰে ব্যৱসায় চলাবলৈ অনুমতি দিয়াত খড়্গহস্ত হৈ পৰি উপায়ুক্তই পাচলি সমূহ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে জব্দ কৰি বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে।