NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী April 16, 2020 9:03 pm

বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে ভাবুকি, ধন দাবী আৰু ল’কডাউন ভংগ কৰাৰ অভিযোগ। কোকিলা গাঁও পঞ্চায়তৰ সভাপতি আব্দুছ ছাত্তাৰে কোকিলা আৰক্ষী নিৰীক্ষণ চকীত নেতাজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

এজাহাৰত উল্লেখ কৰা মতে ল’কডাউনৰ সময়ত গাঁও পঞ্চায়তখনৰ ৰেচন কাৰ্ড নথকা দৰিদ্ৰ লোকক প্ৰদান কৰা এহাজাৰ টকা জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমৰাণ হুছেইন খান আৰু তেওঁৰ ভাতৃ নুৰ মহম্মদ খানে নিজৰ নামত বিচাৰি পঞ্চায়তৰ সভাপতি গৰাকীক ভাবুকি দিয়ে।

বুধবাৰে কোকিলা প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি পঞ্চায়তৰ সভাপতিজনে উক্ত দুই ভাতৃয়ে যোৱা কেইবাদিনৰ পৰা দুথীয়া ৰাইজৰ বাবে চৰকাৰে যোগান ধৰা ধন দাবী কৰি ভাবুকি দি আহিছে বুলি কয়।

সেয়ে বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল’বলৈ ঊৰ্ধ্বতন কতৃপক্ষৰ উচৰত তেওঁ আহ্বান জনায়।