DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নিবিদা নকৰাকৈ বিজেপি নেত্ৰীৰ ঘনিষ্ঠক শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰ গতোৱাৰ গুৰুতৰ অভিযোগ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 17, 2020 6:27 pm
4.4k
VIEWS
Share on FacebookShare on Twitter

বিজেপি নেত্ৰীৰ ঘনিষ্ঠক অবৈধভাৱে বজাৰ গতোৱাৰ অভিযোগ শিৱসাগৰ জিলা প্ৰশাসন আৰু পৌৰ প্ৰশাসনৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত সেনা আৰু আহোম সেনাই।

সংগঠন দুটাৰ অভিযোগ শিৱসাগৰ বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকোঁৱৰীৰ ঘনিষ্ঠ ব্যক্তিক নিবিদা অবিহনেই গতোৱা হৈছে কেন্দ্ৰীয় বজাৰ।

সংগঠন দুটাই কৰা অভিযোগ অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয় আৰু পৌৰ সঞ্চালকালয়ৰ নিৰ্দেশকো অংগুষ্ঠ প্ৰদৰ্শন কৰি শিৱসাগৰ জিলা প্ৰশাসন আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়াই  বিজেপিৰ শিৱসাগৰ জিলা সভানেত্ৰী সুৰভি ৰাজকোঁৱৰীক তুষ্টিকৰণৰ বাবেই এইদৰে অবৈধভাৱে শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰ গতাই দিছে বিজেপি নেত্ৰীৰ ঘনিষ্ঠক।

কেৱল বিজেপিৰ এগৰাকী নেত্ৰীক তুষ্টিকৰণ কৰিবলৈকে এইদৰে ন্যায়ালয়ৰ ৰায়কো অৱমাননা কৰি নিবিদা নকৰাকৈয়ে তেওঁৰ ঘনিষ্ঠ ব্যক্তিক কেন্দ্ৰীয় বজাৰ গতোৱা কাৰ্যত আজি বীৰ লাচিত সেনাই শিৱসাগৰ জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে অতিশীঘ্ৰে কেন্দ্ৰীয় বজাৰ আৰু ষ্ট্যেচন চাৰিআলি বজাৰৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনায়। অন্যথা তীব্ৰ প্ৰতিবাদ কৰা হ’ব বুলি সকিয়াই দিয়ে সংগঠন দুটাই।

উল্লেখ্য যে অসম চৰকাৰৰ Directorate of Municipal Administration ৰ কাৰ্যালয়ৰ পৰা ২৯ ফেব্ৰুৱাৰী ২০২০ তাৰিখে নং ডি এম এ ৪৯/২০০৫/পিটি আই/৪৫৫ পত্ৰ যোগে শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ নিবিদা প্ৰত্ৰিয়া তৎকালীনভাৱে আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু পৌৰ সঞ্চালকৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই পৌৰসভাৰ কাৰ্যবাহী বিষয়াই বৰ্তমানো নিবিদা প্ৰক্ৰিয়া আৰম্ভ নকৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনহাতে পৌৰ সঞ্চালকালয়ৰ নিবিদা আৰম্ভ কৰাৰ নিৰ্দেশনাৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পূৰ্বৰ লেচী জন। কিন্তু ন্যায়ালয়েও (কেচ নং wpc 2060/2020) গোচৰৰ ৰায়দান কৰি ২০ মাৰ্চ তাৰিখেই নিবিদা প্ৰক্ৰিয়া চলাই নিবলৈ পৌৰসভাক নিৰ্দেশ দিছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ ৰায়কো গুৰুত্ব প্ৰদান নকৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়া গৰাকীয়ে আজি পৰ্যন্ত আৰম্ভ নকৰিলে নিবিদা প্ৰক্ৰিয়া।

এনে সময়তেই শিৱসাগৰ জিলাৰ বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকোঁৱৰী ঘনিষ্ঠ তথা পূৰ্বৰ লেচীক বজাৰখনৰ ম্যাদ বৃদ্ধিৰ স্বাৰ্থত নিবিদা প্ৰক্ৰিয়া আৰম্ভ নকৰাৰ অভিযোগ কৰিছে সংগঠন দুটাই। ইয়াকেলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত।

Recent News

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd