• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিবিদা নকৰাকৈ বিজেপি নেত্ৰীৰ ঘনিষ্ঠক শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰ গতোৱাৰ গুৰুতৰ অভিযোগ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 17, 2020 6:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেত্ৰীৰ ঘনিষ্ঠক অবৈধভাৱে বজাৰ গতোৱাৰ অভিযোগ শিৱসাগৰ জিলা প্ৰশাসন আৰু পৌৰ প্ৰশাসনৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত সেনা আৰু আহোম সেনাই।

সংগঠন দুটাৰ অভিযোগ শিৱসাগৰ বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকোঁৱৰীৰ ঘনিষ্ঠ ব্যক্তিক নিবিদা অবিহনেই গতোৱা হৈছে কেন্দ্ৰীয় বজাৰ।

Apply Now

সংগঠন দুটাই কৰা অভিযোগ অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয় আৰু পৌৰ সঞ্চালকালয়ৰ নিৰ্দেশকো অংগুষ্ঠ প্ৰদৰ্শন কৰি শিৱসাগৰ জিলা প্ৰশাসন আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়াই  বিজেপিৰ শিৱসাগৰ জিলা সভানেত্ৰী সুৰভি ৰাজকোঁৱৰীক তুষ্টিকৰণৰ বাবেই এইদৰে অবৈধভাৱে শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰ গতাই দিছে বিজেপি নেত্ৰীৰ ঘনিষ্ঠক।

কেৱল বিজেপিৰ এগৰাকী নেত্ৰীক তুষ্টিকৰণ কৰিবলৈকে এইদৰে ন্যায়ালয়ৰ ৰায়কো অৱমাননা কৰি নিবিদা নকৰাকৈয়ে তেওঁৰ ঘনিষ্ঠ ব্যক্তিক কেন্দ্ৰীয় বজাৰ গতোৱা কাৰ্যত আজি বীৰ লাচিত সেনাই শিৱসাগৰ জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে অতিশীঘ্ৰে কেন্দ্ৰীয় বজাৰ আৰু ষ্ট্যেচন চাৰিআলি বজাৰৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনায়। অন্যথা তীব্ৰ প্ৰতিবাদ কৰা হ’ব বুলি সকিয়াই দিয়ে সংগঠন দুটাই।

উল্লেখ্য যে অসম চৰকাৰৰ Directorate of Municipal Administration ৰ কাৰ্যালয়ৰ পৰা ২৯ ফেব্ৰুৱাৰী ২০২০ তাৰিখে নং ডি এম এ ৪৯/২০০৫/পিটি আই/৪৫৫ পত্ৰ যোগে শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ নিবিদা প্ৰত্ৰিয়া তৎকালীনভাৱে আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু পৌৰ সঞ্চালকৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই পৌৰসভাৰ কাৰ্যবাহী বিষয়াই বৰ্তমানো নিবিদা প্ৰক্ৰিয়া আৰম্ভ নকৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনহাতে পৌৰ সঞ্চালকালয়ৰ নিবিদা আৰম্ভ কৰাৰ নিৰ্দেশনাৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পূৰ্বৰ লেচী জন। কিন্তু ন্যায়ালয়েও (কেচ নং wpc 2060/2020) গোচৰৰ ৰায়দান কৰি ২০ মাৰ্চ তাৰিখেই নিবিদা প্ৰক্ৰিয়া চলাই নিবলৈ পৌৰসভাক নিৰ্দেশ দিছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ ৰায়কো গুৰুত্ব প্ৰদান নকৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়া গৰাকীয়ে আজি পৰ্যন্ত আৰম্ভ নকৰিলে নিবিদা প্ৰক্ৰিয়া।

এনে সময়তেই শিৱসাগৰ জিলাৰ বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকোঁৱৰী ঘনিষ্ঠ তথা পূৰ্বৰ লেচীক বজাৰখনৰ ম্যাদ বৃদ্ধিৰ স্বাৰ্থত নিবিদা প্ৰক্ৰিয়া আৰম্ভ নকৰাৰ অভিযোগ কৰিছে সংগঠন দুটাই। ইয়াকেলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd