NORTHEAST NOW (Assamese)

মহাৰাষ্ট্ৰ আৰু দিল্লীত ঘাটি স্থাপন ১০ হাজাৰ পাকিস্তানীৰ! চৰকাৰী আদেশৰ পাছতে প্ৰকাশ বিস্ফোৰক তথ্য

April 27, 2025 4:35 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ সকলো প্ৰান্তৰ পৰা পাকিস্তানীক চিনাক্ত কৰি উভতাই পঠিয়াবলৈ নিৰ্দেশ দিছে গৃহমন্ত্ৰী অমিত শ্বাহে। তাৰ পাছত প্ৰতিখন ৰাজ্যতে পাকিস্তানী নাগৰিকক বিচাৰি উলিওৱা হৈছে। জনা যায় যে মহাৰাষ্ট্ৰত ৫ হাজাৰৰো অধিক পাকিস্তানী বাস কৰে। ৰাজধানী দিল্লীতো একে সংখ্যক পাকিস্তানী আছে।

পেহেলগাম আক্ৰমণৰ লগে লগে সকলো পাকিস্তানীক ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল। এনে পৰিস্থিতিত অমিত শ্বাহে শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক সকলো পাকিস্তানীক চিনাক্ত কৰি উভতাই পঠিয়াবলৈ নিৰ্দেশ দিয়ে। নতুন দিল্লীয়ে ঘোষণা কৰে যে অনাগত দিনত কোনো পাকিস্তানী নাগৰিকে ভাৰতলৈ ভিছা লাভ কৰিব নোৱাৰিব। আনকি ছাৰ্কৰ সদস্য দেশক দিয়া বিশেষ ‘SVES’ ভিছাও বাতিল কৰা হব। মেডিকেল ভিছা লৈ দেশত থকা পাকিস্তানী নাগৰিকেও ২৯ এপ্ৰিলৰ ভিতৰত দেশ এৰি যাব লাগিব।

অৱশ্যে প্ৰশ্ন উত্থাপন হয়, দীৰ্ঘম্যাদী ভিছা থকা পাকিস্তানী সকলৰ কি হ? নিয়ম অনুসৰি যদি কোনোবাই পাকিস্তানৰ পৰা বিবাহৰ মাধ্যমেৰে ভাৰতলৈ আহে তেন্তে তেওঁলোকক বিবেচনাৰ অন্তত প্ৰথমে পাঁচ বছৰৰ বাবে ‘এলটিভি দিয়া হয়। ইয়াৰ পাছত এবছৰ বা দুবছৰৰ ভিছা দিয়া হয়। সেই ভিছা নবীকৰণ কৰিবলৈ চোৰাংচোৱা সংস্থাসমূহে পাকিস্তানী নাগৰিকৰ গতিবিধিৰ বিষয়ে সচেতন হোৱাটো প্ৰয়োজন। আন বহুতে বিবাহৰ জৰিয়তে ভাৰতলৈ আহি পাকিস্তানী পাছপৰ্ট আত্মসমৰ্পণ কৰিছে। ফলত তেওঁলোকৰ ৰেকৰ্ডত এতিয়াও তেওঁলোক পাকিস্তানৰ নাগৰিক।

মহাৰাষ্ট্ৰৰ তথ্য অনুসৰি ৰাজ্যখনৰ বিভিন্ন চহৰত পাঁচ হাজাৰৰো অধিক পাকিস্তানী নাগৰিক আছে। সৰ্বাধিক সংখ্যক পাকিস্তানী ২৪৫৮ জন নাগপুৰত। এই ৫ হাজাৰৰ ভিতৰত কমেও ১০০০ পাকিস্তানী হ্ৰস্বম্যাদী ভিছা লৈ আহিছিল। বাকী সকলোৱে দীৰ্ঘম্যাদী ভিছাত ভাৰতত আছে। আনহাতে দিল্লীত পাঁচ হাজাৰ পাকিস্তানী আছে। প্ৰশ্ন উত্থাপন হয়, এই বৃহৎ সংখ্যক পাকিস্তানী দেশলৈ উভতি যাবনে? সময়সীমাৰ পাছত ভাৰতত থকাসকলৰ বিৰুদ্ধে কেন্দ্রই শাস্তিমূলক ব্যৱস্থা লবনে?

Related News