NORTHEAST NOW (Assamese)

অসমীয়া জাতিৰ মাটি-ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে খানাপাৰাত ৰাষ্ট্রীয় পতাকা উত্তোলন সোণোৱালৰ

August 15, 2019 11:05 am · কল্পজ্যোতি শইকীয়া
ফটো নৰ্থ-ইষ্ট নাও

দেশৰ লগতে ৰাজ্যতো আজি পালন কৰা হয় ৭৩তম স্বাধীনতা দিৱস। খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাবে অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে।

নিজ ভাষণত মুখ্য মন্ত্ৰীয়ে মহাত্মা গান্ধীৰ লগতে দেশ তথা ৰাজ্যৰ সকলো স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ উপৰি তেওঁ ৰাষ্ট্ৰৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণ দিয়া মনেশ্বৰ বসুমতাৰী, ভাস্কৰ কলিতা, বিপুল বৰা, বিশ্বজিত চৌহান, নিৰজ ছেত্ৰী, নিৰোদ শৰ্মা, কালিদাস শৰ্মা আৰু সুনীল কলিতালৈ জনাই গভীৰ শ্ৰদ্ধাঞ্জলি।

আজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ লৈ মুখ্য মন্ত্ৰীয়ে ৰাজ্যবাসীৰ উদ্দেশ্য একাধিক প্ৰতিশ্ৰুতি প্ৰদান কৰে

  • ইতিমধ্যে চৰকাৰে ৰাজ্যৰ ভূমিহীন পৰিয়াল আৰু ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ পত্তা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। চলিত বৰ্ষত ১ লাখ ভূমিহীন পৰিয়ালক মাটিৰ পত্তা প্ৰদান কৰা হ’ব।
  • কৰিমগঞ্জত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় মুকলি কৰাৰ লগতে নতুনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত। কোকৰাঝাৰ জিলাতো স্থাপন কৰা হ’ব চিকিৎসা মহাবিদ্যালয়।
  • শিলচৰত স্বামী বিবেকানন্দৰ নামেৰে আন্তৰ্জাতিক যুৱ কেন্দ্ৰ, ডিমা হাছাওৰ উমৰাংচুত আনন্দৰাম বৰুৱাৰ নামেৰে অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ বাবে প্ৰতিষ্ঠা কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰশিক্ষণ কেন্দ্ৰ।
  •  বানত প্ৰাণ হেৰুৱাবলগীয়া হোৱা ব্যক্তিসকলৰ আত্মীয়ক ৪৮ ঘণ্টাৰ ভিতৰত এককালীন আৰ্থিক সাহায্য প্ৰদান।
  • ৰাজ্য চৰকাৰৰ পৰা সা-সুবিধা লাভ কৰা উদ্যোগসমূহত পৰিচালক পৰ্যায়ত ৮০ শতাংশ আৰু কৰ্মচাৰী পৰ্যায়ত ৯০ শতাংশ থলুৱাক নিযুক্তি দিয়াটো বাধ্যতামূলক কৰিবলৈ ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ বৃহত্তৰ অসমীয়া জাতিৰ মাটি-ভেটি অধিকাৰ সুৰক্ষিত কৰিবলৈ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি উল্লেখ কৰি কয়, ‘এন আৰ চি প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লে ৰাজ্যাবাসীয়ে এখন ঐতিহাসিক দস্তাবেজ লাভ কৰিব, য’ত এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় আৰু এজনো ভাৰতীয়ৰ নাম বাদ নপৰে’।

ইতিপূৰ্বে থকা জনজাতিসমূহৰ স্বাৰ্থ আৰু অধিকাৰ ব্যাহত নকৰাকৈ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই এই জনগোষ্ঠীসমূহৰ অধিকাৰ চিৰকাল সুৰক্ষিত কৰাৰ পথ প্ৰশস্ত কৰিছে বুলি তেওঁ উল্লেখ কৰে।

তদুপৰি অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে উচ্চস্তৰীয় কমিটি গঠনৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণৰ ভৱিষ্যত সুৰক্ষাৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিলে বুলি তেওঁ কয়।

সোণোৱালে আৰু কয়, ‘বিশ্ব বিনিয়োগ সন্মিলনৰ ফলশ্ৰুতিত ২০১৮ বৰ্ষৰ ফেব্ৰুৱাৰিৰ পৰা বৰ্তমানলৈকে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত ৫৩ হাজাৰ কোটিৰো অধিক টকাৰ বিনিয়োগৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে’।

ইয়াৰ উপৰি অসম দৰ্পণ আঁচনিৰ অধীনত সত্ৰ, নামঘৰ, দ’ল দেৱালয় আদিলৈ ২ লাখ টকাকৈ সাহায্য প্ৰদান কৰাৰ লগতে বানপানীৰ পৰা জীৱ-জন্তু ৰক্ষা পৰিবলৈ কাজিৰঙাত ৩৩ টা হাইলেণ্ড নিৰ্মান কৰা হৈছে বুলি কয় সোণোৱালে।

আজি স্বাধনীতা দিৱসৰ কাৰ্যসূচীত মুখ্য মন্ত্ৰীয়ে সংবিধানৰ পৰা কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ বাবে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনায়।

Related News