• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2026 2:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ইৰানৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিছে আমেৰিকাই। পশ্চিম এছিয়াত দায়িত্বপ্ৰাপ্ত আমেৰিকাৰ সেনাৰ চেণ্ট্ৰেল কমাণ্ডে দাবী কৰিছে যে তেওঁলোকে ইৰানৰ খাৰুৱা তেল কঢ়িওৱা পাঁচখন জাহাজত আক্ৰমণ চলাইছে। আমেৰিকাৰ সেনাই দাবী কৰা অনুসৰি এই পাঁচোখন জাহাজ সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে। অৱশ্যে ইৰানৰ তৰফৰ পৰা এই বিষয়ত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।

হৰমুজ প্ৰণালীৰ সমীপত ইৰান আৰু আমেৰিকাৰ মাজত হোৱা আক্ৰমণ আৰু প্ৰতি-আক্ৰমণৰ ফলত পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক ঘাটি লক্ষ্য কৰি বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমেৰিকাৰ সেনাই জানিবলৈ দিয়া মতে, তেহৰানে একেৰাহে দুদিন ধৰি আমেৰিকাৰ যুদ্ধজাহাজক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। অৱশ্যে এই আক্ৰমণত আমেৰিকাৰ জাহাজসমূহৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই। ইৰানৰ এই বিফল আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হৈছে বুলি আমেৰিকাৰ সেনাই স্পষ্ট কৰি দিছে। তেওঁলোকৰ অভিযোগ অনুসৰি ইৰানৰ ৰেভলিউশ্যনাৰী গাৰ্ড বাহিনী তেল সৰবৰাহৰ অবৈধ কাৰ্যৰ সৈতে জড়িত থকাৰ বাবেই এই পাঁচখন তেলবাহী জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱা হৈছে।

Apply Now

মূলতঃ ওমান উপসাগৰত আমেৰিকাৰ সেনাই ধাৰাবাহিকভাৱে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। তেওঁলোকে দাবী কৰা মতে, ওমান উপসাগৰত থকা এম টি কাভিজ, এম টি চাৰমিনাৰ, এম টি হৰাইজন আৰু এম টি ৰিস্কো নামৰ চাৰিখন তেলবাহী জাহাজক লক্ষ্য কৰি লোৱা হৈছিল। ইয়াৰ লগতে ইৰানৰ খাৰ্গ দ্বীপৰ সমীপত এম টি দৰিয়া নামৰ আন এখন জাহাজতো আক্ৰমণ চলোৱা হয়। আমেৰিকাৰ সেনাই দাবী কৰিছে যে তেওঁলোকে কোনো নাবিকৰ প্ৰাণহানি বিচৰা নাছিল। সেইবাবে আক্ৰমণৰ পূৰ্বেই জাহাজসমূহত থকা নাবিকসকলক নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ সতৰ্কবাণী প্ৰেৰণ কৰা হৈছিল। নাবিকসকলে টেংকাৰ এৰি যোৱাৰ ফলত জাহাজসমূহে নিজৰ স্থান সলনি কৰিব নোৱাৰিলে। এই আক্ৰমণৰ ভয়ংকৰ ছবি আমেৰিকাৰ সেনাই নিজৰ এক্স হেণ্ডেলত প্ৰকাশ কৰিছে।

আমেৰিকাৰ সেনাৰ অভিযোগ অনুসৰি, ইৰানৰ ৰেভলিউশ্যনাৰী গাৰ্ড বাহিনীয়ে এই তেল টেংকাৰসমূহক কেইবা হাজাৰ কোটি ডলাৰৰ এক গোপন নেটৱৰ্কৰ অংশ হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াৰ পৰা পোৱা ধনেৰে বাহিনীটোৱে নিজৰ আৰু পৰোক্ষ সমৰ্থকসকলৰ পুঁজি যোগান ধৰিছিল। আমেৰিকাৰ সেনাই দাবী কৰা মতে, এই আক্ৰমণ প্ৰতিহত কৰাৰ ক্ষমতা ইৰানৰ হাতত নাই। উল্লেখযোগ্য যে, মাত্ৰ তিনিদিন পূৰ্বেও আমেৰিকাৰ সেনাই ইৰানৰ আন তিনিখন তেলবাহী জাহাজত একেদৰেই আক্ৰমণ চলাইছিল।

আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইৰানেও জৰ্ডানত থকা আমেৰিকাৰ সামৰিক ঘাটি লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। অৱশ্যে জৰ্ডানে পাছত জানিবলৈ দিয়ে যে তেওঁলোকৰ আকাশী প্ৰতিৰক্ষা ব্যৱস্থাই ইৰানৰ এই আক্ৰমণ বিফল কৰিছে। কিন্তু ইৰানে স্পষ্ট কৰি দিছে যে তেওঁলোক নীৰৱে বহি নাথাকে। কুৱেইট আৰু বাহৰেইনতো আক্ৰমণ চলোৱাৰ হুংকাৰ দিছে তেহৰানে। ইয়াৰ উপৰিও কুৱেইট আৰু বাহৰেইনৰ বন্দৰত থকা আমেৰিকাৰ তেলবাহী জাহাজৰ নাবিকসকলক ইৰানৰ সেনাই কঠোৰ সকিয়নি প্ৰদান কৰিছে।

হৰমুজ প্ৰণালী দীৰ্ঘদিন ধৰি দুয়োখন দেশৰ বিবাদৰ মূল কেন্দ্ৰবিন্দু হৈ আছে। যোৱা ফেব্ৰুৱাৰী মাহত আমেৰিকা আৰু ইজৰাইলৰ যৌথ বাহিনীয়ে ইৰানত আক্ৰমণ চলাই দেশখনৰ সৰ্বোচ্চ নেতা আয়াতোল্লাহ আলী খামেনেইক হত্যা কৰিছিল। তাৰ পাছৰ পৰাই এই সংঘাত তীব্ৰতৰ হৈ পৰিছে। পশ্চিম এছিয়াৰ বিভিন্ন দেশত থকা আমেৰিকাৰ ঘাটিসমূহক ধাৰাবাহিকভাৱে লক্ষ্য কৰি লৈছে ইৰানে। হৰমুজ প্ৰণালীত একাধিক বাণিজ্যিক সামগ্ৰী কঢ়িওৱা জাহাজ আক্ৰমণৰ বলি হৈছে। আমেৰিকাৰ মূল লক্ষ্য হৈছে ইৰানক আৰ্থিক আৰু সামৰিকভাৱে ইমানেই দুৰ্বল কৰি তোলা যাতে তেওঁলোকে পুনৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰে। ইয়াৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰানৰ নেতৃত্ব সলনি কৰাৰো দাবী জনাইছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুয়োখন দেশৰ সংঘাত দূৰ কৰিবলৈ মধ্যস্থতাৰ প্ৰচেষ্টা চলি আছে যদিও যোৱা কেইদিনমান ধৰি হৰমুজৰ তীৰত পুনৰ নতুনকৈ উত্তেজনা বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd