• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’না মহামাৰীৰ মাজতে আমচাং অভয়াৰণ্যৰ শ শ পৰিয়ালক উচ্ছেদৰ প্ৰস্তুতি বন বিভাগৰ

১৫ দিনৰ ভিতৰত মাটি খালী কৰিবলৈ দেৱালত ওলমালে জাননী; দল-সংগঠনৰ ধিক্কাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 9, 2020 9:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউন আৰু ক’ৰ’না মহামাৰীৰ এই গভীৰ দুৰ্যোগৰ মাজতে গুৱাহাটীৰ আমচাং অভয়াৰণ্যত বসবাস কৰি অহা শ শ পৰিয়াললৈ বনবিভাগে উচ্ছেদৰ জাননী জাৰি কৰিছে।

কালি অৰ্থাৎ ৮ মে’ত গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰাধীকাৰী কাৰ্য্যালয়ে জাৰি কৰা জাননীত আমচাঙৰ বতাহঘূলি অঞ্চলত বসবাস কৰি অহা লোকসকলক ১৫ দিনৰ ভিতৰত বনাঞ্চলৰ মাটি মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

ইয়াৰ অন্যথা বন্যপ্ৰাণী আইন ২৭(৩) আৰু ২৯ ধাৰা ভংগ কৰাৰ অপৰাধত তেওঁলোকৰ সমূহ সম্পত্তি জব্দ কৰা হ’ব বুলি জাননীত প্ৰকাশ।

লকডাউন চলি থকাৰ মাজতে চৰকাৰ, প্ৰশাসনৰ এই সিদ্ধান্ত কিমান দূৰ যুক্তিসংগত সেয়া বিচাৰযোগ্য।

এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা বন বিষয়া জীতেন্দ্ৰ কুমাৰৰ সৈতে যোগাযোগ কৰাত তেওঁ ‘ন্যায়ালয়ৰ নিৰ্দেশনা ভংগ কৰি থকাকলৰ গৃহ উচ্ছেদ কৰা হ’ব’ বুলি মন্তব্য কৰে।

বন বিভাগৰ জাননী

উচ্ছে্দ কৰাৰ পূৰ্বে লোকসকলক সংস্থাপনৰ কিবা বিকল্প চৰকাৰে গ্ৰহণ কৰিছে নেকি বুলি আমাৰ সাংবাদিকে সোধাত তেওঁ কয়, ‘ৰখাৰ ব্যৱস্থা কৰাটো মোৰ কৰ্তব্য নহয়। কোনোবাই আইন ভংগ কৰিব আমি তেওঁলোকক সুৰক্ষা দিম নেকি?‘

‘লকডাউন বা কোভিদ-১৯ৰ মাজত কিয় উচ্ছেদ চলাব লাগে বুলি কিছুসংখ্যকে প্ৰশ্ন কৰিছে যদিও আমি কৈছো যে লকডাউনৰ মাজত কিছুসংখ্যকে মনে মনে বসতি স্থাপন কৰিব পাৰে তেন্তে আমি উচ্ছেদ চলাব নোৱাৰো কিয়?’ তেওঁ লগতে কয়।

আনহাতে বন বিভাগৰ এই জাননীৰ পিছতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে উদ্বেগ প্ৰকাশ কৰাৰ লগতে লকডাউনৰ মাজতে বন বিভাগে লোৱা এই সিদ্ধান্তৰ সকলোৱে একেমুখে গৰিহণা দিয়ে।

নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত গগৈয়ে কয়, ‘লকডাউনৰ সময়ত এনেধৰণৰ জাননী প্ৰেৰণ কৰাটো অতি অন্যায় হৈছে। বন-বিভাগে এয়া অতি জঘন্য আৰু অমানৱীয় সিদ্ধান্ত লৈছে।‘

‘আমচাং অভয়াৰণ্যৰ সীমাই বৰ্তমানলৈকে ভালদৰে নিৰ্ধাৰিত হোৱা নাই। অভয়াৰণ্য সংৰক্ষণ কৰাটো চৰকাৰৰ দায়িত্ব আমিও সেইটো বিচাৰো কিন্তু অভয়াৰণ্যৰ ভিতৰত ডন বস্ক’ বিশ্ববিদ্যালয় নিৰ্মাণ কৰিবলৈ কেনেকৈ অনুমতি প্ৰদান কৰিলে?’ গগৈৰ প্ৰশ্ন।

উক্ত জাননী উঠাই ল’বলৈ বন বিভাগক দাবী জনায় গগৈয়ে লগতে কয়, ‘মানৱীয় দৃষ্টিকোণৰ পৰা বিষয়টো চাব লাগে, যিহেতু লকডাউনৰ ফলত মানুহৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এই সময়ত সম্পত্তি জব্দ বা উচ্ছেদটো সাংঘাটিক জঘন্য কাম হ’ব। বন বিভাগক বিষয়টো বিবেচনা কৰিবলৈ আহ্বান জনাইছো।‘

ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি কাশ্যপ চৌধুৰীয়ে ‘কিন্তু বিকল্প ব্যৱস্থা’ নৰখাকৈ প্ৰশাসনে গ্ৰহণ কৰা এই কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি এয়া এক অতি ভয়ংকৰ সিদ্ধান্ত বুলি মন্তব্য কৰে।

‘কোনো ভাষা নাই,, কিমান নিকৃষ্ট হ’লে চৰকাৰ এখনে এইটো কৰিব পাৰে সেয়া নিশ্চয় বোধগম্য। লোকসকলক সংস্থাপনৰ কোনো বিকল্প নাই। এফালে ঘৰত থকাৰ কথা কৈছে, আনফালে আকৌ গৃহহীন কৰিব বিচাৰিছে।’ তেওঁ কয়।

ক’ৰ’না মহামাৰীৰ সময়ত এইবোৰৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁ কয়, ‘পাছত যদি লাহে-ধীৰে উচ্ছেদ কৰে তেন্তে কোনো কথা নাই। এনে কিছুমান অঞ্চল আছে য’ত বহুবছৰ ধৰি গাৰো, বড়ো ইত্যাদি খিলঞ্জীয়া লোকসকলে বসবাস কৰি আহিছে।‘

চৌধুৰীৰ অভিযোগ ‘লকডাউনৰ মাজত মাটিৰ দালালৰ সহযোগত কিছুসংখ্যক লোক সোমাই বসতি স্থাপন কৰিছে। এইবোৰৰ লগত বনবিভাগ আৰু প্ৰশাসনৰ মানুহ জৰিত হৈ আছে।‘

আনহাতে, এই জাননীক গৰিহনা দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সহকাৰী সাধাৰণ সম্পাদক মুকুট ডেকাই কয়, ‘লকডাউনৰ ফলত সাধাৰণ কৃষক ৰাইজৰ মাজত যি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে তেনে সময়ত এই সিদ্ধান্ত লৈ কেৱল বন বিভাগেই নহয়, সমগ্ৰ ৰাজ্য চৰকাৰেই এক হথকাৰী আৰু অমানৱীয় সিদ্ধান্ত লৈছে।‘

‘বৰ্তমানলৈকে অভয়াৰণ্যৰ প্ৰকৃত সীমা নিৰ্ধাৰণ হোৱা নাই। তেনে ক্ষেত্ৰত চৰকাৰে ২০১৭-১৮ বৰ্ষতো খিলঞ্জীয়া লোকৰ বাসগৃহ উচ্ছেদ কৰি বৰ্বৰতাৰ পৰিচয় দিছিল।‘ ডেকাই কয়।

তেওঁ আৰু কয়, ‘যিসকল লোকে ৭৫ বছৰ ধৰি সেই অঞ্চলত বসবাস কৰি আহিছে সেইসকলে তাত বসবাস কৰাৰ অধিকাৰ লাভ কৰিব বুলি উচ্চ ন্যায়ালয়ে ৰায দিছে। আমচাং বনাঞ্চলৰ মাজতে কেইবাখনো ৰাজহ গাওঁ ইতিমধ্যে গঢ় লৈ উঠিছে। গতিকে এই সিদ্ধান্ত উঠাই ল’বলৈ বন বিভাগে পুনৰ বিবেচনা কৰিব লাগে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd