• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনৰ মাজতে মহানগৰবাসীক খেদি ফুৰিছে দুই ‘ক’ৰ আতংকই; কি এই দুই ক?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 1, 2020 8:19 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

ক’বলৈ গ’লে এতিয়া দুই ‘ক’ৰ আতংকই খেদি ফুৰিছে মহানগৰবাসীক। এফালে যদি সমগ্ৰ ৰাজ্যবাসীক মাৰাত্মক ক’ৰ’না ভাইৰাছে আতংকিত কৰি ৰাখিছে তাৰ সমান্তৰালকৈ বাৰিষাৰ কৃত্ৰিম বানপানীৰ কবলত পৰাৰ আশংকা মহানগৰবাসীৰ।

এজাক বৰষুণতে ভৰ্তি হয় মহানগৰীৰ নলা-নৰ্দমা সমূহ। যাৰ ফলত গেলা ভৰলুৰ বিষাক্ত পানীয়ে বুৰাই পেলাই ৰাজপথ, ঘৰ-দুৱাৰ। কৃত্ৰিম বানপানীয়ে যেন দিশহাৰা কৰি তোলে মহানগৰবাসীক।

ইপিনে, মহামাৰী ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ সমগ্ৰ দেশতে চলি আছে লকডাউন। যাৰ ফলত দেশৰ অৰ্থনীতিলৈ অশণি সংকেত অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বহু ক্ষুদ্ৰ ব্যৱসায়ী বা দৈনিক হাজিৰা কৰা লোক হতাশাৰ সন্মুখীন হৈছে। ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত বহু লোক এতিয়া কাৰ্য্যালয় বন্ধ হৈ থকাৰ বাবে লাভ কৰা নাই মাহেকীয়া দৰমহা। যাৰ বাবে দিশহাৰা হৈ পৰিছে বহু লোক। এনে এক পৰিস্থিতিৰ মাজত কৃত্ৰিম বানপানীৰ কবলত পৰিলে এইসকল লোক কেনে এক অৱস্থাৰ সন্মুখীন হ’ব সেয়া কল্পনাৰো অতীত।

তদুপৰি, দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন ঠাইৰ নলা-নৰ্দমাসমূহ চাফা নকৰাৰ অভিযোগ উত্থাপিত হৈছে। লেতেৰা জাবৰ জোথৰে ভৰি পৰিছে নলাসমূহ, বন্ধ হৈ পৰিছে পানীৰ চলাচল। এজাক মুখলধাৰ বৰষুণ দিলেই নলাৰ গেলা পানী মিশ্ৰিত হয় খোৱা পানীৰ টেংকিৰ লগত। যাৰ ফলত লেতেৰা তথা বিষাক্ত পানী সেৱন কৰিবলগীয়া হয় মহানগৰবাসীয়ে। ইয়াৰোপৰি নলাত পানী জমা হোৱাৰ ফলত মহৰ প্ৰকোপত থাকিব পৰা নাই মহানগৰবাসী।

ইপিনে, মহানগৰীৰ ডাউন-টাউনৰ কৃষ্ণকান্ত সন্দিকৈ উপপথৰ একেই দুৰৱস্থা। বাৰিষাৰ দিনকেইটা অনবৰতে পথৰ ওপৰত পানী জমা হৈ থকাৰ ফলত সৃষ্টি হয় যাতায়তৰ সমস্যা। গুৱাহাটী উন্নয়ন বিভাগে বানপানীৰ পৰা সকাহ দিবলৈ নলাসমূহ বহল কৰাৰ পৰিকল্পনা কৰিছিল যদিও লকডাউনৰ ফলত আধাতে সামৰিলে কাম-কাজ। নলাসমূহত পানী জমা হ’বলৈ আৰম্ভ কৰিছে, উন্মুক্ত হৈ থাকে নলাসমূহ, নাই কোনো ঢাকনি। যাৰ বাবে কৃত্ৰিম বানপানীৰ ফলত আন এক নতুন সমস্যাৰ সন্মুখীন হ’ব পাৰে পথচাৰী।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd