NORTHEAST NOW (Assamese)

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ; চৰকাৰ আৰু ন্যায়পালিকাৰ সংঘাতৰ মাজতে টুইট মোডীৰ

January 23, 2023 8:30 am · এন ই নাও নিউজ, নতুন দিল্লী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক প্ৰশংসা কৰিছে। মুখ্য ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ ৰায় আঞ্চলিক ভাষাত উপলব্ধ হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেই মন্তব্যৰ সমৰ্থন কৰি মোডীয়ে দেওবাৰে টুইট কৰে, “এই চিন্তা প্ৰশংসনীয়।”

কলেজিয়াম প্ৰণালী আৰু ন্যায়াধীশ নিযুক্তিক লৈ চৰকাৰ আৰু ন্যায়পালিকাৰ মাজত সংঘাত চলি আছে। যোৱা কেইমাহমান ধৰি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে শীৰ্ষ ন্যায়ালয়ৰ বিৰুদ্ধে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতাৰ অভাৱৰ অভিযোগ উত্থাপন কৰি আহিছে।

লগতে পঢ়ক: প্ৰতিটো ভোটৰ বাবদ ৬,০০০ টকা দিয়াৰ ঘোষণা; বিজেপি নেতাৰ মন্তব্যই জোকাৰিছে কৰ্ণাটক

আনহাতে, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে শেহতীয়াকৈ প্ৰশ্ন কৰিছিল যে মোডীৰ শাসনকালত কলেজিয়াম প্ৰণালী বাতিল কৰিবলৈ সংসদৰ দ্বাৰা গৃহীত হোৱা ৰাষ্ট্ৰীয় ন্যায়ধীশ নিযুক্তি আয়োগ (এনজেএচি) আইন উচ্চতম ন্যায়ালয়ে কিয় “অসাংবিধানিক” ঘোষণা কৰিলে। ন্যায়াধীশ নিযুক্তিক লৈ চৰকাৰ আৰু ন্যায়পালিকাৰ মাজত চলি থকা এই সংঘাতৰ মাজতে মোডীৰ মুখত মুখ্য ন্যায়াধীশৰ প্ৰশংসাই পৃথক মাত্ৰা প্ৰদান কৰিছে।

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শেহতীয়াকৈ এক অনুষ্ঠানত আঞ্চলিক ভাষাত উচ্চতম ন্যায়ালয়ৰ ৰায় পোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য ৰাখিছিল। তেওঁ এই উদ্দেশ্যৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ পৰামৰ্শ দিছিল। এই চিন্তাটো প্ৰশংসনীয়। ইয়াৰ ফলত বহুলোক, বিশেষকৈ যুৱ প্ৰজন্ম উপকৃত হ’ব।”

উল্লেখ্য যে যোৱা বছৰ অক্টোবৰত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক ভাষাত আইন লিখাৰ কথা কৈছিল। সেই সময়ত মোডীয়ে কৈছিল যে আইনৰ অস্পষ্টতাই জটিলতাৰ সৃষ্টি কৰে। নতুন আইন স্পষ্টভাৱে লিখা উচিত। যদি ইয়াক আঞ্চলিক ভাষাত লিখা হয়, দৰিদ্ৰ লোকসকলেও ইয়াক সহজে বুজিব পাৰিব। প্ৰধানমন্ত্ৰীয়ে দেশৰ নাগৰিকসকলৰ বাবে আইনী ভাষা কেতিয়াও বাধা হৈ পৰিব নালাগে বুলি মন্তব্য কৰিছিল।

লগতে পঢ়ক: উন্নয়নৰ ফোপোলা স্বৰূপ; পিঠিত কিতাপৰ বেগ লৈ বাঁহৰ সাঁকোৰে বিদ্যালয়লৈ কণকণ ছাত্ৰ-ছাত্ৰী

আনহাতে, যোৱা বছৰৰ মে মাহত প্ৰধানমন্ত্ৰীয়ে দেশৰ তদানীন্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ সৈতে এক অনুষ্ঠানতো বিষয়টোত আলোকপাত কৰিছিল। তেতিয়াৰ মুখ্য ন্যায়াধীশে কৈছিল, “এইটো এটা অতি গুৰুতৰ বিষয়… উচ্চ ন্যায়ালয়সমূহত আঞ্চলিক ভাষাৰ ব্যৱহাৰৰ ওপৰত বহুতো প্ৰতিবন্ধকতা আছে।”

Related News