NORTHEAST NOW (Assamese)

উদুলি মুদুলি পৰিবেশৰ মাজেৰে কৃষ্ণাইত সামৰণি পৰিল ইস্তেমাৰ

January 20, 2019 7:32 pm · নীলমণি শৰ্মা

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ খাৰিজা মানিকপুৰত যোৱা ১৮ জানুৱাৰিৰ পৰা অনুষ্ঠিত হোৱা ইস্তেমাৰ আজি অৰ্থাৎ দেওবাৰে সামৰণি পৰে।

বিগত দুটা দিন কেবালানি ধৰ্মসভা অনুষ্ঠিত হোৱা ইস্তেমাস্থলীত আজি পুৱাৰ ভাগত আয়োজন কৰা হয় আখেৰী দোৱা। আজিৰ আখেৰী দোৱাত সমবেত হোৱা হেজাৰ হেজাৰ ইছলামধৰ্মী লোকে বিশ্ব শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ পৰম সৃষ্টিকৰ্তাৰ ওচৰত দুহাত তুলি দোৱা মাগে।

উল্লেখযোগ্য যে ইস্তেমাৰ আজি সামৰণিৰ দিনা পুৱাৰ পৰা খাৰিজা মানিকপুৰৰ বিশাল কৃষিভূমিত অনুষ্ঠিত ইস্তেমাস্থলীত কেবা সহস্ৰাধিক লোকে ভিৰ কৰাত এক উদুলি মুদুলি পৰিবেশৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ সমগ্ৰ কৃষ্ণাই চহৰতে জনসমাগম বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

Related News