• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম বন্ধ নহয়, এইবাৰ স্তব্ধ হ’ব প্ৰশাসন

নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে আন্দোলনমুখী সদৌ অসম কৰ্মচাৰী পৰিষদ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 20, 2019 8:13 pm
assam

প্ৰতীকী ছবি।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক অসম আন্দোলনৰ সময়ত ‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ শ্ল’গানেৰে আন্দোলনত জঁপিয়াই পৰিছিল সদৌ অসম কৰ্মচাৰী পৰিষদ। যাৰ পৰিপ্ৰেক্ষিতত স্তব্ধ হৈ পৰিছিল ৰাজ্যৰ প্ৰশাসন। এই ঘটনাৰ পুনৰাবৃত্তিৰ দিশে আগবাঢ়িছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনো।

বিধেয়কখন বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতে আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে এইবাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদে। এই সিদ্ধান্ত অনুসৰি অহা ৩০ জানুৱাৰিত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে কৰ্মচাৰী পৰিষদে। গতিকে সেইদিনা ৰাজ্যৰ চৰকাৰী কাৰ্যালয় সমূহ অচল হৈ পৰাটো একপ্ৰকাৰ খাটাং হৈ পৰিছে।

Apply Now

দেওবাৰে বাক্সাৰ তামুলপুৰত অনুষ্ঠিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সভাত পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৩০ জানুৱাৰিত ৰাজ্যৰ সকলো জিলাধিপতি আৰু মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগণত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ পৰিষদে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব।

এই সন্দৰ্ভত কৰ্মচাৰী পৰিষদৰ প্ৰধান সম্পাদক ফকৰুদ্দিন আহমেদে কয়, ‘অসমীয়া জাতিৰ চূড়ান্ত ত্যাগৰ বিনিময়ত অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই অনুসৰিয়েই বিদেশীক ৰাজ্য তথা দেশৰ পৰা বহিষ্কৰণৰ সিদ্ধান্তক সৰ্বজনে স্বীকৃতি দিছিল। তেনেস্থলত হিন্দু বাংলাদেশীক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব বিচৰা কাৰ্য কেৱল অসম বিৰোধীয়েই নহয়, ই ভাৰতৰ সংবিধানৰ ব্যৱস্থাৱলীৰ পৰিপন্থী।’

কেৱল ইমানেই নহয়, কৰ্মচাৰী সকলক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিস্থিতিলৈ ঠেলি নিয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ‘দায়িত্বহীন চৰকাৰ’ বুলিও কৰ্মচাৰী পৰিষদে আখ্যা দিয়ে। লগতে ইয়াৰ ফলত হ’ব পৰা যিকোনো অশুভ পৰিস্থিতিৰ বাবে চৰকাৰেই দায়ী হ’ব বুলিও কৰ্মচাৰী পৰিষদে মন্তব্য কৰিছে।

একেদৰে অহা ২৩ জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰিবলগীয়া ‘বজ্ৰ নিনাদ’ কাৰ্যসূচীলৈও সদৌ অসম কৰ্মচাৰী পৰিষদে মুকলি সমৰ্থন আগবঢ়াব বুলি কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd