• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অমিত শ্বাহ-ৰাজনাথ সিঙৰ নেতৃত্বত অপাৰেচন সিন্দূৰ সন্দৰ্ভত সৰ্বদলীয় বৈঠক, মোদীৰ অনুপস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2025 1:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেহেলগাম আক্ৰমণৰ পাছত সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী উপস্থিত নাছিল। বৰঞ্চ চৰকাৰী কাৰ্যসূচীৰ প্ৰচাৰৰ বাবে বিহাৰলৈ গৈছিল।এইবাৰ অপাৰেচন সিন্দূৰত সেনাৰ অবিশ্বাস্য সফলতা লাভ কৰাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীৰ সন্মুখীন নহ’ল। অপাৰেচন সিন্দূৰ সন্দৰ্ভত কেন্দ্ৰই আহ্বান কৰা সৰ্বদলীয় বৈঠকত মোদী উপস্থিত নাছিল। যিটোক লৈ স্বাভাৱিকতে কংগ্ৰেছে পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।

অপাৰেচন সিন্দুৰৰ এদিন পাছতে চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰি বিৰোধীৰ আগত বিতং তথ্য দাখিল কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে এই সময়ত সমগ্ৰ দেশ একত্ৰিত হোৱাৰ বাৰ্তা দিয়াটো প্ৰয়োজনীয়। তাৎপৰ্যপূৰ্ণভাৱে, বৃহস্পতিবাৰে সংসদ ভৱনত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত বিৰোধী শিবিৰৰ বহু শীৰ্ষ নেতা উপস্থিত থাকি সেই ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত নাছিল।

Apply Now

আজিৰ বৈঠকত বিৰোধী দলসমূহৰ ভিতৰত আছিল লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে, তৃণমূল লোকসভাৰ নেতা সুদীপ বেনাৰ্জী, সমাজবাদী পাৰ্টিৰ শীৰ্ষ নেতা ৰামগোপাল যাদৱ, আপৰ সঞ্জয় সিং, শিৱসেনাৰ সঞ্জয় ৰাউত, এন চি পিৰ সুপ্ৰিয়া সুলে। আৰু কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাহিৰে প্ৰায় সকলো শীৰ্ষ মন্ত্ৰী উপস্থিত আছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত এই বৈঠক অনুষ্ঠিত হয়। গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা, আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণো উপস্থিত থাকে। সূত্ৰৰ পৰা জানিব পৰা মতে, গৃহমন্ত্ৰী শ্বাহে নিজেই অপাৰেচন সিন্দূৰৰ সকলো তথ্য বিৰোধীক দিছে। অৱশ্যে প্ৰধানমন্ত্ৰী উপস্থিত নাথাকিলেও ৰাজনাথ সিঙৰ জৰিয়তে তেওঁৰ বাৰ্তা প্ৰেৰণ কৰে। এই বৈঠকৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই বক্তব্য প্ৰদান কৰা বুলি সূত্ৰই দাবী কৰিছে। তদুপৰি বৈঠকৰ পূৰ্বে মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে বৈঠকত মিলিত হৈছে।

উল্লেখ্য যে, পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় ক্ষেপণাস্ত্ৰই মঙলবাৰে গভীৰ নিশা ‘অপাৰেচন সিন্দূৰ’ত পাকিস্তান আৰু পাকিস্তান দখলত থকা কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। এই আক্ৰমণত বাহাৱালপুৰৰ জয়ছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়, মুৰাক্কাৰ লস্কৰ-ই-তৈইবা আৰু হিজবুল মুজাহিদ্দীনৰ মুখ্য কাৰ্যালয় ধ্বংস হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই সমগ্ৰ অভিযানৰ তদাৰক কৰিছিল। বুধবাৰে বৈদেশিক সচিব আৰু সেনাবাহিনীয়ে এক সংবাদমেল অনুষ্ঠিত কৰি এই আক্ৰমণ সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে। ইয়াত কোৱা হৈছে যে পাকিস্তান আৰু পাকিস্তান দখল কৰা জম্মু-কাশ্মীৰৰ ৯টা স্থানত সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰা হৈছে। ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু নিৰ্দেশ দিয়া সকলো ঠাইতে ভাৰতে আঘাত কৰিছে। সেই আক্ৰমণৰ পিছত বিৰোধী শিবিৰে বিৰোধীক “আস্থা”লৈ লৈ যাবলৈ সৰ্বদলীয় বৈঠক আহ্বান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd