• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 19, 2021 8:31 am

2 min read

950658-740749-amou-haji

আমৌ হাজী।

27.9k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ আটাইতকৈ লেতেৰা ব্যক্তি? এনেধৰণৰ খিতাপ পোৱা বা দিয়াৰ কোনো খৱৰ শুনা নাযায়। কিন্তু এইবাৰ এনেকুৱা এজন আজৱ ব্যক্তিৰেই সন্ধান পোৱা গ’ল।

ইৰাণৰ এগৰাকী বৃদ্ধ আমৌ হাজীক বিশ্বৰ আটাইতকৈ লেতেৰা ব্যক্তি হিচাপে অভিহিত কৰা হৈছে। ৮৩বছৰীয়া বৃদ্ধগৰাকীৰ হিচাপ মতেই বিগত ৬৫বছৰ ধৰি তেওঁ গা ধুৱা নাই।

তেওঁ জানিবলৈ দিয়া মতে পানীলৈ তেওঁৰ বৰ ভয়। সেয়েহে ছটা দশক ধৰি তেওঁ গা ধুৱা নাই। তেওঁৰ ধাৰণা যে গা ধুলেই তেওঁ অসুস্থ হৈ পৰিব।

ইৰাণৰ মৰু অঞ্চলত অকলেই বাস কৰে আমৌ হাজী। এতিয়াও জীৱনৰ সন্ধানত দিন কটাইছে হাজীয়ে।

বনৰীয়া এন্দুৰৰ পচা মাংস খাই ভাল পায় তেওঁ। আমিষ খাদ্য তেওঁৰ পছন্দৰ যদিও ঘৰত ৰন্ধা ব্যঞ্জনত তেওঁৰ ৰুচি নাই।

ঘৰ বুলি ক’বলৈ তেওঁৰ একো নাই। গাঁওৰ বাহিৰত মাটিৰ তলত কোনো গাঁত এটাতেই তেওঁ বাস কৰে। গাঁওৰ লোকসকলে হাজীক এটা খেৰৰ ঘৰ সজাই দিছিল যদিও সেইটো তেওঁৰ পছন্দ নহ’ল।

বৃদ্ধ আমৌ হাজীৰ দাবী যে নিজকে লেতেৰা কৰি ৰাখিয়েই তেওঁ দীৰ্ঘজীৱী হৈছে।

আচৰিত কথাটো হ’ল, ইমান লেতেৰাকৈ থকাৰ পাছতো তেওঁৰ শৰীৰত কোনো সংক্ৰমণ নাই। প্ৰতিদিনে এটা জীৰ্ণ তেলৰ পাত্ৰৰে ৫লিটাৰ পানী খায় হাজীয়ে।

ছিগাৰেটৰ প্ৰতিও আসক্তি আছে তেওঁৰ। এইক্ষেত্ৰত তেওঁ একপ্ৰকাৰ অভিলেখো গঢ়িছে। গাঁওবাসীয়ে দিয়া ছিগাৰেট শেষ হৈ গ’লে জন্তুৰ শুকান বৰ্জনীয় পদাৰ্থকে জ্বলাই হুপে হাজীয়ে।

সংসাৰৰ সকলো সুখ পৰিহাৰ কৰি বাচি লোৱা এই জীৱনক লৈয়েই সুখী আমৌ হাজী। গাঁওবাসীৰ মতে কম বয়সতে আবেগপ্ৰৱণ হৈ পৰাৰ পাছত আমৌ হাজীয়ে এনে এটা জীৱন কটোৱাৰ সিদ্ধান্ত লৈছিল।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd