• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ‘হিন্দু সুৰক্ষা’ত দুঃস্বপ্ন হৈ হাজিৰ ডিটেনচন কেম্পৰ ‘অমৃত দাস’

বাঙালী সংগঠনৰ ক্ষোভৰ পিছত ডিটেনচন কেম্পত কৰুণ মৃত্যু সাৱটা ৭০ বছৰীয়া দাসৰ প্ৰসংগেৰে বিজেপিলৈ প্ৰশ্নবাণ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2019 9:20 pm
narendra modi Union Cabinet approves 5 pc hike in DA for central govt employees
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰাৰ ডিটেনচন কেম্পত কৰুণ মৃত্যু সাৱটা ৭০ বছৰীয়া বাঙালী “হিন্দু” অমৃত দাসৰ প্ৰসংগেৰে বিজেপিৰ “হিন্দু সুৰক্ষা”ত বৰ্ষিত হৈছে দুঃস্বপ্নসদৃশ প্ৰশ্নবাণ।

ৰাজ্যৰ বহুকেইটা বাঙালী সংগঠনৰ ক্ষোভৰ পিছত গেৰুৱা দলৰ “হিন্দু সুৰক্ষা”ৰ আশ্বাসত এইবাৰ প্ৰশ্ন তুলিছে বিৰোধী কংগ্ৰেছে।

Apply Now

অসম লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী ভোটগ্ৰহণলৈ আগবঢ়াৰ সময়তে হিন্দু বাঙালী ভোটৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল গেৰুৱা দলটোৰ সন্মুখত আহুকলীয়া প্ৰশ্নটো উত্থাপন কৰিছে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

“বিজেপিয়ে আজি ক’ব বিচাৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক হিন্দু লোকসকলৰ সুৰক্ষা। যদি হিন্দু লোকসকলৰ প্ৰতি তেওঁলোকৰ ইমান দায়বদ্ধতা আছিল, তেন্তে ডিটেনচন কেম্পত খাদ্যৰ অভাৱত, চিকিৎসাৰ অভাৱত অমৃত দাস নামৰ এজন ৭০ বছৰীয়া হিন্দু লোকৰ কেনেকৈ মৃত্যু হ’ল? বিজেপিয়ে ইয়াৰ উত্তৰ দিব পাৰিব?’’ কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই হাইলাকান্দিত শুকুৰবাৰে প্ৰশ্ন কুৰ্মীৰ।

চলিত লোকসভা নিৰ্বাচনত ভাৰতীয় গণ পৰিষদৰ বৰপেটাৰ প্ৰাৰ্থী তথা সদৌ অসম বাঙালী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক শান্তনু মুখাৰ্জীয়েও ঘটনাটোৰ বাবে বিজেপি চৰকাৰক জগৰীয়া কৰিছে।

“দুখীয়া মানুহজনৰ মৃত্যুৰ বাবে ৰাজ্য চৰকাৰে দায়িত্ব ল’বই লাগিব,” অসমৰ বাঙালী সংগঠনসমূহৰ সৰ্ববৃহৎ মঞ্চ বুফাৰো কৰ্ণধাৰ সদস্য মুখাৰ্জীৰ মন্তব্যৰ উদ্ধৃতি দ হিন্দু-ৰ।

বৰপেটাৰ পদপথত খাদ্যবস্তু বিক্ৰী জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ লোকজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰো দাবী তুলিছে বাঙালী সংগঠনসমূহে।

২০১৭ চনৰ ২০ মে’ত দাসক গোৱালপাৰাৰ ডিটেনচন কেম্পটোত বন্দী কৰা হৈছিল।

বাতৰি মতে চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে শ্বাসকষ্টত ভুগিছিল মৃত দাসে। কেম্পটোত উকা শীতল মজিয়াতে শুবলগীয়া হোৱাৰ বাবেই বৃদ্ধজন “হাপানী” ৰোগত আক্ৰান্ত হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছে।

পৰিয়ালৰ লোকৰ দাবী অনুসৰি মৃত দাসে ১৯৬১ চনৰে পৰা ভোটাধিকাৰ সাব্যস্ত কৰি আহিছিল।

অসমৰ ডিটেনচন কেম্পে মানৱ অধিকাৰ উলংঘা কৰাৰ অভিযোগেৰে সমাজকৰ্মী হৰ্ষ মান্দেৰে দাখিল কৰা লেখ আবেদন (Writ Petition (Civil) No. 1045/2018)ৰ শুনানি ভাৰতৰ উচ্চতম ন্যায়ালয়ত চলি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd