NORTHEAST NOW (Assamese)

মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ

November 28, 2022 8:23 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগৃহীত।

Boy Boy dies after chocolate gets stuck in the throat চকলেট খাই আঁকোৱালি ল’লে মৃত্যুক! এক মৰ্মান্তিক ঘটনা। বিদ্যালয়ৰ ভিতৰত ডিঙিত চকলেট লাগি ধৰাৰ ফলত এটি ৮ বছৰীয়া শিশুৰ মৃত্যু হয়। ঘটনাটো তেলেংগানাৰ ৱাৰাংগল চহৰত সংঘটিত হৈছে।

নাবালকগৰাকীৰ নাম সন্দীপ সিং। তেওঁ এখন ব্যক্তিগত বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আছিল। শিশুটিয়ে চকলেট খাবলৈ ভাল পাইছিল। তেওঁ প্ৰায়ে স্কুললৈ চকলেট আনিছিল।

লগতে পঢ়ক: বিজয় হাজাৰে ট্ৰফীত ৰিয়ান পৰাগৰ ১১৬ টা বলত ১৭৪ ৰাণৰ বিস্ফোৰক ইনিংছ; মুগ্ধ ক্ৰিকেট অনুৰাগী

পিতৃ কাংগাৰ সিঙে অলপতে অষ্ট্ৰেলিয়াৰ পৰা তেওঁৰ পুত্ৰৰ বাবে চকলেট আনিছিল। সন্দীপে শনিবাৰে চকলেট লৈ স্কুললৈ গৈছিল। ৰাতিপুৱা প্ৰায় ১০ বজাত, চকলেটটো খোৱাৰ সময়ত তেওঁৰ ডিঙিত লাগি ধৰিছিল।

সন্দীপে তেতিয়া শ্ৰেণীটোৰ ভিতৰতে জ্ঞান হেৰুৱাইছিল। চকুত পৰাৰ লগে লগে শিক্ষকজনে বিদ্যালয় কৰ্তৃপক্ষক ঘটনাটো অৱগত কৰে। তেওঁক ততাতৈয়াকৈ এখন চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। পৰিয়ালকো অৱগত কৰা হয়।

লগতে পঢ়ক: হত্যাৰ পিছত স্বামীৰ দেহ ২২ টুকুৰাকৈ কাটি নিশাৰ অন্ধকাৰত পেলাই দিছিল চহৰৰ বিভিন্ন প্ৰান্তত!

কিন্তু চিকিৎসালয়লৈ নিয়াৰ পিছত তাত থকা চিকিৎসকসকলে শিশুটিক মৃত বুলি ঘোষণা কৰে।

Related News