NORTHEAST NOW (Assamese)

অভিলেখ! ৫৭হাজাৰ টকাৰ কম্পিউটাৰ বিক্ৰী হ’ল প্ৰায় ১৩কোটি টকাত

February 14, 2021 1:58 pm · এন ই নাও নিউজ

প্ৰযুক্তিৰ জগতত অভিনৱ ঘটনা সংঘটিত হোৱাটো তেনেই স্বাভাৱিক। কিয়নো ইয়াত নিত্য নতুন আৱিষ্কাৰৰ কাহিনীও কোনো আচৰিত কথা নহয়।

এপ’লৰ প্ৰতিষ্ঠাপক ষ্টিভ জৱছে প্ৰস্তুত কৰা এটা কম্পিউটাৰৰ দাম আছিল ৫৬হাজাৰ টকা।

সেই কম্পিউটাৰটো এতিয়া ই-কমাৰ্ছ ৱেবছাইট ইবেত ১.৫মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ১৩ কোটি টকাত বিক্ৰী কৰা হৈছে।

প্ৰযুক্তি সম্পৰ্কীয় ৱেবছাইট গেজেট নাও ৱে এক প্ৰতিবেদনত জানিবলৈ দিয়ে যে বিক্ৰী হ’ব খোজা কম্পিউটাৰটোৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ সৈতে (১৯৭৬চনত) এপ’লৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ অ’জনিয়াকো জড়িত আছিল।

এই মডেলৰ কম্পিউটাৰেই গ্ৰাহকৰ ওচৰত বিক্ৰী হোৱা প্ৰথম এপ’লৰ সামগ্ৰী। ১৯৭৭চনত বিক্ৰী বন্ধ হোৱাৰ পূৰ্বে এপ’ল-১ কম্পিউটাৰটোৰ মাত্ৰ ২০০ য়ুনিট এপ’লে নিৰ্মাণ কৰিছিল।

সেই সময়ত ইয়াৰ দাম আছিল ৬৬৬.৬৬ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫৭হাজাৰ টকা।

ইবে জানিবলৈ দিয়ে যে এপ’ল-১ কম্পিউটাৰটোৰ ক্ৰেতাক মূল গৰাকীৰ মেনুৱেল, স্কিমাটিক্স, বেছিক মেনুৱেল, ক্যেছেট ইন্টাৰফেচ তথা গাইডৰ ডিজিটেল ফৰ্মেট দিয়া হ’ব।

Related News