২০২৫ চনৰ চেপ্টেম্বৰ মাহত নেপালত নৱপ্রজন্ম বা GenZৰ আন্দোলনে দীর্ঘদীনিয়া ক্ষোভৰ বহিঃপ্রকাশৰ ৰূপ লৈছিল। ক্ষমতাশালীৰ ক্ষমতাৰ অপব্যৱহাৰৰ বিৰুদ্ধে সৰৱ হৈ বহু যুৱক যুৱতী ৰাজপথলৈ ওলাই আহিছিল – দাবী আছিল অর্থনৈতিক উন্নয়ণ আৰু ৰাজনৈতিক দায়বদ্ধতাৰ। বহুমুখী সংকটৰ সন্মুখীন হোৱা দেশখনৰ শাসকশ্রেণীৰ পৰিয়ালৰ আভিজাত্যৰ বিৰুদ্ধেও মাত মাতিছিল এই প্রতিবাদকাৰীসকলে। প্রতিবাদ হিংসাত্মক হৈ যোৱাৰ ফলত প্রায় ৪৬জন প্রতিবাদকাৰী নিহত হয়। এই আন্দোলনৰ পিছতে এক অন্তর্ৱর্তীকালীন চৰকাৰ গঠন কৰা হয় আৰ সদ্য অনুষ্ঠিত নির্বাচনত বলেন্দ্র শ্বাহৰ নেতৃত্বত এক নতুন চৰকাৰ গঠন কৰা হয়।
দূর্নীতিৰ বিকল্পৰ প্রতিশ্রূতিত গঠিত নতুন চৰকাৰখনৰ পিছে এমাহ সম্পূর্ণ নহওঁতে, চৰকাৰখনে কিছু সমস্যাৰ সন্মুখীন হব লগা হয়। এফালে বলেন শ্বাহৰ চৰকাৰে ভালে কেইটামান নতুন সংস্কাৰ কার্য্যকৰী কৰাৰ চেষ্টা কৰি আছে। সামাজিক মাধ্যমত তেওঁৰ এনে চমকপ্রদ প্রচেষ্টাবোৰে যথেষ্ট প্রশংসা আৰু প্রচাৰ লাভ কৰিছে। আনহাতে শ্বাহৰ মন্ত্রীসভাৰ দুগৰাকীকৈ মন্ত্রী দূর্নীতিৰ অভিযোগত অভিযুক্ত হৈ নিজৰ পদৰ পৰা পদত্যাগ কৰিব লগা হয়। পিছে এই সমস্যাবোৰ এক গভীৰ গাঁথনিমূলক সংকটৰ প্রতিফলন হে। যেতিয়া কোনো নবীন, সংস্কাৰমুখী চৰকাৰ আগবাঢ়ি আহে আৰু পুৰণি ৰাজনৈতিক এলিটৰ বিপৰীতে নিজকে “নতুন ৰাজনীতি”ৰ প্ৰতিনিধি বুলি প্ৰতিষ্ঠা কৰে, তেতিয়া সেই চৰকাৰৰ ওপৰত আশা-প্ৰত্যাশাও বহুত বেছি হয়।
নেপালত বৰ্তমানৰ চৰকাৰটো এক গণআন্দোলন-প্ৰেৰিত আশা লৈ আহিছিল আৰু যুৱ শক্তিৰ উত্থান, দূৰ্নীতি-বিৰোধী ভাষ্য আৰু প্ৰচলিত ৰাজনৈতিক প্ৰণালীৰ প্ৰতি স্পষ্ট প্ৰত্যাখ্যান জনাইছিল। কিন্তু মাত্ৰ কিছুমান সপ্তাহৰ ভিতৰতে এই চৰকাৰখন এতিয়া পদত্যাগ, অনিয়মৰ অভিযোগ, নীতি-সম্পৰ্কীয় ভুল সিদ্ধান্ত আৰু জনতাৰ অসন্তোষৰ সন্মুখীন হব লগা হৈছে। এই পৰিস্থিতিটো কেৱল কিছুমান ব্যক্তিগত ব্যৰ্থতা বা অভিজ্ঞতাৰ অভাৱৰ ফল নহয়। ই এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰে—এখন অ-সংস্কাৰিত ৰাষ্ট্ৰীয় ব্যৱস্থাৰ ভিতৰত থাকি কেনেকৈ গভীৰ সংস্কাৰ সম্ভৱ? যদি প্ৰতিষ্ঠানসমূহৰ পাৰদৰ্শিতাৰ অভাৱ, পৃষ্ঠপোষকতা আৰু ৰাজনৈতিক বুজা বুজিৰ ওপৰত গঢ়ি উঠা, তেন্তে সেইবোৰৰ জৰিয়তে মৌলিক পৰিবৰ্তন সম্ভৱ হয়নে?
গৃহ মন্ত্ৰী সুধন গুৰুঙৰ পদত্যাগে এই সংকটক স্পষ্টটা প্রদান কৰিছে। সম্পত্তি ঘোষণা সম্পৰ্কে উঠা প্ৰশ্ন আৰু সম্ভাৱ্য বিত্তীয় সংযোগৰ অভিযোগৰ মাজতে তেওঁ পদত্যাগ কৰে। তেওঁ নিজৰ সিদ্ধান্তক নৈতিকতাৰ ভাষাৰে বৈধতা প্রদান কৰাৰ চেষ্টা কৰিছে—জনবিশ্বাস, দায়বদ্ধতা আৰু ৰাজনৈতিক সততাৰ কথা কৈছে। কিন্তু এই ঘটনাই দেখুৱাই দিলে যে নৈতিক ভাষ্য আৰু বাস্তৱ ৰাজনৈতিক প্ৰক্ৰিয়াৰ মাজত এটা গভীৰ ব্যৱধান ৰৈ গৈছে। যেতিয়া তদন্ত প্ৰক্ৰিয়াসমূহ নিজেই ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত নহয়, তেতিয়া দায়বদ্ধতাৰ দাবীটো সন্দেহৰ আওতালৈ আহে।
গুৰুঙৰ পদত্যাগৰ আগতে শ্ৰম মন্ত্ৰী দীপক কুমাৰ সাহকো নিজৰ পদৰ অপব্যৱহাৰৰ অভিযোগত অপসাৰণ কৰা হৈছিল। মাত্ৰ কেইসপ্তাহৰ ভিতৰতে দুজন মন্ত্ৰীৰ প্ৰস্থানেই চৰকাৰখনৰ বিশ্বাসযোগ্যতাক আঘাত কৰিছে। যি চৰকাৰখন স্বচ্ছতা আৰু জবাবদিহিতাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ আহিছিল, সেই চৰকাৰখনৰ ভিতৰতে যদি একে ধৰণৰ সমস্যা দেখা যায়, তেন্তে সেয়া কেৱল ব্যক্তিগত ত্ৰুটি নহয়, এটা ব্যৱস্থাগত সমস্যাৰ লক্ষণ।
নেপালৰ ৰাজনীতি বহুদিন ধৰি পৃষ্ঠপোষকতা-ভিত্তিক নেটৱৰ্কৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আহিছে, য’ত ৰাজনৈতিক সম্পদসমূহ প্ৰায়েই ব্যক্তিগত আৰু দলীয় সম্পৰ্কৰ জৰিয়তে বিতৰণ কৰা হয়। এই নতুন চৰকাৰখনেও এই ব্যৱস্থাৰ পৰা সম্পূৰ্ণ মুক্ত হ’ব পৰা নাই। আন্দোলনৰ পৰা অহা নেতাসকলে যেতিয়া ৰাষ্ট্ৰীয় প্ৰশাসনৰ ভিতৰত সোমায়, তেতিয়া তেওঁলোকে সেই একে প্ৰলোভন আৰু একে সীমাবদ্ধতাৰ সন্মুখীন হয়। ফলত নতুন ৰাজনীতিৰ ভাষ্যটো বাস্তৱত বহু সময়ত পুৰণি ধাৰণাৰে আৱদ্ধ হৈ পৰে। ইয়াৰ ওপৰিও বহু প্রচাৰিত নৱ প্রজন্মৰ আন্দোলনৰ দিক্ স্পষ্ট নাছিল। সেই আন্দোলনে দক্ষতা, স্বচ্ছতাৰ দাবী কৰিছিল কিন্তু কোনো বৈকল্পিক ৰাজনৈতিক সমাধান আগবঢ়াবলৈ সক্ষম হোৱা নাছিল।
একে সময়তে অৰ্থনৈতিক ক্ষেত্ৰতো চৰকাৰখন কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। ভাৰতৰ পৰা অহা সস্তীয়া সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্তই সীমান্ত অঞ্চলত বসবাস কৰা সাধাৰণ মানুহৰ মাজত অসন্তোষ সৃষ্টি কৰিছে। বহু মানুহে দৈনন্দিন জীৱনৰ বাবে এই সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰে। এই নীতিয়ে স্থানীয় উদ্যোগ সুৰক্ষাৰ কথা ক’লেও, বাস্তৱত ই দৰিদ্ৰ আৰু নিম্ন-মধ্যবিত্ত জনগোষ্ঠীৰ ওপৰত অধিক চাপ সৃষ্টি কৰিব। তাৰ ওপৰত ইন্ধনৰ মূল্য বৃদ্ধি, যি বিশ্ব পৰিস্থিতিৰ সৈতে জড়িত—ইয়াৰ প্ৰভাৱ সাধাৰণ নাগৰিকৰ জীৱনত তীব্ৰভাৱে অনুভৱ কৰা হৈছে। এই ধৰণৰ পৰিস্থিতিত, চৰকাৰৰ ওপৰত থকা আশা আৰু বাস্তৱ জীৱনৰ কষ্টৰ মাজৰ ব্যৱধান অধিক স্পষ্ট হৈ পৰে।
ছাত্ৰ ইউনিয়ন বিলুপ্ত কৰাৰ প্ৰস্তাৱেও আন এটা সংকট সৃষ্টি কৰিছে। নেপালত ছাত্ৰ সংগঠনসমূহ কেৱল শিক্ষাৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়, এই গোটবোৰে ৰাজনৈতিক অংশগ্ৰহণ আৰু জনমত গঢ়াৰ এক গুৰুত্বপূৰ্ণ মঞ্চ। এইবোৰ বিলুপ্ত কৰাৰ প্ৰচেষ্টা বহুজনৰ দৃষ্টিত গণতান্ত্ৰিক স্থান সংকোচনৰ দৰে দেখা গৈছে। যি চৰকাৰখন নিজেই গণআন্দোলনৰ ফল, সেই চৰকাৰখন যদি মতবিৰোধ আৰু প্ৰতিবাদক স্থান নিদিয়ে, তেন্তে তাৰ গণতান্ত্ৰিক বৈধতাই প্ৰশ্নৰ সন্মুখীন হয়।
ইয়াৰ মাজতেই ৰাষ্ট্ৰীয় সক্ষমতাৰ প্ৰশ্নটোও গুৰুত্বপূৰ্ণ। চৰকাৰখনৰ ১০০ দফা সংস্কাৰ পৰিকল্পনাই এক উচ্চাকাঙ্ক্ষী লক্ষ্য নিৰ্ধাৰণ কৰিছে, কিন্তু এই লক্ষ্যসমূহ কাৰ্যকৰী কৰিবলৈ প্ৰশাসনিক সক্ষমতা কিমানখিনি আছে? নেপালৰ আমোলাতন্ত্র বহু ক্ষেত্ৰতে ৰাজনৈতিক হস্তক্ষেপ, সমন্বয়ৰ অভাৱ আৰু পেছাদাৰী সীমাবদ্ধতাৰে আৱদ্ধ। এনে পৰিস্থিতিত বৃহৎ সংস্কাৰৰ কাৰ্যসূচীসমূহ বহু সময়ত ঘোষণা স্তৰতেই সীমাবদ্ধ থাকে।
বলেন্দ্ৰ শাহৰ নেতৃত্বে এক নতুন প্ৰজন্মৰ আশা প্ৰতিনিধিত্ব কৰে, কিন্তু এই প্ৰতীকী শক্তিৰো সীমা আছে। আন্দোলনৰ ভাষা আৰু শাসনৰ বাস্তৱতা একে নহয়। জনসমৰ্থন সংগ্ৰহ কৰাৰ দক্ষতা আৰু ৰাষ্ট্ৰ পৰিচালনা কৰাৰ দক্ষতাও ভিন্ন। এই পৰিৱৰ্তনৰ সময়ত যদি শক্তিশালী প্ৰতিষ্ঠান, সুসংগঠিত নীতি আৰু দৃঢ় প্ৰশাসনিক কাঠামো নাথাকে, তেন্তে একমাত্র ব্যক্তিগত নেতৃত্বৰ ওপৰত নিৰ্ভৰশীলতা যথেষ্ট নহয়।
এই সংকটটোৱে এটা স্পষ্ট কথা বুজাই দিছে যে গাঁথনিগত পৰিবৰ্তন নোহোৱাকৈ মৌলিক ৰূপান্তৰ সম্ভৱ নহয়। যদি প্ৰতিষ্ঠানসমূহৰ স্বায়ত্তশাসন শক্তিশালী কৰা নহয়, যদি পৃষ্ঠপোষকতা ভিত্তিক ৰাজনীতি শেষ কৰা নহয় আৰু যদি শাসন ব্যৱস্থাত পেছাদাৰীতা আৰু জবাবদিহিতা সুনিশ্চিত কৰা নহয়, তেন্তে যিকোনো সংস্কাৰমুখী চৰকাৰেই এই একে চক্ৰত আবদ্ধ হৈ থাকিব।





