• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

গুৱাহাটী মহানগৰৰ ভৱিষ্যৎ

আবু নাছাৰ চাঈদ আহমদ by আবু নাছাৰ চাঈদ আহমদ
August 2, 2022 3:20 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বেইক্সপীয়েৰে কৈছিল, “What is a city? It is all about people ”। গুৱাহাটীৰ বৰ্তমানৰ ৰেহৰূপ বিষয়ে লিখিবলৈ গ’লে
বিখ্যাত অর্থনীতিবিদ, দক্ষিণ আফ্ৰিকাত কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ প্রাক্তন উচ্চায়ুক্ত আৰু গান্ধীবাদী চিন্তাবিদ এল চি
জৈনৰ এখন বিখ্যাত কিতাপৰ কথা মনলৈ আহে। সেইখন হৈছে — A City of Hope: Faridabd (New Delhi:
concept,1998)। দেশ স্বাধীন হোৱাৰ সময়ত সাম্প্ৰদায়িক সংঘৰ্ষৰ কাৰণে পাকিস্তানৰ পৰা ঘৰবাৰী এৰি অহা লাখ
লাখ শৰণাৰ্থীক ভাৰতৰ বিভিন্ন ঠাইত চৰকাৰে সংস্থাপিত কৰিছিল। তাৰ ভিতৰত ফৰিদাবাদ আছিল অন্যতম।
এইসকল শৰণাৰ্থীয়ে চৰকাৰৰ কোনো সাহায্যৰ বাবে ৰৈ নাথাকি নিজে হাতে কামে লাগি ফৰিদাবাদক কিদৰে এখন
মনোৰম নগৰ কৰি তুলিলে তাৰে হৃদয় পৰশা দস্তাৱেজ এইখন কিতাপ। মই যিটো কথা আগত ৰাখি শ্বেইক্সপীয়েৰ
আৰু জৈনৰ কিতাপৰ কথা উল্লেখ কৰিছোঁ সেইটো হৈছে এখন নগৰ বা মহানগৰ তাৰ বাসিন্দাসকলেই গঢ়িব পাৰে
আৰু সেইদৰে ধ্বংসৰ মুখলৈ ঠেলি দিব পাৰে। গুৱাহাটীৰ ক্ষেত্ৰত মোৰ এই বক্তব্য একেবাৰে প্ৰাসংগিক বুলি দাবী
কৰিব পাৰোঁ আৰু ক’ব পাৰোঁ  যে গুৱাহাটীৰ কোনো উজ্জল ভৱিষ্যৎ আমাৰ জীৱন কালত দেখিবলৈ নাপাওঁ৷ কিয়?
তাকে এই চমু লেখাটোত উল্লেখ কৰিবলৈ বিচাৰিছোঁ।

এই নগৰখনৰ ভৱিষ্যৎ ১৯৫২ চনতে অন্ধকাৰলৈ ঠেলি দিয়া হৈছিল। সেই বছৰতে গুৱাহাটী পৌৰসভা কেইবাবছৰৰ
বিৰতিৰ পাছত নতুনকৈ গঠিত হৈছিল। পৌৰসভাৰ তিনিগৰাকী ৱাৰ্ড কমিছনাৰে ক্ৰমে ড” জগদীশ মেধি, দেবেন্দ্ৰনাথ
শৰ্মা আৰু আবুল খায়েৰ অসমৰ মুখ্য মন্ত্ৰী বিষ্ণুৰাম মেধিক সাক্ষাৎ কৰি অনুৰোধ কৰিলে যে ১৪ টা ৱাৰ্ডেৰে মাত্ৰ
৪২,৬১৫ জনসংখ্যাৰ গুৱাহাটীক এতিয়াই সুপৰিকল্পিতভাবে হয় নাৰেংগী নহয় জালুকবাৰীৰ পৰা গঢ়ি তুলিব লাগে।
তেতিয়া গুৱাহাটীৰ বিশাল অঞ্চলত এক-ছনীয়া মাটি পৰি আছিল। সেইখিনি অধিগ্ৰহণ কৰি নগৰ পৰিকল্পনাত
মনোনিৱেশ কৰিব লাগে। মুখ্য মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ আৱেদনত কোনো গুৰুত্ব নি ক’লে যে অসমৰ ৰাজধানী
শ্বিলঙত আছেই; গুৱাহাটীক সুপৰিকল্পিত উন্নত মহানগৰ কৰি তোলাৰ প্রয়োজন ক’ত? সঁজাতী দলে ক’লে যে
গুৱাহাটী উত্তৰ পূব অঞ্চলৰ দুৱাৰমুখ; গতিকে ইয়াৰ গুৰুত্ব অপৰিসীম। এই সকলোবিলাক যুক্তি নসাৎ কৰা হ’ল।
গুৱাহাটীক ভালদৰে গঢ়ি তোলাৰ আৰু এটা সুযোগ আহিছিল ১৯৭২ চনত, যেতিয়া অসমৰ ৰাজধানী গুৱাহাটীলৈ
স্থানান্তৰ কৰাৰ দিহা কৰা হ’ল। তেতিয়া গুৱাহাটীৰ জনসংখ্যা আছিল ১২৩,৭৮৩। তেতিয়া অসমৰ মুখ্য মন্ত্ৰী আছিল
শৰৎ চন্দ্ৰ সিংহ।

Apply Now

অসম চৰকাৰক অনুৰোধ কৰা হ’ল যে গুৱাহাটীক তেতিয়াও পৰিকল্পিতভাবে গঢ়ি তোলাটো সহজহৈ আছে। চৰকাৰে এইবিলাক সজ পৰামৰ্শক কোনো গুৰুত্ব নিদি শ্বিলঙৰ পৰা ৰাজধানী অপৰিকল্পিতভাবে আৰু ততাতৈয়াকৈ গুৱাহাটীলৈ  আনিলে। এচাম ঠিকাদাৰ, ভূ-মফিয়া, ৰাজনৈতিক ব্যক্তিয়ে মাটি দখল কৰি বা কম দামত কিনি নগৰখনৰ ভবিষ্যৎ ধ্বংস কৰিবলৈ ল’লে। ফলত প্রধান ৰাজপথৰ লগতে উপপথ বহল কৰাৰ উপায় নোহোৱা হ’ল। নলা-নৰ্দমা বনোৱাৰ কোনো ব্যৱস্থা কৰা নহ’ল, নগৰখনৰ বহুতো ঠাইত থকা বিল পুতি বৰষুণৰ পানী কেনিও ওলাই যাব নোৱাৰা
হ’ল। পূৰ্বতে বাৰিষা কালত যিবিলাক খালি ঠায়ে বাঢ়নি পানী ধৰি ৰাখিছিল তাত পাহাৰৰ মাটি কাটি আনি পুতি নতুন
বাসন্দাসকলে যধেমধে ঘৰ বনাবলৈ ধৰিলে। এতিয়া সেইবিলাক ঠাই বাৰিষাৰ সময়ত কৃত্ৰিম বানপানীয়ে বুৰাই পেলাই
কদৰ্যময়ী কৰি তোলে। সৌন্দৰ্যবৰ্দ্ধন কৰি ৰখা পাহাৰ বিলাক দখল কৰি সেইবিলাকতো ধ্বংস কাৰ্য অবাধে চলিবলৈ
ধৰিলে। ফলত অলপ দিনৰ ভিতৰতে গুৱাহাটীৰ দৰে প্রাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ নগৰখনৰ অৱস্থা কাহিল কৰি দিয়া
হ’ল। চৰকাৰ আৰু নতুনকৈ প্রতিষ্ঠা কৰা পৌৰনিগম নীৰৱ দৰ্শক হৈ ৰ’ল। আজিৰ গুৱাহাটীৰ দুৰাৱস্থাৰ বাবে চৰকাৰ,
পৌৰনিগম আৰু আপোন স্বাৰ্থত বিভোৰ ইয়াৰ অবিবেচক, অদূৰদৰ্শী বাসিন্দাক এই দুৰ্গতিৰ বাবে দ্বিধাহীনভাবে
জগৰীয়া কৰিব পাৰি। এইবিলাক কথা সন্নিবিষ্ট কৰি লিখা মোৰ এটা দীঘলীয়া প্রবন্ধ “নিৰাশা আৰু নৈৰাজ্য নগৰীঃ

গুৱাহাটী”ত (আমাৰ অসম, জুন ৯, ২০০০) কিছু পৰামৰ্শ দিয়া হৈছিল। সেইবিলাক অথলে গ’ল বুলিয়ে ধৰি লৈছোঁ৷
পৰিঙ্কাৰ-পৰিচ্ছন্নতা, সামাজিক প্রমূল্যক জাতিষ্কাৰ কৰি ৰখাটোৱে এখন নগৰৰ চৰিত্র গঢ়ি তোলে আৰু তাক
বাসোপযৌ কৰি তোলে। যোৱা জুনত হোৱা কৃত্ৰিম বানপানীৰ সময়ত নানা সমালোচনাৰ সন্মুখীন হৈ কৰ্তৃপক্ষই
ভালেমান ঠাইত নলা-নৰ্দমাত চাফাই কৰ্মী নমাই দিলে। কিছুমান ঠাইত এবুকু পানীত নামি তেওঁলোকে তাৰ পৰা
আৱৰ্জনা তোলা দেখাৰ দুৰ্ভাগ্য মোৰ হৈছিল। কুৰিখনকৈ ‘ছুপাৰ ছাকছাৰ’ আনি একোকে কৰিব নোৱাৰি চাফাই কৰ্মীক
নলা-নৰ্দমাত নমাই দিয়াটো কিমান দুৰ্ভাগ্যজনক কথা! নলাৰ পৰা উলিয়াই অনা আৱৰ্জনাত দেখিবলৈ পাইছিলোঁ
প্লাষ্টিকৰ অসংখ্য পেকেট, বটল, কাপ, গিলাচ, গুটখাৰ পেকেট যিবিলাকে নলাৰ পানী ওলাই যোৱাত বাধা প্রদান কৰে
আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। গুৱাহাটীবাসীয়েই এনেবিলাক সামগ্ৰী যথাস্থানত নেপেলাই নলাত পেলাই থকা
আমি দেখি আহিছোঁ৷ আৰু তাৰ প্রতিবাদ কৰিলে তেওঁলোকৰ আক্ৰমণাত্মক ভংগীও ৷ সেইদৰে একাংশ নাগৰিকে ঘৰৰ
জাৱৰ-জোঁথৰ ৰাস্তাতে পেলোৱাও নিতৌ দেখি আহিছোঁ, লগতে নিষ্কাষণ কৰা আৱৰ্জনা ৰাস্তাতে দ’মাই ৰাখি পৰিৱেশ
দুষিত কৰাটোও অন্য এক দুষ্কৰ্ম ৷ নলা-নৰ্দমাৰ পৰা জাৱৰ-জোঁথৰ নিষ্কাষণ কৰিবলৈ বুলি কেইবাকোটি টকা খৰচ কৰি
‘ছুপাৰ ছাকাৰ’ কেইবাখনো কিনা হ’ল। এইবিলাক কামত লগাব পৰা নগ’ল। শুনিবলৈ পালোঁ৷ যে এইবিলাক সুসজ্জিত
বাহন চলাবলৈ প্ৰশিক্ষণপ্ৰাপ্ত মানুহ নাই। তদুপৰি চলাবৰ বাবে লগা ধনো নাই। মুঠতে কোনোবা ক্ষমতাশালী নেতাৰ
স্বাৰ্থতে ‘ছুপাৰ ছাকাৰ’ কিনা হৈছিল বুলি ভাবিবলৈ স্থল থাকি গ’ল। গতিকে এই মহানগৰীখন কোনে বচাব পাৰিব? ই
ৰসাতলে যোৱাত দেখোন প্রায় সমগ্ৰ নগৰবাসীৰ লগতে কৰ্তৃত্বশীল মহলো অংশীদাৰ হৈ পৰিছে।

এই লেখাটোৰ আৰম্ভণিতে কোৱা হৈছে যে নগৰ এখনৰ পৰিচয়ৰে তাৰ নাগৰিকৰ পৰিচয় দিয়ে। দৰাচলতে গুৱাহাটীক
নিজৰ বুলি ভবা বাসিন্দা আছে জানো? হয়তো আছে। কিন্তু তেওঁলোকৰ নগণ্য উপস্থিতিয়ে ইয়াৰ ওপৰত প্রভাৱ
পেলাব নোৱাৰে। গুৱাহাটীক বাসিন্দাসকলে নিজৰ বুলি ভাবিবলৈ সজাগতাৰ আন্দোলন হ’ব লাগিব। নহ’লে এই
‘মহানগৰখন ক্ৰমাগতভাবে আৰু অধিক অ-বাসপোযোগী হৈ পৰিব। এই স্খলনৰ পৰা ইয়াক উদ্ধাৰ কৰিব পৰা নাযাব।
গুৱাহাটীক ভাৰতৰ পাঁচখন সৰ্বশ্ৰেষ্ঠ মহানগৰৰ ভিতৰত অন্যতম এখন কৰাৰ প্রতিশ্ৰুতি কেৱল প্রতিশ্ৰুতি হৈ থাকিব।
তাৰ বাবে কেৱল চৰকাৰক দোষ দি লাভ নাই। কাৰণ নতুনকৈ মুকলি কৰি দিয়া উৰণীয়া সেতু তামোল-গুটকাৰ
পিকেৰে বিভৎস কৰি তোলা নাগৰিকে গুৱাহাটীৰ মংগলৰ কথা ভাবিবলৈ আহৰি নাই।

সামৰণিত এটা কথাকে ক’বলৈ বিচাৰিছোঁ — আমাৰ সভ্যতা আৰু ভবিষ্যৎ প্রজন্মৰ বৰ্তমান আৰু ভৱিষ্যৎ আমাৰ
নিজৰ হাতত। গুৱাহাটীৰ বৰ্তমান আৰু ভবিষ্যৎ তাৰ ব্যতিক্ৰম হ’ব নোৱাৰে।
               লেখক এগৰাকী নিবন্ধকাৰ

 

আবু নাছাৰ চাঈদ আহমদ

আবু নাছাৰ চাঈদ আহমদ

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd