মই কটন কলেজৰ ছাত্ৰ! বোধহয় ১৯৭৮ চন। তেতিয়া কটনৰ ইংৰাজী বিভাগটো কলেজৰ পুথিভঁৰালটোৰ গাতে লাগি আছিল। অধ্যাপকসকল বহা ঠাইখিনিৰ আগৰফালে এখন পাৰ্টিচন আছিল। তেতিয়া অসমৰ চাৰিওফালে মাৰ্ক্সবাদী চিন্তাৰ ঢৌ। কিবা কাৰণত মই ইংৰাজী বিভাগৰ কোনোবা এজন অধ্যাপকক লগ কৰিবলৈ গৈছিলো। অধ্যাপকগৰাকীক লগ কৰাৰ আগতে সেই খোলা ঠাইখিনিত থিয় থাকোঁতে সিফালৰ পৰা অধ্যাপক ৰঞ্জিত দেৱগোস্বামীৰ কণ্ঠস্বৰ ভাঁহি আহিছিল। তেওঁ কোৱা দুষাৰ কথাই মোৰ মনত আছে— ইন্দিৰা কংগ্ৰেছ আৰু ৰাধা গোবিন্দ বৰুৱা। ইন্দিৰা কংগ্ৰেছ তেতিয়া এটা গালি আছিল। আনহাতে ৰাধা গোবিন্দ বৰুৱাক কোনো কোনোৱে অসমীয়া বুৰ্জোৱাৰ প্ৰতিনিধি বুলি কৈছিল।
বিধিৰ কি বিপাক! এই ৰাধা গোবিন্দ বৰুৱা সম্পৰ্কে আকৌ বিখ্যাত মাৰ্ক্সবাদী ঐতিহাসিক অমলেন্দু গুহই কি কৈছে চাওক: “মোৱামৰীয়া বিদ্ৰোহ সম্পৰ্কে মোৰ চিন্তা-চৰ্চাৰ সূত্ৰপাত অৱশ্যে ১৯৫০ চনৰ পৰাই ‘আসাম ট্ৰিবিউন’ পত্ৰিকাত প্ৰকাশিত এটি প্ৰবন্ধৰ যোগেদি। সেয়া প্ৰথম এই বিদ্ৰোহক শ্ৰেণী সংগ্ৰাম বুলি অভিহিত কৰা হৈছিল।… শাৰদীয় ছুটীত তেজপুৰৰ পৰা গুৱাহাটীলৈ আহিছিলোঁ আৰু ট্ৰিবিউনৰ অফিচলৈও গৈছিলোঁ এদিন। সম্পাদকৰ কোঠাৰ পৰা ওলাই আহি হাউলিৰ ভিতৰতে ৰাধাগোবিন্দ বৰুৱাকো লগ পাইছিলোঁ। আবেলিৰ চাহটোপা খাবলৈ তেওঁৰ ঘৰলৈকে মোক লৈ গৈছিল আৰু মোৰ প্ৰবন্ধটিৰ বাবে শলাগ জনাই প্ৰবন্ধ-পাতি পঠাই থাকিবলৈ মোক অনুৰোধ কৰিছিল।”(উৎস: বৈষ্ণৱবাদৰ পৰা মায়ামৰীয়া বিদ্ৰোহলৈ- ড° অমলেন্দু গুহ)
এই কথাখিনিৰ টিকা-টিপ্পনী ব্যাখ্যা অপ্ৰয়োজনীয়। ৰাধাগোবিন্দ বৰুৱাক কোনে কি আখ্যা দিছিল সেই বিষয়ে মই একো ক’বলৈ নাযাওঁ। কিন্তু ৰাধা গোবিন্দ বৰুৱা তেতিয়া এজন মহান অসমীয়া আছিল। তেওঁক মানুহে এনেয়ে ‘সিংহ পুৰুষ’ খিতাপ দিয়া নাছিল। সেই ৰাধাগোবিন্দ বৰুৱাৰে সুযোগ্য সন্তান আছিল প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু প্ৰদীপ বৰুৱা। তেওঁলোকৰ ডাঙৰজন ককায়েক তুলসী গোবিন্দ বৰুৱা কেইবা বছৰো আগতেই ঢুকাল।
এতিয়া সৌ সিদিনা প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যু হৈছিলহে, কালি সন্ধিয়া প্ৰদীপ বৰুৱাও গ’লগৈ। ট্ৰিবিউন গোষ্ঠী কেৱল অসমীয়া সাংবাদিকতা নহয়, সমসাময়িক অসমীয়া পৰিচয়ৰ লগত জড়িত হৈ থকা বুলি ক’লেও বঢ়াই কোৱা নহয়। ট্ৰিবিউন গোষ্ঠীৰ সীমাবদ্ধতাৰ আলোচনা বেলেগে হ’ব পাৰে। হোৱা উচিতো। কিন্তু ট্ৰিবিউনৰ অৱদান কি আছিল? ট্ৰিবিউনৰ অৱদান বুলিলে তাৰ দুটা দিশ— এটা ইংৰাজী আনটো অসমীয়া। ‘The Assam Tribune’-এ জন্মলগ্নৰে পৰা মোটামুটি এটা সুস্থ সাংবাদিকতাৰ পৰম্পৰা বজাই ৰাখিছিল। কাকতখনত আমি কেতিয়াও কোনো ধৰণৰ উগ্ৰতা দেখা নাছিলোঁ। আগতে কিবা এটা ঘটনা সম্পৰ্কে মানুহৰ মাজত কিবা সংশয় উপজিলে কোৱা বিখ্যাত উক্তিটো আছিল ‘এই বিষয়ে আছাম ট্ৰিবিউনে কি কৈছে চাই লওকচোন’। ইমানেই আছিল আছাম ট্ৰিবিউনৰ গ্ৰহণযোগ্যতা। আনকি যেতিয়া ‘দৈনিক অসম’ অসম আন্দোলনৰ মুখপত্ৰ হৈ পৰিছিল তেতিয়াও।
আনহাতে, ‘দৈনিক অসম’ আৰু ‘অসম বাণী’য়ে কেৱল অসমীয়া সাংবাদিকতাৰে যে পৰাকাষ্ঠা কৰিছিল সেইটো নহয়; এই দুয়োখন আছিল অসমীয়া ভাষাৰ অনুশীলনৰো মাধ্যম। আধুনিক অসমীয়া ভাষা, বিশেষকৈ অসমীয়া গদ্যৰ বিকাশত এই দুয়োখন কাকতৰ ভূমিকা কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। আধুনিক চলন্ত অসমীয়া কেনেকৈ লিখিব লাগে আমি এই দুখনৰ পৰাই শিকিছিলোঁ। তাৰ পিছত, জীৱনৰ শেষ বয়সত, ট্ৰিবিউন গোষ্ঠীৰ পৃষ্ঠপোষকতাত চন্দ্ৰপ্ৰসাদ শইকীয়াই ‘গৰীয়সী’ৰ যোগেদি কেইবা বছৰলৈ এসময়ৰ ‘প্ৰকাশ’ৰ গৌৰৱোজ্জ্বল পৰম্পৰা জীয়াই ৰাখিছিল।
প্ৰফুল্ল গোবিন্দ বৰুৱা বৰ জনা মানুহ আছিল। সাংবাদিকতা কি পেছা তেওঁ খুব ভালকৈ বুজি পাইছিল। তেওঁ কিন্তু সম্পূৰ্ণৰূপে প্ৰচাৰবিমুখ মানুহ আছিল। প্ৰফুল্ল গোবিন্দ বৰুৱা ‘অন্বেষা’ই গ্ৰন্থ প্ৰচাৰৰ বাবে লোৱা উদ্যোগটোৰ তাৎপৰ্য বুজি পোৱা ব্যক্তিসকলৰ মাজৰ এজন আছিল। তেওঁ মোক আৰু দুদুলমণিক বৰ ভাল পাইছিল। অন্বেষাই আয়োজন কৰা শিশু গ্ৰন্থ উৎসৱৰ প্ৰচাৰৰ বাবে তেওঁ সদায় বিনামূলীয়াকৈ ‘দ্য আছাম ট্ৰিব্ৰিউন আৰু ‘দৈনিক অসমত’ বিজ্ঞাপন প্ৰকাশ কৰিছিল। আমি তিনি দশক আগতে উলিওৱা ‘ডেউকা’ৰ তেখেত এজন শুভানুধ্যায়ী আছিল। দুখৰ বিষয় যে এই স্বাধীনচেতীয়া মানুহজন জীৱনৰ শেষৰ ফালে পৰিবৰ্তিত ৰাজনৈতিক পৰিস্থিতিত বৰ অসহায় হৈ পৰিছিল।
প্ৰদীপ বৰুৱাই অসমীয়া মানুহক এখন আলোচনী উলিয়াই দেখুৱালে—এখন বাণিজ্যিকভাৱে সফল আলোচনী। কথাটো কোৱা সহজ, কৰা টান। এই টান কামটো কৰি তেখেতে আমাক দেখুৱালে। ‘প্ৰান্তিক’ৰ প্ৰাণটোত আছিল ভৱেন্দ্ৰনাথ শইকীয়াৰ দৃষ্টি আৰু দৰ্শন। কিন্তু তাক জীপাল কৰি তুলিছিল প্ৰদীপ বৰুৱাইহে। কোনোবাই ভৱেন্দ্ৰনাথ শইকীয়াৰ দৃষ্টি আৰু দৰ্শন ভাল পাব পাৰে, কোনোবাই ভাল নাপাব পাৰে; কিন্তু কোনেও তাক অস্বীকাৰ আৰু অৱজ্ঞা কৰিব নোৱাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানেনে? ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যুৰ পিছতো কিন্তু প্ৰদীপ বৰুৱাই ‘প্ৰান্তিক’ক আগৰ ‘প্ৰান্তিক’কৰিয়ে ৰাখিছিল। এইটো কম ডাঙৰ কথা নাছিল।প্ৰদীপ বৰুৱা যেন সততা আৰু ভদ্ৰতাৰ এক মাপকাঠিহে আছিল। প্ৰদীপ বৰুৱাৰ লগত মোৰ ব্যক্তিগত সম্পৰ্কও বৰ আন্তৰিকতাপূৰ্ণ আছিল। প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু প্ৰদীপ বৰুৱা দুগৰাকী লেখত ল’বলগীয়া অসমীয়া আছিল। আহক, দুয়োগৰাকী ব্যক্তিৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধাঞ্জলী জনাওঁ।
https://youtu.be/Tu7aWRh4krw





