• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

প্ৰফুল্ল গোবিন্দ বৰুৱাৰ পাছতে প্ৰদীপ বৰুৱা! দুগৰাকী লেখত ল’বলগীয়া অসমীয়া গ’লগৈ!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
January 15, 2026 6:59 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মই কটন কলেজৰ ছাত্ৰ! বোধহয় ১৯৭৮ চন। তেতিয়া কটনৰ ইংৰাজী বিভাগটো কলেজৰ পুথিভঁৰালটোৰ গাতে লাগি আছিল। অধ্যাপকসকল বহা ঠাইখিনিৰ আগৰফালে এখন পাৰ্টিচন আছিল। তেতিয়া অসমৰ চাৰিওফালে মাৰ্ক্সবাদী চিন্তাৰ ঢৌ। কিবা কাৰণত মই ইংৰাজী বিভাগৰ কোনোবা এজন অধ্যাপকক লগ কৰিবলৈ গৈছিলো। অধ্যাপকগৰাকীক লগ কৰাৰ আগতে সেই খোলা ঠাইখিনিত থিয় থাকোঁতে সিফালৰ পৰা অধ্যাপক ৰঞ্জিত দেৱগোস্বামীৰ কণ্ঠস্বৰ ভাঁহি আহিছিল। তেওঁ কোৱা দুষাৰ কথাই মোৰ মনত আছে— ইন্দিৰা কংগ্ৰেছ আৰু ৰাধা গোবিন্দ বৰুৱা। ইন্দিৰা কংগ্ৰেছ তেতিয়া এটা গালি আছিল। আনহাতে ৰাধা গোবিন্দ বৰুৱাক কোনো কোনোৱে অসমীয়া বুৰ্জোৱাৰ প্ৰতিনিধি বুলি কৈছিল।

বিধিৰ কি বিপাক! এই ৰাধা গোবিন্দ বৰুৱা সম্পৰ্কে আকৌ বিখ্যাত মাৰ্ক্সবাদী ঐতিহাসিক অমলেন্দু গুহই কি কৈছে চাওক: “মোৱামৰীয়া বিদ্ৰোহ সম্পৰ্কে মোৰ চিন্তা-চৰ্চাৰ সূত্ৰপাত অৱশ্যে ১৯৫০ চনৰ পৰাই ‘আসাম ট্ৰিবিউন’ পত্ৰিকাত প্ৰকাশিত এটি প্ৰবন্ধৰ যোগেদি। সেয়া প্ৰথম এই বিদ্ৰোহক শ্ৰেণী সংগ্ৰাম বুলি অভিহিত কৰা হৈছিল।… শাৰদীয় ছুটীত তেজপুৰৰ পৰা গুৱাহাটীলৈ আহিছিলোঁ আৰু ট্ৰিবিউনৰ অফিচলৈও গৈছিলোঁ এদিন। সম্পাদকৰ কোঠাৰ পৰা ওলাই আহি হাউলিৰ ভিতৰতে ৰাধাগোবিন্দ বৰুৱাকো লগ পাইছিলোঁ। আবেলিৰ চাহটোপা খাবলৈ তেওঁৰ ঘৰলৈকে মোক লৈ গৈছিল আৰু মোৰ প্ৰবন্ধটিৰ বাবে শলাগ জনাই প্ৰবন্ধ-পাতি পঠাই থাকিবলৈ মোক অনুৰোধ কৰিছিল।”(উৎস: বৈষ্ণৱবাদৰ পৰা মায়ামৰীয়া বিদ্ৰোহলৈ- ড° অমলেন্দু গুহ)

Apply Now

এই কথাখিনিৰ টিকা-টিপ্পনী ব্যাখ্যা অপ্ৰয়োজনীয়। ৰাধাগোবিন্দ বৰুৱাক কোনে কি আখ্যা দিছিল সেই বিষয়ে মই একো ক’বলৈ নাযাওঁ। কিন্তু ৰাধা গোবিন্দ বৰুৱা তেতিয়া এজন মহান অসমীয়া আছিল। তেওঁক মানুহে এনেয়ে ‘সিংহ পুৰুষ’ খিতাপ দিয়া নাছিল। সেই ৰাধাগোবিন্দ বৰুৱাৰে সুযোগ্য সন্তান আছিল প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু প্ৰদীপ বৰুৱা। তেওঁলোকৰ ডাঙৰজন ককায়েক তুলসী গোবিন্দ বৰুৱা কেইবা বছৰো আগতেই ঢুকাল।

এতিয়া সৌ সিদিনা প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যু হৈছিলহে, কালি সন্ধিয়া প্ৰদীপ বৰুৱাও গ’লগৈ। ট্ৰিবিউন গোষ্ঠী কেৱল অসমীয়া সাংবাদিকতা নহয়, সমসাময়িক অসমীয়া পৰিচয়ৰ লগত জড়িত হৈ থকা বুলি ক’লেও বঢ়াই কোৱা নহয়। ট্ৰিবিউন গোষ্ঠীৰ সীমাবদ্ধতাৰ আলোচনা বেলেগে হ’ব পাৰে। হোৱা উচিতো। কিন্তু ট্ৰিবিউনৰ অৱদান কি আছিল? ট্ৰিবিউনৰ অৱদান বুলিলে তাৰ দুটা দিশ— এটা ইংৰাজী আনটো অসমীয়া। ‘The Assam Tribune’-এ জন্মলগ্নৰে পৰা মোটামুটি এটা সুস্থ সাংবাদিকতাৰ পৰম্পৰা বজাই ৰাখিছিল। কাকতখনত আমি কেতিয়াও কোনো ধৰণৰ উগ্ৰতা দেখা নাছিলোঁ। আগতে কিবা এটা ঘটনা সম্পৰ্কে মানুহৰ মাজত কিবা সংশয় উপজিলে কোৱা বিখ্যাত উক্তিটো আছিল ‘এই বিষয়ে আছাম ট্ৰিবিউনে কি কৈছে চাই লওকচোন’। ইমানেই আছিল আছাম ট্ৰিবিউনৰ গ্ৰহণযোগ্যতা। আনকি যেতিয়া ‘দৈনিক অসম’ অসম আন্দোলনৰ মুখপত্ৰ হৈ পৰিছিল তেতিয়াও।

আনহাতে, ‘দৈনিক অসম’ আৰু ‘অসম বাণী’য়ে কেৱল অসমীয়া সাংবাদিকতাৰে যে পৰাকাষ্ঠা কৰিছিল সেইটো নহয়; এই দুয়োখন আছিল অসমীয়া ভাষাৰ অনুশীলনৰো মাধ্যম। আধুনিক অসমীয়া ভাষা, বিশেষকৈ অসমীয়া গদ্যৰ বিকাশত এই দুয়োখন কাকতৰ ভূমিকা কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। আধুনিক চলন্ত অসমীয়া কেনেকৈ লিখিব লাগে আমি এই দুখনৰ পৰাই শিকিছিলোঁ। তাৰ পিছত, জীৱনৰ শেষ বয়সত, ট্ৰিবিউন গোষ্ঠীৰ পৃষ্ঠপোষকতাত চন্দ্ৰপ্ৰসাদ শইকীয়াই ‘গৰীয়সী’ৰ যোগেদি কেইবা বছৰলৈ এসময়ৰ ‘প্ৰকাশ’ৰ গৌৰৱোজ্জ্বল পৰম্পৰা জীয়াই ৰাখিছিল।

প্ৰফুল্ল গোবিন্দ বৰুৱা বৰ জনা মানুহ আছিল। সাংবাদিকতা কি পেছা তেওঁ খুব ভালকৈ বুজি পাইছিল। তেওঁ কিন্তু সম্পূৰ্ণৰূপে প্ৰচাৰবিমুখ মানুহ আছিল। প্ৰফুল্ল গোবিন্দ বৰুৱা ‘অন্বেষা’ই গ্ৰন্থ প্ৰচাৰৰ বাবে লোৱা উদ্যোগটোৰ তাৎপৰ্য বুজি পোৱা ব্যক্তিসকলৰ মাজৰ এজন আছিল। তেওঁ মোক আৰু দুদুলমণিক বৰ ভাল পাইছিল। অন্বেষাই আয়োজন কৰা শিশু গ্ৰন্থ উৎসৱৰ প্ৰচাৰৰ বাবে তেওঁ সদায় বিনামূলীয়াকৈ ‘দ্য আছাম ট্ৰিব্ৰিউন আৰু ‘দৈনিক অসমত’ বিজ্ঞাপন প্ৰকাশ কৰিছিল। আমি তিনি দশক আগতে উলিওৱা ‘ডেউকা’ৰ তেখেত এজন শুভানুধ্যায়ী আছিল। দুখৰ বিষয় যে এই স্বাধীনচেতীয়া মানুহজন জীৱনৰ শেষৰ ফালে পৰিবৰ্তিত ৰাজনৈতিক পৰিস্থিতিত বৰ অসহায় হৈ পৰিছিল।

প্ৰদীপ বৰুৱাই অসমীয়া মানুহক এখন আলোচনী উলিয়াই দেখুৱালে—এখন বাণিজ্যিকভাৱে সফল আলোচনী। কথাটো কোৱা সহজ, কৰা টান। এই টান কামটো কৰি তেখেতে আমাক দেখুৱালে। ‘প্ৰান্তিক’ৰ প্ৰাণটোত আছিল ভৱেন্দ্ৰনাথ শইকীয়াৰ দৃষ্টি আৰু দৰ্শন। কিন্তু তাক জীপাল কৰি তুলিছিল প্ৰদীপ বৰুৱাইহে। কোনোবাই ভৱেন্দ্ৰনাথ শইকীয়াৰ দৃষ্টি আৰু দৰ্শন ভাল পাব পাৰে, কোনোবাই ভাল নাপাব পাৰে; কিন্তু কোনেও তাক অস্বীকাৰ আৰু অৱজ্ঞা কৰিব নোৱাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানেনে? ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যুৰ পিছতো কিন্তু প্ৰদীপ বৰুৱাই ‘প্ৰান্তিক’ক আগৰ ‘প্ৰান্তিক’কৰিয়ে ৰাখিছিল। এইটো কম ডাঙৰ কথা নাছিল।প্ৰদীপ বৰুৱা যেন সততা আৰু ভদ্ৰতাৰ এক মাপকাঠিহে আছিল। প্ৰদীপ বৰুৱাৰ লগত মোৰ ব্যক্তিগত সম্পৰ্কও বৰ আন্তৰিকতাপূৰ্ণ আছিল। প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু প্ৰদীপ বৰুৱা দুগৰাকী লেখত ল’বলগীয়া অসমীয়া আছিল। আহক, দুয়োগৰাকী ব্যক্তিৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধাঞ্জলী জনাওঁ।

https://youtu.be/Tu7aWRh4krw

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd