তেতিয়া মই কটন কলেজৰ প্ৰাক-বিশ্ববিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। সেয়া আছিল ১৯৭৮ৰ চনৰ কথা। ‘সাম্প্ৰতিক সাময়িকী’ৰ ৰঙীন বেটুপাতৰ সংখ্যা এটা মই কিনিছিলোঁ। তাৰ কেন্দ্ৰীয় নিবন্ধটোৰ বিষয় আছিল ‘অসম সাহিত্য সভা কাৰ অনুষ্ঠান’। ‘সাম্প্ৰতিক সাময়িকী’ৰ সম্পাদক হিচাপে তেতিয়াই নিত্য বৰাৰ নামটো পাইছিলোঁ। তাৰ পিছত, গুৱাহাটীত ইফাল-সিফাল কৰোঁতে লতাশিল খেলপথাৰৰ পূবৰ ফালে ‘সাম্প্ৰতিক সাময়িকী’ৰ সৰু অফিচ এটা দেখাও মনত আছে। পিছলৈ নিত্যদাৰ মুখতে এদিন শুনিছিলোঁ কেনেকৈ সেই সময়ৰ চিকিৎসাবিজ্ঞানৰ দুই মেধাবী ছাত্ৰ ধ্ৰুৱজ্যোতি বৰা আৰু জয়ন্ত ৰংপিয় আক তাক সুধি ‘সাম্প্ৰতিক সাময়িকী’ৰ অফিচটো বিচাৰি উলিয়াইছিল। ‘সাম্প্ৰতিক সাময়িকী’এৰা-ধৰাকৈ ১৯৭৬ চনৰ পৰা ১৯৮৫লৈ প্ৰায় ন বছৰ ওলাইছিল। এই সময়ছোৱা অসমৰ ইতিহাসৰ কাৰণে এক গুৰুত্বপূৰ্ণ সময় আছিল।
দেশে স্বাধীনতা লাভ কৰাৰ তিনি দশকৰ পিছত, ভাৰতৰ, অসমৰ সমাজ জীৱনত আমি কি পৰিৱৰ্তন দেখা পাইছিলোঁ? ‘সাম্প্ৰতিক সাময়িকী’প্ৰকাশৰ পটভূমিটো কি আছিল? সেয়া আছিল জৰুৰীকালীন অৱস্থাৰ সময়। তাৰ আগেয়ে, ভাৰত-পাকিস্তান যুদ্ধৰ পিছত বাংলাদেশৰ জন্ম হৈছিল। পূৰ্ববংগৰ শৰণাৰ্থীৰ সমস্যাই দেশত হাহাকাৰৰ সৃষ্টি কৰিছিল। অৰ্থনৈতিক সমস্যা, বিশেষকৈ নিবনুৱা সমস্যাই দেশত ভয়াবহ অৱস্থাৰ সৃষ্টি কৰিছিল। পাকিস্তানক দুভাগ কৰি ইন্দিৰা গান্ধীয়ে এক বন্দিত নেত্ৰী হৈ পৰিছিল ঠিকেই, কিন্তু অৰ্থনৈতিক সমস্যাই, বিশেষকৈ খাদ্য সামগ্ৰীৰ নাটনি আৰু বেকাৰিত্বই দেশখনত এক অস্থিৰতাৰ জন্ম দিছিল। ৰেল ধৰ্মঘট, জয়প্ৰকাশ নাৰায়ণৰ আন্দোলনে দেশ উত্তাল কৰি তুলিছিল। জৰুৰীকালীন অৱস্থাত বাকস্বাধীনতাৰ প্ৰশ্নটো এটা জ্বলন্ত প্ৰশ্ন হিচাপে দেখা দিছিল। তেতিয়া অসমত কি হৈছিল? দেশৰ অৰ্থনৈতিক সংকটৰ প্ৰভাৱ অসমত বেছ ভালকৈয়ে পৰিছিল। অসমত ১৯৭৪ চনত হোৱা খাদ্য আন্দোলনৰ কথা কোনে নাজানে? অৰ্থনৈতিক সমস্যাত ৰাইজ জুৰুলা। বোধহয় অসমৰ সেই সময়ৰ আৰ্থ-ৰাজনৈতিক প্ৰশ্নবোৰে বামপন্থী দলসমূহৰ সাংগঠনিক কাম-কাজৰ প্ৰসাৰৰ কাৰণে এক অনুকূল পৰিৱেশ আনি দিছিল, বিশেষকৈ চি পি আই (এম) আৰু চি পি আই (এম এল)ৰ বাবে। অসমৰ এচাম অত্যন্ত মেধাবী যুৱকে (যুৱতীও আছিল যদিও সংখ্যাত তেনেই নগণ্য), নিজৰ ঘৰ-সংসাৰ আৰু সুনিশ্চিত উপাৰ্জনৰ পথ হেলাৰঙে বাদ দি দলীয় কামত আত্মনিয়োগ কৰিছিল। সৰ্বক্ষণৰ কৰ্মী হৈ পৰিছিল। সেই সময় কি প্ৰাণচঞ্চল সময় আছিল বামপন্থী আন্দোলনৰ বাবে! চি পি আইৰ সাংগঠনিক ভেটি আগতেই অসমৰ ভালেমান ঠাইত মজবুত আছিল।
বামপন্থী দলসমূহৰ সক্ৰিয়তাৰ প্ৰতিফলন আমি দেখা পাইছিলোঁ ১৯৭৮ চনত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ নিৰ্বাচনত। সেইবাৰ বিধানসভাত বামপন্থী দলসমূহৰ মুঠ ১৭ জন এম এল এ আছিল। এইটো আছিল ‘সাম্প্ৰতিক সাময়িকী’জন্মৰ সময়ৰ ৰাজনৈতিক আৰু সামাজিক পটভূমি। ‘সাম্প্ৰতিক সাময়িকী’আছিল সেই সময়ৰ, সেই যুগৰ প্ৰতিধ্বনি। কিন্তু এখন আলোচনীত এটা যুগৰ প্ৰকাশ আপোনা-আপুনি হ’ব নোৱাৰে। প্ৰকাশ কৰিবলৈ কোনোবা এজন আগবাঢ়ি আহিব লাগিব। জুই জ্বলো জ্বলো কৈ আঙঠা দগবগীয়া হৈ থাকিলেও জুই ফুওৱা কোনোবা এজন লাগিব। সেই মানুহজনেই আছিল এল আই চি অফিচত কাম কৰা নিত্য বৰা, আমাৰ চিনাকি নিত্যদা। তেওঁৰ লগত সহযোগ কৰিছিল জ্ঞান পূজাৰী, ডঃ হীৰেন গোহাঁই, পোলেন বৰকটকী,উদয়াদিত্য ভৰালী, বিশ্বজিৎ চক্ৰৱৰ্তী, পৰমানন্দ মজুমদাৰ আৰু অন্যান্যসকলে। ‘সাম্প্ৰতিক সাময়িকী’কোনো দলৰ মুখপত্ৰ নাছিল। কিন্তু ই আছিল মূলতঃ এখন বামপন্থী চিন্তা-চৰ্চাৰ মঞ্চ। আলোচনীখনৰ দুটা চৰিত্ৰ আছিল: তাত বিভিন্ন আৰ্থ-সামাজিক প্ৰশ্ন মাৰ্ক্সীয় চিন্তাৰ আলোকত আলোচনা কৰা হৈছিল, আৰু প্ৰতিটো সংখ্যাতে সাহিত্য, সংস্কৃতি বিষয়ক গল্প, কবিতা আৰু প্ৰবন্ধ প্ৰকাশ পাইছিল। সাহিত্যৰ ক্ষেত্ৰত সেই সময়টো আছিল পৰম্পৰাধৰ্মী সাহিত্যক সন্দেহ আৰু প্ৰশ্ন কৰাৰ সময়। প্ৰতিষ্ঠান বিৰোধী, বিকল্প সাহিত্যৰ ধ্যান-ধাৰণাই ‘সাম্প্ৰতিক সাময়িকী’ৰ পাতত ঠাই পাইছিল।
অসম আন্দোলনৰ উকমুকনি আৰু উত্তেজনাৰ পটভূমিও ‘সাম্প্ৰতিক সাময়িকী’ত ঠাই পাইছিল।শেষত অসম আন্দোলনেই আলোচনীখনৰ কাল হ’ল।সেই আৰ্থ-ৰাজনৈতিক পৰিস্থিতিয়ে মোট সলাই সলাই কেনেকৈ আজিৰ ৰাজনৈতিক সংস্কৰণৰ উদ্ভৱ হৈছে সেইটোও আমি দেখিছোঁ। সেইবোৰৰ আলোচনা পিছত।কিন্তু ‘সাম্প্ৰতিক সাময়িকী’সদায় নিত্যদাৰ কীৰ্তিস্তম্ভ হিচাপে জিলিকি থাকিব।আৰু এটা কথা। নিত্যদাৰ ‘প্ৰতিদিন’ৰ চিনাকিটো সকলোৱে জানে। কিন্তু নিত্যদা এসময়ত আমি—মানে গোহাঁই চাৰ, মই আৰু আন কেইগৰাকীমান ব্যক্তিয়ে লোৱা উদ্যোগ এটাৰ লগতো জড়িত হৈ আছিল। সেই উদ্যোগটো আমি লৈছিলোঁ ১৯৮৮-৯০ৰ সময়ছোৱাত। তাৰ নাম আছিল ‘অসম গণতান্ত্ৰিক নাগৰিক সংস্থা’। ইয়াৰ দ্বাৰা আমি মূলতঃ আলফাৰ নৈৰাজ্য, হিংসা আৰু স্বেচ্ছাচাৰী কাৰ্যকলাপৰ বিৰোধিতা কৰিছিলোঁ। আমি গুৱাহাটীৰ জিলা পুথিভঁৰালত এখন ডাঙৰ অভিৱৰ্তন পাতিছিলোঁ। আমাৰ প্ৰচেষ্টাটোৱে আলফাক তেওঁলোকৰ সমালোচনা শুনিবলৈ বাধ্য কৰাইছিল। আমি সজাগতামূলক সভা-সমিতি পতাৰ উপৰিও আলফাৰ গণকৰব আৰু সৈন্যবাহিনীৰ অত্যাচাৰৰ বিষয়ে চৰজমিন তদন্ত কৰি এটা প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ তিনচুকীয়াৰ চৰাইপুং আৰু লক্ষীপথাৰ অঞ্চললৈ গোহাঁই চাৰৰ নেতৃত্বত এটা অনুসন্ধানমূলক দল পঠিয়াইছিলোঁ। সেই দলটোত গোহাঁই চাৰৰ বাহিৰে থকা অন্যান্য সদস্যসকল আছিল প্ৰীতি বৰুৱা, মিনতি হাজৰিকা, প্ৰদীপ আচাৰ্য আৰু নিত্য বৰা। এই বিষয়ে গোহাঁই চাৰৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড ‘ইমান তিতা সাগৰৰ পানী’ত বিস্তৃতভাৱে উল্লেখ আছে।
সৌ সিদিনালৈকে মাজে মাজে নিত্যদাই দীঘলীয়াকৈ মোৰ লগত ফোনত কথা পাতিছিল!





