• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই হিংসাৰ অৰ্থ কি? উদাৰ ঐতিহ্যক গ্ৰাস কৰিছে নেকি দলীয় ৰাজনীতিয়ে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 2, 2026 1:08 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰি মে, ২০২৬ৰ নিৰ্বাচনী ফলাফলৰ পিছত পশ্চিম বংগত এক অস্থিৰ আৰু অশান্ত পৰিস্থিতি বিৰাজ কৰিছে। তৃণমূল কংগ্ৰেছৰ পৰাজয় সুনিশ্চিত হোৱাৰ পিছতে তৃণমূলৰ সমৰ্থকসকলৰ ওপৰত মাৰপিট, তেওঁলোকৰ সা-সম্পত্তিৰ লুটপাত আৰু ঘৰ জ্বলোৱা কাৰ্য আৰম্ভ হৈ যায়। এই হিংসাত এতিয়ালৈকে একাধিক ব্যক্তিৰ মৃত্যু হৈছে। তাৰ শেহতীয়া উদাহৰণ হ’ল তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা লোকসভাৰ সাংসদ অভিষেক বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ আন এগৰাকী নেতা তথা লোকসভাত দলটোৰ হুইপ কল্যাণ বেনাৰ্জীৰ ওপৰত চলোৱা শাৰীৰিক আক্ৰমণ।

প্ৰথমটো ঘটনা ৩০ মে’ৰ আৰু দ্বিতীয়টো ৩১ মে’ৰ। কিয় এনে হৈছে? নিৰ্বাচনী জালিয়াতি এটা কথা আৰু নিৰ্বাচন-পৰৱৰ্তী হিংসা আন এটা কথা। ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচন আয়োগ, চৰকাৰী যন্ত্ৰ, ধনবল আৰু জনবলেৰে নিৰ্বাচনী ফলাফল প্ৰভাৱিত কৰিবলৈ কি কি কৰি আছে, সেই বিষয়ে বিস্তাৰিত আলোচনা হৈছে।

Apply Now

কিন্তু পশ্চিম বংগত নিৰ্বাচন-পৰৱৰ্তী হিংসা বা ৰাজনৈতিক হিংসা আজিৰ কথা নহয়; ই বহু দশকৰ পৰা চলি অহা এটা পৰিঘটনা। বংগ ভংগ আন্দোলনৰ সময়ৰ পৰাই আমি পশ্চিম বংগৰ ৰাজনীতিত হিংসা দেখি আহিছোঁ। দেশ বিভাজনৰ সময়তো আমি বংগত এক নাৰকীয় সাম্প্ৰদায়িক হিংসা প্ৰত্যক্ষ কৰিছিলোঁ। স্বাধীনতাৰ পিছত নক্সালবাৰী আন্দোলনৰ সময়ত পুনৰ এই হিংসাৰ দাবানল পশ্চিম বংগত মূৰ দাঙি উঠিছিল। সামন্তবাদী শোষণৰ বিৰুদ্ধে নক্সাল নেতা চাৰু মজুমদাৰে ‘খতম লাইন’ লৈছিল।

কমিউনিষ্টসকলে জোতদাৰ, জমিদাৰক হত্যা কৰিছিল আৰু ৰাষ্ট্ৰই নিৰ্বিচাৰে নক্সাল আন্দোলনৰ লগত জড়িতসকলক হত্যা কৰিছিল আৰু তেওঁলোকৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলাইছিল। ষাঠীৰ দশকৰ মাজভাগত আৰম্ভ হোৱা এই হত্যা-হিংসাই সত্তৰ দশকৰ শেষৰ ফালে, বিশেষকৈ সিদ্ধাৰ্থ শংকৰ ৰায়ৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত চূড়ান্ত পৰ্যায় পাইছিল। দুয়ো পক্ষৰ হাজাৰ হাজাৰ লোকে এই হিংসাত মৃত্যুবৰণ কৰিছিল। পিছলৈ নক্সালসকল ইয়াৰ মূল লক্ষ্য হৈ পৰিছিল। কিমান প্ৰতিভা আৰু সম্ভাৱনা যে অকালতে মৰহি গৈছিল!

তাৰ পিছত চি পি আই (এম)ৰ শাসনকালত (১৯৭৭-২০১১) পশ্চিম বংগত ৰাজনৈতিক হিংসাক এক বিশৃংখল সংঘৰ্ষৰ পৰা দলৰ প্ৰতিষ্ঠানিক নিয়ন্ত্ৰণলৈ অনা হৈছিল। সংগঠন তৃণমূল পৰ্যায়ত এনেকৈ শিপাইছিল যে সাধাৰণ মানুহৰ জীৱিকা, ভূমি আৰু মৌলিক সম্পদৰ লাভালাভ সম্পূৰ্ণৰূপে দলীয় আনুগত্যৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল।

বহুতেই অভিযোগ কৰে যে “বৈজ্ঞানিক ৰিগিং” (scientific rigging)-ৰ দ্বাৰা তেওঁলোকে নিৰ্বাচনৰ কেইবামাহো পূৰ্বৰে পৰা পৰিকল্পিতভাৱে নীৰৱে নিৰ্বাচনী ফলাফল নিৰ্ণয় কৰাৰ ব্যৱস্থা কৰিছিল। যেতিয়াই তাৰ বিৰুদ্ধে কোনো প্ৰত্যাহ্বান আহিছিল, তেতিয়াই তাক সশস্ত্ৰ কৰ্মীবাহিনী আৰু আৰক্ষীৰ সহায়ত দমাই ৰখা হৈছিল। সমাজবিজ্ঞানীসকলৰ বহুতেই এই ক্ষেত্ৰত ১৯৭৯ চনৰ মৰীচঝাঁপি, ২০০০ চনৰ নানুড় আৰু ২০০৭ চনৰ নন্দীগ্ৰামত ঘটা ঘটনাৰ উদাহৰণ দিয়ে। ক্ষমতা দখলৰ পিছত, তৃণমূল কংগ্ৰেছেও ২০১১ চনৰ পৰা সেই একেই পথে অৱলম্বন কৰি আহিছিল।

বিজেপিতো অগণতান্ত্ৰিকভাৱে চিবিআই (CBI), ইডি (ED), পুলিচ প্ৰশাসন আৰু কাৰ্যতঃ অঘোষিত ৰাষ্ট্ৰপতি শাসনৰ দ্বাৰা ২০২৬ত তৃণমূল কংগ্ৰেছৰ পৰা শাসন দখল কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছিলেই। ই ১০০% শুদ্ধ। কিন্তু বিজেপি বা তৃণমূলক নিৰ্বাচনত সমৰ্থন কৰা-নকৰাত জনসাধাৰণৰ ভূমিকা কি আছিল? এই ক্ষেত্ৰত ভাৰতীয় প্ৰশাসনিক সেৱাৰ (IAS) এজন অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ আৰু বিশিষ্ট বুদ্ধিজীৱী জহৰ চৰকাৰে কোৱা কথাবোৰ গুৰুত্বপূৰ্ণ। তেওঁ কেন্দ্ৰীয় সংস্থাসমূহৰ হস্তক্ষেপ আৰু বিজেপিৰ ভূমিকাৰ ঘোৰ বিৰোধী; কিন্তু তেওঁ তৃণমূল কংগ্ৰেছৰো সমালোচক। তৃণমূলৰ অগণতান্ত্ৰিক আচৰণৰ বিৰোধিতা কৰিয়েই তেওঁ তৃণমূল সমৰ্থিত ৰাজ্যসভাৰ সাংসদ পদৰ পৰা ২০২৪ চনত পদত্যাগ কৰিছিল। তেওঁৰ মতামত হ’ল—বিজেপিৰ কূট-কৌশলৰ কথা ক’বই নালাগে, কিন্তু এইবাৰ স্বাভাৱিক পৰিস্থিতিত নিৰ্বাচন অনুষ্ঠিত হ’লেও তৃণমূল জিকাৰ সম্ভাৱনা কম আছিল।

তাৰ অৰ্থ এইটো নহয় যে নিৰ্বাচন-পৰৱৰ্তী হিংসা একোৱেই নহয়, বা আমি অভিষেক বেনাৰ্জী আৰু কল্যাণ বেনাৰ্জীৰ ওপৰত হোৱা জঘন্য আক্ৰমণৰ বিৰোধিতা নকৰিম—নিশ্চয় কৰিম। এতিয়ালৈকে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে এই আক্ৰমণৰ বিৰোধিতা নকৰাটো বা তাক গৰিহণা নিদিয়াটো নিঃসন্দেহে নিন্দনীয়। কিন্তু এই হিংসাক কেৱল সাধাৰণভাৱে বিজেপিৰ স্বৈৰতান্ত্ৰিক চৰিত্ৰৰ দৃষ্টিভংগীৰে ব্যাখ্যা কৰিলে ইয়াৰ ভুল মূল্যাংকন কৰা হ’ব। আমি পশ্চিম বংগৰ হিংসাৰ ৰাজনীতিৰ ইতিহাস আৰু তাৰ পটভূমি জানিব লাগিব, যাৰ সামান্য আভাস আমি ইতিমধ্যে দিবলৈ চেষ্টা কৰিছোঁ।

এতিয়া আমাৰ মাজত স্বাভাৱিকতে প্ৰশ্ন উঠিব—যি বংগভূমিত চৈতন্যদেৱ (১৪৮৬–১৫৩৪), ৰাজা ৰামমোহন ৰায় (১৭৭২–১৮৩৩), ৰামকৃষ্ণ পৰমহংস (১৮৩৬-১৮৮৬), স্বামী বিবেকানন্দ (১৮৬৩-১৯০২), ৰবীন্দ্রনাথ ঠাকুৰ (১৮৬১-১৯৪১), সত্যজিৎ ৰায় (১৯২১-১৯৯২) আৰু অমৰ্ত্য সেন (১৯৩৩-) লৈকে ৫০০ বছৰৰো অধিক কাল ধৰি এক গৌৰৱোজ্জ্বল ধৰ্মীয় সহনশীলতা, উদাৰ মানৱতাবাদী আৰু যুক্তিবাদী ঐতিহ্য চলি আহিছে, সেই বংগভূমিত কেনেকৈ এই সৰ্বনাশী হিংসাই খোপনি পুতিলে? মই ক’ম ইয়াৰ মূল কাৰণ হ’ল দলীয় ৰাজনীতি—পক্ষপাতমূলক দলীয় ৰাজনীতি। এইসকল মনীষীৰ চিন্তা-চেতনাই বংগীয় সভ্যতা আৰু সংস্কৃতিক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে। কিন্তু আধুনিক বাংলাত উদাৰ ৰাজনীতি নহয়, একদেশদৰ্শী দলীয় ৰাজনীতিয়ে সমাজ জীৱনক এনেদৰে গ্ৰাস কৰিছে যে তাত বিৰোধীৰ বা বিপক্ষৰ যেন কোনো স্থান নাই। ‘আমি শুদ্ধ, তুমি যদি আমাৰ লগত নাই তুমি অশুদ্ধ, সমাজত তোমাৰ কোনো স্থান নাই’—বোধহয় সামন্ততন্ত্ৰৰ গুৰুবাদী মনোভাবো ইয়াৰ বাবে দায়ী।

নাগৰিক সমাজে সমাজত এটা ‘নিৰপেক্ষ ক্ষেত্ৰ’ (Buffer zone) সৃষ্টি কৰে। ই হ’ল ভিন্ন ৰাজনৈতিক দৰ্শন আৰু মতাদৰ্শৰ মাজত অৱস্থিত এটা ‘নিৰপেক্ষ মধ্যৱৰ্তী অঞ্চল’। ইয়াৰ প্ৰধান ভূমিকা হৈছে গণতান্ত্ৰিক আৰু সাংবিধানিক প্ৰমূল্যক অগ্ৰাধিকাৰ দি, আইনৰ শাসনক ঊৰ্ধ্বত তুলি ধৰি পৃথক মতাদৰ্শৰ মাজত পাৰস্পৰিক বিৰোধ হ্ৰাস কৰা, প্ৰত্যক্ষ সংঘাত প্ৰতিৰোধ কৰা, অথবা সমাজত তীব্ৰ উগ্ৰতাৰ প্ৰভাৱ প্ৰশমিত কৰি এক প্ৰতিৰোধক (Buffer) হিচাপে কাম কৰা। পশ্চিম বংগত দলীয় ৰাজনীতিয়ে যেন নাগৰিক সমাজৰ এই ‘নিৰপেক্ষ ক্ষেত্ৰ’ সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলাইছে। আৰু তাৰেই ভয়াৱহ পৰিণতি হৈছে এই ৰাজনৈতিক জিঘাংসা।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd