চাৰি মে, ২০২৬ৰ নিৰ্বাচনী ফলাফলৰ পিছত পশ্চিম বংগত এক অস্থিৰ আৰু অশান্ত পৰিস্থিতি বিৰাজ কৰিছে। তৃণমূল কংগ্ৰেছৰ পৰাজয় সুনিশ্চিত হোৱাৰ পিছতে তৃণমূলৰ সমৰ্থকসকলৰ ওপৰত মাৰপিট, তেওঁলোকৰ সা-সম্পত্তিৰ লুটপাত আৰু ঘৰ জ্বলোৱা কাৰ্য আৰম্ভ হৈ যায়। এই হিংসাত এতিয়ালৈকে একাধিক ব্যক্তিৰ মৃত্যু হৈছে। তাৰ শেহতীয়া উদাহৰণ হ’ল তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা লোকসভাৰ সাংসদ অভিষেক বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ আন এগৰাকী নেতা তথা লোকসভাত দলটোৰ হুইপ কল্যাণ বেনাৰ্জীৰ ওপৰত চলোৱা শাৰীৰিক আক্ৰমণ।
প্ৰথমটো ঘটনা ৩০ মে’ৰ আৰু দ্বিতীয়টো ৩১ মে’ৰ। কিয় এনে হৈছে? নিৰ্বাচনী জালিয়াতি এটা কথা আৰু নিৰ্বাচন-পৰৱৰ্তী হিংসা আন এটা কথা। ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচন আয়োগ, চৰকাৰী যন্ত্ৰ, ধনবল আৰু জনবলেৰে নিৰ্বাচনী ফলাফল প্ৰভাৱিত কৰিবলৈ কি কি কৰি আছে, সেই বিষয়ে বিস্তাৰিত আলোচনা হৈছে।
কিন্তু পশ্চিম বংগত নিৰ্বাচন-পৰৱৰ্তী হিংসা বা ৰাজনৈতিক হিংসা আজিৰ কথা নহয়; ই বহু দশকৰ পৰা চলি অহা এটা পৰিঘটনা। বংগ ভংগ আন্দোলনৰ সময়ৰ পৰাই আমি পশ্চিম বংগৰ ৰাজনীতিত হিংসা দেখি আহিছোঁ। দেশ বিভাজনৰ সময়তো আমি বংগত এক নাৰকীয় সাম্প্ৰদায়িক হিংসা প্ৰত্যক্ষ কৰিছিলোঁ। স্বাধীনতাৰ পিছত নক্সালবাৰী আন্দোলনৰ সময়ত পুনৰ এই হিংসাৰ দাবানল পশ্চিম বংগত মূৰ দাঙি উঠিছিল। সামন্তবাদী শোষণৰ বিৰুদ্ধে নক্সাল নেতা চাৰু মজুমদাৰে ‘খতম লাইন’ লৈছিল।
কমিউনিষ্টসকলে জোতদাৰ, জমিদাৰক হত্যা কৰিছিল আৰু ৰাষ্ট্ৰই নিৰ্বিচাৰে নক্সাল আন্দোলনৰ লগত জড়িতসকলক হত্যা কৰিছিল আৰু তেওঁলোকৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলাইছিল। ষাঠীৰ দশকৰ মাজভাগত আৰম্ভ হোৱা এই হত্যা-হিংসাই সত্তৰ দশকৰ শেষৰ ফালে, বিশেষকৈ সিদ্ধাৰ্থ শংকৰ ৰায়ৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত চূড়ান্ত পৰ্যায় পাইছিল। দুয়ো পক্ষৰ হাজাৰ হাজাৰ লোকে এই হিংসাত মৃত্যুবৰণ কৰিছিল। পিছলৈ নক্সালসকল ইয়াৰ মূল লক্ষ্য হৈ পৰিছিল। কিমান প্ৰতিভা আৰু সম্ভাৱনা যে অকালতে মৰহি গৈছিল!
তাৰ পিছত চি পি আই (এম)ৰ শাসনকালত (১৯৭৭-২০১১) পশ্চিম বংগত ৰাজনৈতিক হিংসাক এক বিশৃংখল সংঘৰ্ষৰ পৰা দলৰ প্ৰতিষ্ঠানিক নিয়ন্ত্ৰণলৈ অনা হৈছিল। সংগঠন তৃণমূল পৰ্যায়ত এনেকৈ শিপাইছিল যে সাধাৰণ মানুহৰ জীৱিকা, ভূমি আৰু মৌলিক সম্পদৰ লাভালাভ সম্পূৰ্ণৰূপে দলীয় আনুগত্যৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল।
বহুতেই অভিযোগ কৰে যে “বৈজ্ঞানিক ৰিগিং” (scientific rigging)-ৰ দ্বাৰা তেওঁলোকে নিৰ্বাচনৰ কেইবামাহো পূৰ্বৰে পৰা পৰিকল্পিতভাৱে নীৰৱে নিৰ্বাচনী ফলাফল নিৰ্ণয় কৰাৰ ব্যৱস্থা কৰিছিল। যেতিয়াই তাৰ বিৰুদ্ধে কোনো প্ৰত্যাহ্বান আহিছিল, তেতিয়াই তাক সশস্ত্ৰ কৰ্মীবাহিনী আৰু আৰক্ষীৰ সহায়ত দমাই ৰখা হৈছিল। সমাজবিজ্ঞানীসকলৰ বহুতেই এই ক্ষেত্ৰত ১৯৭৯ চনৰ মৰীচঝাঁপি, ২০০০ চনৰ নানুড় আৰু ২০০৭ চনৰ নন্দীগ্ৰামত ঘটা ঘটনাৰ উদাহৰণ দিয়ে। ক্ষমতা দখলৰ পিছত, তৃণমূল কংগ্ৰেছেও ২০১১ চনৰ পৰা সেই একেই পথে অৱলম্বন কৰি আহিছিল।
বিজেপিতো অগণতান্ত্ৰিকভাৱে চিবিআই (CBI), ইডি (ED), পুলিচ প্ৰশাসন আৰু কাৰ্যতঃ অঘোষিত ৰাষ্ট্ৰপতি শাসনৰ দ্বাৰা ২০২৬ত তৃণমূল কংগ্ৰেছৰ পৰা শাসন দখল কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছিলেই। ই ১০০% শুদ্ধ। কিন্তু বিজেপি বা তৃণমূলক নিৰ্বাচনত সমৰ্থন কৰা-নকৰাত জনসাধাৰণৰ ভূমিকা কি আছিল? এই ক্ষেত্ৰত ভাৰতীয় প্ৰশাসনিক সেৱাৰ (IAS) এজন অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ আৰু বিশিষ্ট বুদ্ধিজীৱী জহৰ চৰকাৰে কোৱা কথাবোৰ গুৰুত্বপূৰ্ণ। তেওঁ কেন্দ্ৰীয় সংস্থাসমূহৰ হস্তক্ষেপ আৰু বিজেপিৰ ভূমিকাৰ ঘোৰ বিৰোধী; কিন্তু তেওঁ তৃণমূল কংগ্ৰেছৰো সমালোচক। তৃণমূলৰ অগণতান্ত্ৰিক আচৰণৰ বিৰোধিতা কৰিয়েই তেওঁ তৃণমূল সমৰ্থিত ৰাজ্যসভাৰ সাংসদ পদৰ পৰা ২০২৪ চনত পদত্যাগ কৰিছিল। তেওঁৰ মতামত হ’ল—বিজেপিৰ কূট-কৌশলৰ কথা ক’বই নালাগে, কিন্তু এইবাৰ স্বাভাৱিক পৰিস্থিতিত নিৰ্বাচন অনুষ্ঠিত হ’লেও তৃণমূল জিকাৰ সম্ভাৱনা কম আছিল।
তাৰ অৰ্থ এইটো নহয় যে নিৰ্বাচন-পৰৱৰ্তী হিংসা একোৱেই নহয়, বা আমি অভিষেক বেনাৰ্জী আৰু কল্যাণ বেনাৰ্জীৰ ওপৰত হোৱা জঘন্য আক্ৰমণৰ বিৰোধিতা নকৰিম—নিশ্চয় কৰিম। এতিয়ালৈকে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে এই আক্ৰমণৰ বিৰোধিতা নকৰাটো বা তাক গৰিহণা নিদিয়াটো নিঃসন্দেহে নিন্দনীয়। কিন্তু এই হিংসাক কেৱল সাধাৰণভাৱে বিজেপিৰ স্বৈৰতান্ত্ৰিক চৰিত্ৰৰ দৃষ্টিভংগীৰে ব্যাখ্যা কৰিলে ইয়াৰ ভুল মূল্যাংকন কৰা হ’ব। আমি পশ্চিম বংগৰ হিংসাৰ ৰাজনীতিৰ ইতিহাস আৰু তাৰ পটভূমি জানিব লাগিব, যাৰ সামান্য আভাস আমি ইতিমধ্যে দিবলৈ চেষ্টা কৰিছোঁ।
এতিয়া আমাৰ মাজত স্বাভাৱিকতে প্ৰশ্ন উঠিব—যি বংগভূমিত চৈতন্যদেৱ (১৪৮৬–১৫৩৪), ৰাজা ৰামমোহন ৰায় (১৭৭২–১৮৩৩), ৰামকৃষ্ণ পৰমহংস (১৮৩৬-১৮৮৬), স্বামী বিবেকানন্দ (১৮৬৩-১৯০২), ৰবীন্দ্রনাথ ঠাকুৰ (১৮৬১-১৯৪১), সত্যজিৎ ৰায় (১৯২১-১৯৯২) আৰু অমৰ্ত্য সেন (১৯৩৩-) লৈকে ৫০০ বছৰৰো অধিক কাল ধৰি এক গৌৰৱোজ্জ্বল ধৰ্মীয় সহনশীলতা, উদাৰ মানৱতাবাদী আৰু যুক্তিবাদী ঐতিহ্য চলি আহিছে, সেই বংগভূমিত কেনেকৈ এই সৰ্বনাশী হিংসাই খোপনি পুতিলে? মই ক’ম ইয়াৰ মূল কাৰণ হ’ল দলীয় ৰাজনীতি—পক্ষপাতমূলক দলীয় ৰাজনীতি। এইসকল মনীষীৰ চিন্তা-চেতনাই বংগীয় সভ্যতা আৰু সংস্কৃতিক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে। কিন্তু আধুনিক বাংলাত উদাৰ ৰাজনীতি নহয়, একদেশদৰ্শী দলীয় ৰাজনীতিয়ে সমাজ জীৱনক এনেদৰে গ্ৰাস কৰিছে যে তাত বিৰোধীৰ বা বিপক্ষৰ যেন কোনো স্থান নাই। ‘আমি শুদ্ধ, তুমি যদি আমাৰ লগত নাই তুমি অশুদ্ধ, সমাজত তোমাৰ কোনো স্থান নাই’—বোধহয় সামন্ততন্ত্ৰৰ গুৰুবাদী মনোভাবো ইয়াৰ বাবে দায়ী।
নাগৰিক সমাজে সমাজত এটা ‘নিৰপেক্ষ ক্ষেত্ৰ’ (Buffer zone) সৃষ্টি কৰে। ই হ’ল ভিন্ন ৰাজনৈতিক দৰ্শন আৰু মতাদৰ্শৰ মাজত অৱস্থিত এটা ‘নিৰপেক্ষ মধ্যৱৰ্তী অঞ্চল’। ইয়াৰ প্ৰধান ভূমিকা হৈছে গণতান্ত্ৰিক আৰু সাংবিধানিক প্ৰমূল্যক অগ্ৰাধিকাৰ দি, আইনৰ শাসনক ঊৰ্ধ্বত তুলি ধৰি পৃথক মতাদৰ্শৰ মাজত পাৰস্পৰিক বিৰোধ হ্ৰাস কৰা, প্ৰত্যক্ষ সংঘাত প্ৰতিৰোধ কৰা, অথবা সমাজত তীব্ৰ উগ্ৰতাৰ প্ৰভাৱ প্ৰশমিত কৰি এক প্ৰতিৰোধক (Buffer) হিচাপে কাম কৰা। পশ্চিম বংগত দলীয় ৰাজনীতিয়ে যেন নাগৰিক সমাজৰ এই ‘নিৰপেক্ষ ক্ষেত্ৰ’ সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলাইছে। আৰু তাৰেই ভয়াৱহ পৰিণতি হৈছে এই ৰাজনৈতিক জিঘাংসা।




