• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰ থাকিবগৈনে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
July 27, 2023 7:44 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ কি হ’ব? বোধহয় মণিপুৰৰ ভূখণ্ড বাচি থাকিব।কিন্তু, মণিপুৰৰ আত্মাৰ কি হ”ব? মণিপুৰৰ আত্মা বাচি থাকিবনে? মণিপুৰৰ আত্মা মানে কি ? মণিপুৰৰ আত্মা- এটি সংমিশ্ৰিত, সমাহিত সত্তা।ই মণিপুৰৰ সাৰ আৰু পৰিচয়। এই পৰিচয় শতিকাজোৰা বিৱৰ্তনে গঢ় দিছে।মণিপুৰৰ নৈসৰ্গিক সৌন্দৰ্য, মানুহৰ জীৱন আৰু সংস্কৃতি, বেশাভূশা,  সমভূমি আৰু পৰ্বতৰ গীত, নাট, নৃত্য, সুৰ, তাল এইবোৰেই হ’ল মণিপুৰৰ সত্তা আৰু পৰিচয়। কিন্তু, ৰাজ্যখনৰ যোৱা সময়ছোৱাৰ ঘটনা প্ৰবাহে মণিপুৰৰ এই আত্মাৰ প্ৰতি  এক  ভাবুকিৰ সৃষ্টি কৰা নাই জানো? সেইকাৰণেই আমাৰ প্ৰশ্ন, আশংকা – মণিপুৰৰ আত্মা অক্ষত হৈ  থাকিবনে?

এইখিনিতে কেইটামান কথা স্পষ্টকৈ কৈ থোৱা ভাল হ’ব। বহুতেই কৈ আছে যে মণিপুৰৰ ঘটনাৰ ৰাজনীতিকৰণ কৰা অনুচিত।ইয়াৰ মানে কি? ইয়াৰ মানে যদি এইটো যে মণিপুৰৰ ঘটনাৰ বাবে আমি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক জগৰীয়া কৰা অনুচিত, তেন্তে মই তাৰ দুৰ্ঘোৰ বিৰোধিতা কৰোঁ।ৰাজ্যখনৰ এনে এক অৱস্থা, অথচ ৰাজ্য চৰকাৰৰ সেই সম্পৰ্কে একো কৰিব লগা নাই। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰ ব্যৰ্থ। কি, এই কথাটো আমি নক’ম? পৰিস্থিতি চম্ভালাটো যদি ৰাজ্য চৰকাৰৰ দায়িত্ব নহয়, তেন্তে কাৰ দায়িত্ব? আনহাতে, ৰাজ্যখনৰ যেতিয়া গৰাকী নোহোৱা অৱস্থা হৈছে কেন্দ্ৰ চৰকাৰে কি ঘোঁৰাৰ ঘাঁহ কাটি আছে? মণিপুৰৰ হিংসা আৰু অশান্তি দূৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰে এতিয়ালৈ কি কৰিছে?

একো কৰা নাই। হিংসা বন্ধ কৰাৰ কথা বাদ দিয়ক, সংসদৰ অধিবেশন চলি থকা সময়ত মণিপুৰৰ বিষয়ে আলোচনা কৰিবলৈও তেওঁলোক নাৰাজ।বিৰোধী পক্ষই মণিপুৰৰ বিষয়ে সংসদত প্ৰধানমন্ত্ৰীৰ পৰা বিষয়টোৰ সকলো দিশ সামৰি এটা বিবৃতি বিচাৰিছে আৰু সংসদত সেই বিষয়ে এক মুকলি আলোচনা বিচাৰিছে। কিন্তু, চৰকাৰে তাত সন্মতি প্ৰদান কৰা নাই। সেইবাবেই সংসদত এক অচলাৱস্থাৰ সৃষ্টি হৈছে। আজি প্ৰায় তিনিমাহ ধৰি মণিপুৰ জ্বলি আছে। কিন্তু, বিষয়টো সংসদত আলোচনা কৰিবলৈ চৰকাৰ নাৰাজ।এনে জৰুৰী আৰু গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনা কৰাৰ বাবে যদি সংসদ নহয়, তেন্তে তেনে সংসদ এখন আমাক কিয় লাগে! ই আমাৰ গণতন্ত্ৰৰ বাবে লজ্জাকৰ নহয়নে?

Apply Now

অৱশ্যে এতিয়া সংসদত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত হৈছে বাবে বিষয়টো আলোচনা কৰিবলৈ তেওঁলোক বাধ্য। কিন্তু, মণিপুৰৰ বিষয়টোৰ ৰাজনীতিকৰণ নকৰাৰ এটা ইতিবাচক দিশো আছে। সেইটো হৈছে মণিপুৰৰ অশান্ত অৱস্থা কোনো দলেই ৰাজনৈতিক সুবিধাৰ কাৰণে ব্যৱহাৰ নকৰা। কিন্তু  শাসকীয় দলটোৱে ঠিক সেইটোকে কৰা নাই জানো? তথাকথিত দুই ইঞ্জিন যুক্ত চৰকাৰে মণিপুৰৰ অৱস্থা বেয়া হ’বলৈ এৰি দিছে যাতে তেওঁলোকে ইয়াৰ পৰা ৰাজনৈতিক সুবিধা আদায় কৰিব পাৰে। তেওঁলোকে দুয়োটা জনগোষ্ঠীৰ মাজত বিভাজন আৰু তীব্ৰ হোৱাটো বিচাৰে যাতে নিৰ্বাচনত তেওঁলোকে সংখ্যগৰিষ্ঠ জনগোষ্ঠীটোৰ ভোট লাভ কৰিব পাৰে।মানুহ মৰে মৰক, কিন্তু তেওঁলোকৰ ৰাজনৈতিক লাভ হ’বই লাগিব।কি আচৰিত কথা!

এইখিনিতে এখন্তেক থমকি ৰৈ আমি আন এটা দৃষ্টিভংগীৰে মণিপুৰৰ ঘটনাবোৰ চাওঁচোন।মণিপুৰত এতিয়া সাধাৰণ মানুহ আৰু নাগৰিক আছেনে নাই? নিজৰ নৃগোষ্ঠীয় পৰিচয়ৰ বাহিৰলৈ গৈ ঘটনাবোৰ চাব পৰা স্বতন্ত্ৰ নাগৰিক এতিয়া মণিপুৰত আছেনে? মানৱতাক আগত স্থান দি নৃগোষ্ঠীয় পৰিচয়ক পিছত স্থান দিয়া মানুহ আছেনে মণিপুৰত? এই যে ধৰ্ষণ কৰি, নগ্ন কৰি মহিলা দুগৰাকীক ৰাজহুৱাকৈ অপদস্থ কৰি বাট ফুৰোৱা হ’ল তাৰ অৰ্থ কি? আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিল? তেনে ঘটনা বোলে এশটামান ঘটিছে, ইন্টৰনেট বন্ধ হৈ থকা বাবেহে সেইবোৰ পোহৰলৈ অহা নাই। চাওক, মুখ্যমন্ত্ৰীৰ ভাষ্য! ছিঃ ছিঃ, কি নিৰ্লজ্জ ঔৰ্ধত্য?

আকৌ আগৰ কথাটোলৈ ওভতি গৈছোঁ। আজি দুদিনমান আগতে কোনোবা এজনে বৰ প্ৰাসংগিক কথা এটা কৈছিল।তেওঁ কৈছিল যে এনে পৰিস্থিতিত ধৰ্ষণ কেৱল মহিলা এগৰাকীক যৌন নিৰ্যাতন কৰাৰ ঘটনা এটা  নহয়, ই হ’ল ৰাজনৈতিক প্ৰতিহিংসা চৰিতাৰ্থ কৰাৰ এক আহিলা। এতিয়া মোৰ অভিমত হ’ল নৃগোষ্ঠীয় পৰিচয়ৰ বাবেই  হওক বা আন কিবা পৰিচয়ৰ বাবেই হওক, যেতিয়া এটা সম্প্ৰদায়ে এনে এটা জঘন্য অপৰাধক প্ৰশ্ৰয় দিয়ে, কুকিক হত্যা, অত্যাচাৰ কৰিলে যদি মেইটেই সকলে উল্লাস কৰে আৰু মেইটেই সকলৰ নিগ্ৰহ চাই যদি কুকি সকল আনন্দিত হয় তাৰ অৰ্থ কি?  এনে প্ৰৱণতাই সম্প্ৰদায়টোক এটা অধঃপতিত সম্প্ৰদায়লৈ পৰ্যৱসিত কৰে। এতিয়া হেনো মণিপুৰত তেওঁলোকে শান্তিৰ কথা পাতিবই নিবিচাৰে। কেৱল খুনকা বদলা খুনৰ কথাহে কয়। এইটো কি ধৰণৰ জাতীয়তাবাদ?

 হয়, মেইটেই সকলৰ কিছুমান শংকা আছে।ঠিক তেনেদৰে কুকি সকলৰো নিজস্ব সন্দেহ আৰু আশংকা আছে। কিন্তু, তাৰ সমাধান কি আলাপ-আলোচনা নে কটা-মৰা? আৰু চাওক,  য’ত মানৱতা আৰু মহিলাৰ সন্মানৰ কোনো মূল্য আৰু মৰ্যাদা নাই তেনে এটা পৰিচয়ৰ কি অৰ্থ? মেইটেই আৰু কুকি সম্প্ৰদায়ে গমেই পোৱা নাই তেওঁলোক কাৰ পাশাখেলৰ পণ হিচাপে ব্যৱহৃত হৈ আছে। মণিপুৰ এটা সন্ত্ৰাসবাদ জৰ্জৰিত অঞ্চল। সন্ত্ৰাসবাদে কেতিয়াও জনগণৰ সমস্যা সমাধান নকৰে।ই আওপকীয়াকৈ ৰাষ্ট্ৰৰ হাতোৰাহে মজবুত কৰে। জনগণে নিজৰ অধিকাৰ হেৰুৱাই সেই ফান্দত বন্দী হৈ পৰে।সেয়ে এটা সম্প্ৰদায়ে অইন এটা সম্প্ৰদায়ক ক্ষোভ আৰু ঘৃণাৰ উপলক্ষ কৰি লোৱাৰ সমান ডাঙৰ ভুল একো নাই।

পৃথিৱীত কোনো জনগোষ্ঠী এককভাৱে বাচি থাকিব নোৱাৰে।সমিল মিলহে আমাৰ উদ্দেশ্য হ’ব লাগিব। মই ভাবোঁ, মণিপুৰৰ মেইটেই আৰু কুকি দুয়োটা সম্প্ৰদায়ে বাৰে বাৰে এই প্ৰশ্নবোৰ নিজকে কৰা উচিত।ৰাষ্ট্ৰৰ বিৰুদ্ধে কোনোবাই  সন্ত্ৰাসবাদী আন্দোলন কৰিব পাৰে।হাতিয়াৰ হাতত তুলি ল’ব পাৰে।কিন্তু, অইন এটা সম্প্ৰদায়ৰ সাধাৰণ মানুহ যেতিয়া এই ক্ষোভ আৰু আক্ৰমণৰ লক্ষ্য হৈ পৰে তাৰ সমান অমানবীয় আৰু কুৎসিৎ কথা কি হ’ব পাৰে? মণিপুৰৰ হত্যা, হিংসাত শাসক দলৰ লোক জড়িত থকাৰ অভিযোগ উঠিছে, যিটোক সকলোৱে একমুখে গৰিহণা দিছে। কিন্তু সম্প্ৰদায় হিচাপে মেইটেই আৰু কুকি দুয়োটাৰ ব্যৰ্থতাইও এই হিংসা নিৰ্বাপিত নোহোৱাৰ এক অন্যতম কাৰণ। দুয়োটা সম্প্ৰদায়ৰ কাৰণে আৰু তেওঁলোকৰ নাগৰিক সমাজৰ কাৰণে ই এক ভয়াবহ ব্যৰ্থতা। সেয়ে, এই মুহূৰ্তত আমাৰ আশংকা মণিপুৰৰ আত্মাৰ সুৰক্ষা।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd