• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাহুল গান্ধীৰ কাৰাদণ্ড

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
March 30, 2023 2:58 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা মানহানি গোচৰত গুজৰাটৰ চুৰাটৰ নিম্ন আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰ কাৰাদণ্ড বিহাৰ পিছত, তেওঁৰ লোকসভাৰ সদস্য পদ খাৰিজ কৰা হৈছে।এতিয়া তেওঁক চৰকাৰী ঘৰ খালি কৰিবলৈও জাননী জাৰি কৰা হৈছে। আচলতে কথাটো কি হ’বলৈ গৈছে? এই  সম্পৰ্কে ভাৰতীয় জনতা পাৰ্টি আৰু তেওঁলোকৰ সমৰ্থক সকলে কি কৈছে?

তেওঁলোকৰ  সকলোৱে, শীৰ্ষস্থানীয় নেতাৰ  পৰা তৃণমূল পৰ্যায়ৰ কৰ্মীলৈকে, একমুখে কৈছে যে এইটো ন্যায়ালয়ৰ ৰায়। ইয়াত তেওঁলোকৰ কোনো হাত নাই।দেখাত কথাটো সঁচা।আদালতে ৰাহুল গান্ধীৰ মানহানি মোকৰ্দমাটোৰ ৰায় দিছে, আৰু যিখন আইনৰ ভিত্তিত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰা হৈছে, তাৰ ফল স্বৰূপেহে ৰাহুল গান্ধীৰ লোকসভাৰ সদস্যতা ৰদ হৈছে।

যদি আমি বিজেপিৰ এই ব্যাখ্যা মানি লওঁ, তেন্তে আমি তেওঁলোকৰ আৰু বহু ব্যাখ্যা মানি ল’ব লাগিব।বিজেপিয়ে যোৱা সময়ছোৱাত যি কৰিছে, সকলো চৰকাৰী  অনুষ্ঠান, প্ৰতিষ্ঠানৰ যোগেদিয়ে কৰিছে। চি বি আই, ই ডি, আয়কৰ বিভাগে যোৱা সময়ছোৱাত কেৱল বিৰোধীৰ নেতাবোৰক কিয় লক্ষ্য কৰি লৈছে? আকৌ লেন-দেনত খেলিমেলি থকা বিৰোধী নেতাই যদি বিজেপিত যোগদান কৰে, লগে লগে চি বি আই, ই ডি, আৰু আয়কৰ বিভাগে তেওঁলোকৰ সাত খুন মাফ কৰি দিয়ে। গতিকে, চৰকাৰী হস্তক্ষেপত এই অনুষ্ঠানসমূহ বিৰোধীৰ বিৰুদ্ধে যে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে তাত কোনো সন্দেহ নাই।

অলপতে, দেশৰ ১৪ টা বিৰোধী দল একলগ হৈ এই বিষয়ে উচ্চতম ন্যায়ালয়ৰ ওচৰত অভিযোগ দাখিল কৰিছিল।এই ৰাজনৈতিক হস্তক্ষেপৰ পৰা নিৰ্বাচন আয়োগ  আৰু ৰাজ্যপালৰ অনুষ্ঠানটোও বাচি যোৱা নাই। নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আয়োগৰ পক্ষপাতিত্ব আমি দেখিছোঁ।যিবোৰ ৰাজ্যত  বিজেপিৰ চৰকাৰ নাই, তাত তেওঁলোকে ৰাজ্যপাল সকলৰ যোগেদি অনবৰতে ৰাজ্য চৰকাৰৰ কাম-কাজত হস্তক্ষেপ আৰু বাধা প্ৰদান কৰি আহিছে।ৰাজ্যপালৰ অনুষ্ঠানটোৰ এনে অপপ্ৰয়োগ ইয়াৰ আগতে কেতিয়াও হোৱা নাছিল।

ভাৰতীয় সংসদক তেওঁলোকে কেনেদৰে ব্যৱহাৰ কৰিছে সেইটোও আমি দেখিছোঁ। সদন দেশৰ প্ৰতিটো গুৰুত্বপূৰ্ণ সমস্যাৰ আলোচনাৰ মঞ্চ। কিন্তু ৰাজ্যসভাতেই হওক, লোকসভাতেই হওক যেতিয়াই কোনো এটা বিষয় চৰকাৰৰ বিৰুদ্ধে যায়, সেই বিষয়টো চৰকাৰী পক্ষৰ সদস্য সকলে সদনত আলোচনা কৰিবলৈ নিদিয়ে। চৰকাৰী বিল বোৰৰ ওপৰতো আলোচনাৰ কথা নাই। বিনা বিতৰ্কই, বিনা আলোচনাই সংসদীয় পৰম্পৰা আৰু প্ৰক্ৰিয়া নমনাকৈয়ে সংখাগৰিষ্ঠতাৰ বলত জোৰজবৰদস্তি সেই বোৰ সদনত পাছ কৰাই  আইন কৰি লোৱা হয়। ক’বলৈ হয়, হয়তো সংসদে পাছ কৰা আইন। সংসদত তেওঁলোক যিহেতু সংখ্যাগৰিষ্ঠ, সকলো কাম তেওঁলোকৰ মতেহে হ’ব লাগিব।

বাকী অনুষ্ঠান, প্ৰতিষ্ঠানবোৰেও নিজৰ স্বতন্ত্ৰতা বিসৰ্জন দি বিজেপিৰ কাৰ্যসূচী মতে কাম কৰিব লাগিব।কিয়নো সেই উদ্দেশ্য আগত ৰাখিয়ে সেইবোৰৰ মুৰব্বী সকলক নিযুক্তি দিয়া হৈছে। তেওঁলোকৰ পেছাদাৰিত্বৰ বাবে নহয়, বিজেপিৰ মতাদৰ্শৰ প্ৰতি থকা  তেওঁলোকৰ আনুগত্যৰ বাবেহে তেওঁলোকে সেই বাব বোৰ পাইছে।

ন্যায়ালয়ৰ কথাটো কি হৈছে? আপোনালোকৰ মনত আছেনে ২০১৮ চনৰ  ১২ জানুৱাৰীৰ দিনা কি হৈছিল? ভাৰতৰ উচ্চতম ন্যায়ালয়ক বচাবলৈ দেশৰ জনগণ আগবাঢ়ি আহিব লাগে বুলি সেইদিনা দুপৰীয়া উচ্চতম ন্যায়ালয়ৰ চাৰিজন জ্যেষ্ঠ ন্যায়াধীশে সংবাদ মেল পাতি ৰাইজলৈ মুকলিকৈ আহ্বান জনাইছিল।পিছত, তাৰ এজনে নিজেই  ভাৰতৰ মুখ্য বিচাৰপতিৰ আসন অলংকৃত কৰি উচ্চতম ন্যায়ালয় নহয় আমাৰ ৰাজ্যখনলৈও কলংকৰ কালিমা কঢ়িয়াই আনিছিল। অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰোঁতে ব্যক্তি স্বাধীনতাৰ গৌৰৱ আৰু মহত্বৰ কথাকৈ বিজুলী চমকত তেওঁৰ জামিন মঞ্জুৰ কৰা হৈছিল। কিন্তু, কেৰেলাৰ সাংবাদিক ছিদ্দিক কপ্পনৰ কি হৈছিল? হাথৰসৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সংবাদ পৰিবেশন কৰিবলৈ গৈ তেওঁ কিমান দিন জেলৰ ভাত খাব লগা হৈছিল? দুবছৰ। আৰু কিমান তেনেকৈ এতিয়াও জেলৰ ভিতৰতে আছে?

বেলেগ নালাগে, অখিল গগৈ কিমান দিন জেলৰ ভিতৰত থাকিব লগা হৈছিল? উপ-ৰাষ্ট্ৰপতি ধনখড় আৰু আইন মন্ত্ৰী কিৰণ ৰিজিজুই দিনে ৰাতিয়ে কি কৈ আছে আমি সকলোৱে দেখিছোঁ।ন্যায়পালিকাত কেনেকৈ চৰকাৰে হস্তক্ষেপ কৰিছে  আৰু ন্যায়পালিকাই কেনেকৈ চৰকাৰৰ লগত আপোচ কৰিছে তাক উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত ডাবে ১৮ ফেব্ৰুৱাৰীৰ দিনা  Campaign for Judicial Accountability and Reforms (CJAR)এ আয়োজন কৰা আলোচনাচক্ৰ এখনত প্ৰদান কৰা বক্তৃতাটোত অতি সুন্দৰকৈ দাঙি ধৰিছিল। গতিকে ৰাহুল গান্ধী সম্পৰ্কে চুৰাটৰ নিম্ন আদালতে দিয়া ৰায়টো দেখাতহে আদালতৰ ৰায়।ইয়াৰ গুৰিতে কিন্তু চৰকাৰী আক্ৰোশ।

চৰকাৰৰ ভুল নীতি আৰু আদানীৰ লগত প্ৰধানমন্ত্ৰী মোদীৰ সম্পৰ্কৰ কথা ৰাজহুৱাকৈ বাৰে বাৰে কৈ ৰাহুল গান্ধীয়ে যোৱা সময়ছোৱাত বিজেপিক শ’লঠেকত পেলাইছে। ৰাহুল গান্ধীক জেল দি, সদনৰ পৰা বহিষ্কাৰ কৰি বিজেপিয়ে এতিয়া যেন তাৰেই পোতক ল’ব বিচাৰিছে। ৰাহুল গান্ধীৰ বিৰুদ্ধে লোৱা এই শাস্তিমূলক ব্যৱস্থাত কেৱল কংগ্ৰেছ দল নহয় সমগ্ৰ বিৰোধী পক্ষ জাঙুৰ খাই উঠিছে। তেওঁলোকে ঐক্যবদ্ধ হৈ একেলগে ইয়াৰ প্ৰতিবাদ কৰিছে।ৰাহুল গান্ধীয়ে নতুনকৈ আদানীৰ বিৰুদ্ধে ২০০০০ কোটিৰ কেলেংকাৰীৰ অভিযোগ আনিছে। প্ৰশ্ন হৈছে এই বিষয়টো এতিয়া ৰাহুল গান্ধী বনাম নৰেন্দ্ৰ মোদী হৈ থাকিব নে বিৰোধী  বনাম বিজেপি হ’ব?  পিছৰটো হ’লেহে ই গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামলৈ ৰূপান্তৰিত হ’ব।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd