NORTHEAST NOW (Assamese)

আনন্দ মিশ্ৰক সহকাৰী মহা পৰিদৰ্শক(ক্ৰীড়া) ৰূপে নিযুক্তি

March 22, 2022 8:03 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নগাঁৱৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক অসম আৰক্ষীৰ সহকাৰী মহা পৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্তি দিয়া হৈছে।

অসম আৰক্ষীত নতুনকৈ সৃষ্টি কৰা হৈছিল এই সহকাৰী মহাপৰিদৰ্শক পদবী।

এতিয়াৰ পৰা আৰক্ষীৰ ক্ৰীড়া ক্ষেত্ৰৰ বিশেষ দায়িত্বত থাকিব আনন্দ মিশ্ৰ।

নগাঁওৰ কীৰ্তিকমল বৰাৰ এনকাউন্টাৰৰ ঘটনাৰ প্ৰতিবেদন দাখিলৰ পাছতে আৰক্ষী সঞ্চালক কাৰ্য্যালয়লৈ মাতি অনা হৈছিল আনন্দ মিশ্ৰক।

উল্লেখযোগ্য যে, নগাঁওৰ কীৰ্তিকমল বৰাৰ এনকাউন্টাৰক লৈ ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে দিয়া প্ৰতিবেদনক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই সংবাদ মাধ্যমৰ আগত কীৰ্তিকমল নিৰ্দোষী নহয় বুলি দাবী কৰিছিল আনন্দ মিশ্ৰই।

আনকি ড্ৰাগছ মাফিয়াৰে কীৰ্তিকমলৰ সম্পৰ্ক থাকিব পাৰে বুলি দাবী কৰিছিল মিশ্ৰই।

তাৰ পাছতে নগাঁওৰ পৰা বদলি কৰি আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ অনা হৈছিল আনন্দ মিশ্ৰক।

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবে দাখিল কৰা প্ৰতিবেদনৰ প্ৰত্যাহ্বান জনোৱাৰ শাস্তি হিচাপে বহু দিন আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ত কৰ্মৰত আছিল যদিও বিশেষ পদত নিযুক্তি দিয়া হোৱা নাছিল মিশ্ৰক।

অৱশেষত অসম আৰক্ষীয়ে নতুনকৈ সৃষ্টি কৰা সহকাৰী মহা পৰিদৰ্শক (ক্ৰীড়া) পদত নিযুক্তি দিয়া হ’ল মিশ্ৰক।

Related News