NORTHEAST NOW (Assamese)

অনন্ত আম্বানীৰ বিবাহত সংগীত পৰিবেশনৰ বাবে ভাৰতত কানাডিয়ান গায়ক জাষ্টিন বিবাৰ; প্ৰায় ৭৫ কোটি পাৰিতোষিক ল’ব প’প তাৰকাজনে

July 5, 2024 12:01 pm · নৰ্থ ইষ্ট নাও অসমীয়া
Updated: July 5, 2024 12:03 pm

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা এম ডি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু উদ্যোগপতি বীৰেন মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টে বিবাহৰ বাবে সাজু হৈছে। শেহতীয়াকৈ খবৰ ওলাইছে যে জাষ্টিন বিবাৰেও ৫ জুলাই শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া তেওঁলোকৰ সংগীত অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিবলৈ মুম্বাইত উপস্থিত হৈছে। তেওঁৰ লগত সংগ দিছে তেওঁৰ দলটোৱেও।

অনন্ত আৰু ৰাধিকাৰ বিয়াৰ পূৰ্বৰ উৎসৱৰ বাবে ভাৰতত উপস্থিত হোৱা প্ৰথমজন আন্তঃৰাষ্ট্ৰীয় শিল্পী নহয় জাষ্টিন বিবাৰ। চলিত বৰ্ষৰ মাৰ্চ মাহত অনন্ত আৰু ৰাধিকাই গুজৰাটৰ জামনগৰতো এক গ্ৰেণ্ড প্ৰি-ৱেডিং উদযাপন অনুষ্ঠিত কৰিছিল যাৰ অন্যতম ডাঙৰ আকৰ্ষণ আছিল ৰিহানাৰ। কণ্ঠশিল্পীগৰাকীৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ বিপৰীতে এটা ক্লিপত দেখা গৈছে যে কইনা হ’বলগীয়া ৰাধিকা মাৰ্চেণ্টে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত আনন্দত আত্মহাৰা হৈছিল।

অহা ১৩ জুলাইত মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হ’ব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বহু প্ৰত্যাশিত, গ্ৰেণ্ড বিবাহ অনুষ্ঠান তিনিদিনীয়া অনুষ্ঠানৰ দ্বাৰা সমাপ্ত হ’ব।

খবৰ অনুসৰি অহা ১২ জুলাইৰ পৰা আৰম্ভ হ’ব বিবাহ অনুষ্ঠান।প্ৰথম অনুষ্ঠান হ’ব শুভ শুভ বিবাহ বা বিবাহ অনুষ্ঠান। য’ত সাজ-পোছাক ভাৰতীয় পৰম্পৰাগত। ১৩ জুলাই হ’ব শুভ আশীৰ্বাদৰ দিন আৰু সাজ-পোছাক ভাৰতীয় আনুষ্ঠানিক। ১৪ জুলাইত মংগল উৎসৱ বা বিয়াৰ অভ্যৰ্থনা আৰু ড্ৰেছ কোড ইণ্ডিয়ান ছিক। এই সকলোবোৰ অনুষ্ঠান বি কে চিৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হ’ব।

Related News