• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

HS Result 2022 কলা শাখাত দশম স্থানেৰে বঙাইগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিলে অনন্যা সূত্ৰধৰে

ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন কৃতী ছাত্ৰীগৰাকীৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
June 27, 2022 7:21 pm
131
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (ইংৰাজী মাধ্যম) ছাত্রী অন্যন্যা সূত্ৰধৰে কলা শাখাত ৰাজ্যখনৰ ভিতৰত দশম স্থান দখল কৰি বঙাইগাঁৱৰ লগতে সমগ্ৰ জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে।

বঙাইগাঁও চহৰৰ ভাকাৰিভিটাৰ ফাৰ্নিচাৰৰ ব্যৱসায়ী চন্দন সুত্ৰধৰ আৰু কনিকা সূত্ৰধৰৰ কন্যা অনন্যা সূত্ৰধৰে ঘোষিত ফলাফল অনুসৰি আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ মুঠ ৪৭৩ নম্বৰ লাভ কৰি ৰাজ্যখনৰ ভিতৰত দশম স্থান দখল কৰে ৷ কৃতি ছাত্ৰীগৰাকীয়ে ইংৰাজী বিষয়ত (৯৩), বিকল্প ইংৰাজীত (অল্টাৰনেটিভ ইংলিচ) (৯০), তৰ্ক বিজ্ঞান আৰু দৰ্শনত (৯৯), ৰাজনীতি বিজ্ঞানত (৯৯), শ্বদেশ অধ্যায়নত (৯২) আৰু শিক্ষাত (৮৯) নম্বৰসহ আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক অৰ্জন কৰি শতকৰা ৯৪.৬ শতাংশ নম্বৰেৰে এই সাফল্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

কৃতি ছাত্ৰী অনন্যাই পাঠ্যপুথি অধ্যয়ন কৰি নিজে নোটচ বনাই পঢ়ি অহাৰ সমান্তৰালভাৱে বিদ্যালয়ৰ শিক্ষাগুৰু সকলেও ছাত্ৰীগৰাকীক যথেষ্ট সহায় কৰাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷ পঢ়াৰ কোনো নিৰ্দিষ্ট সময় নাছিল বুলি কৈ যেতিয়াই সময় পায় তেতিয়াই পঢ়া -শুনা কৰিছিল বুলি কয় ৷ ছাত্ৰীগৰাকীয়ে পাঠ্য পুথিৰ উপৰিও আৰ্হি প্ৰশ্নোত্তৰ কাকতৰ সহায় লৈছিল ৷ উল্লেখ্য যে একান্তভাৱে পঢ়িলে জীৱনত সফল হ’ব পাৰি বুলিও অনন্যাই প্ৰকাশ কৰে ৷

নিজৰ ফলাফলত সন্তুষ্ট অনন্যাৰ কৃতিত্বৰ নেপথ্যত পিতৃ-মাতৃ তথা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ অনুপ্ৰেৰণা আৰু আৰ্শীবাদ অন্তৰ্নিহিত থকাৰ কথাও ব্যক্ত কৰে ৷

ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ আশা মনত পুহি ৰখা অনন্যাই নিজৰ উচ্চ শিক্ষা গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত গ্ৰহণ কৰাৰ কথাও ব্যক্ত কৰে৷ ইপিনে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী মাধ্যম) ত এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয় ৷

বিদ্যালয়খনৰ স্থানপ্ৰাপ্ত অনন্যাক শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু আৰু ছাত্ৰ- ছাত্ৰীৰ সকলে উষ্ম আদৰণি জনায় ৷ উল্লেখ্য যে বিদ্যালয়খনৰ পৰা এইবাৰ কলা শাখাত মুঠ ৪০ গৰাকী আৰু বিজ্ঞান শাখাত ৩৮ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে লাভ কৰিছে ভালেইগৰাকী ছাত্ৰ – ছাত্ৰীয়ে ষ্টাৰ,ডিষ্টিংচন আৰু লেটাৰ৷

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd