প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন বহুৱা! বিশ্বগুৰু হ’বলৈ যোৱা মোদীক এইদৰে উপহাস কৰিছে এগৰাকী বিশ্ববিখ্যাত টেনিছ তাৰকাই। তেওঁ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাৰ্টিনা নাভ্ৰাটিলোভা।
দেওবাৰে ৰাতি মাৰ্টিনাই এটা টুইট কৰে। টুইটোত নৰেন্দ্ৰ মোদীৰ সম্পৰ্কত গৃহমন্ত্ৰী অমিত শ্বাহে কৰা এটা মন্তব্য শ্বেয়াৰ কৰা হৈছে।
উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক ক্ষমতাৰ ২০ বছৰ পূৰ্তি উপলক্ষে দেওবাৰে সংসদ টিভিত অমিত শ্বাহৰ এটা সাক্ষাৎকাৰ লোৱা হৈছিল।
সাক্ষাৎকাৰটোত শ্বাহে কৈছিল যে নৰেন্দ্ৰ মোদী এজন স্বেচ্ছাচাৰী শাসক নহয়, বৰঞ্চ দেশে লাভ কৰা সৰ্বকালৰ শ্ৰেষ্ঠ গণতান্ত্ৰিক নেতা।
‘হিন্দুস্তান টাইমছ’ত প্ৰকাশিত উক্ত বাতৰিটো শ্বেয়াৰ কৰি মাৰ্টিনাই লিখিছে যে শ্বাহৰ মন্তব্যটো তেওঁৰ বাবে এটা কৌতুক। এনেদৰে লিখাৰ উপৰিও মাৰ্টিনাই মোদীক উদ্দেশ্যি দুটা জ’কাৰ ইম’জিও সংলগ্ন কৰে।
And for my next joke …😳🤡 https://t.co/vR7i5etQcv
— Martina Navratilova (@Martina) October 10, 2021
ইয়াৰ পূৰ্বেও ২০১৬ চনৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কাণ্ডক লৈ টুইটাৰত সৰৱ হৈ পৰিছিল মাৰ্টিনা। ২০১৯ চনত মাৰ্টিনাই মাৰ্কিন ৰাষ্ট্ৰপতি তথা বিশ্বৰ অন্যতম হাস্যকৰ নেতা হৈ পৰা ডণাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীৰ সাদৃশ্যতাক লৈও মন্তব্য কৰিছিল।
কেৱল সেয়াই নহয়, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানো মাৰ্টিনাৰ তীৰ্যক সমালোচনাৰ পৰা হাত সাৰি যোৱা নাই।
কিছু দিন পূৰ্বে ইমৰাণ খানে ধৰ্ষণ সম্পৰ্কত এটা আজৱ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে ছোৱালীবিলাকে ‘অশ্লীল পোছাক’ পৰিধান কৰাৰ বাবেহে ধৰ্ষণৰ মুখামুখি হ’ব লগা হৈছে। খানৰ এই মন্তব্য ভাইৰেল হৈ পৰে। টেনিছ তাৰকা মাৰ্টিনাইও পাকিস্তানৰ প্ৰধানমন্ত্ৰীজনক মন্তব্যটোৰ বাবে তীক্ষ্ণ সমালোচনা কৰিছিল।
উল্লেখযোগ্য যে মাৰ্টিনা নাভ্ৰাটিলোভাক টেনিছ খেলৰ ইতিহাসত এগৰাকী সৰ্বকালৰ শ্ৰেষ্ঠ তাৰকা হিচাপে গণ্য কৰা হয়। নিজৰ বৰ্ণাঢ্য কেৰিয়াৰত তেওঁ বহুকেইটা অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।
বিশ্বৰ বিভিন্ন শীৰ্ষ টেনিছ প্ৰতিযোগিতাত মাৰ্টিনাই মুঠ ৫৯ টাকৈ পদক অৰ্জন কৰিছিল। ৬৪ বৰ্ষীয় মাৰ্টিনাই ২০০৬ চনত খেলবিধৰ পৰা অৱসৰ লৈছিল। তাৰপাছৰে পৰা বিভিন্ন সামাজিক কামত তেওঁ জড়িত হৈ পৰে।
এনেদৰে এজন কিম্বদন্তি ক্ৰীড়াবিদে ভাৰতৰ প্ৰধানমন্ত্ৰীক লৈ কৰা উপহাসমূলক মন্তব্যই সৰ্বত্ৰ চৰ্চা লাভ কৰা দেখা গৈছে।
প্ৰশ্ন হৈছে সঁচাকৈয়ে বিশ্ব প্ৰেক্ষাপটত নৰেন্দ্ৰ মোদীৰ সন্মান আছেনে? নিজৰ টোগলকী নীতিৰ বাবে বিশ্বজুৰি ভাৰতক লজ্জানত কৰা নাইনে মোদীয়ে?