• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী মোদী এজন বহুৱা! কোনে মোদীক দিলে বহুৱা আখ্যা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2021 3:50 pm
Martina Navratilova on Modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন বহুৱা! বিশ্বগুৰু হ’বলৈ যোৱা মোদীক এইদৰে উপহাস কৰিছে এগৰাকী বিশ্ববিখ্যাত টেনিছ তাৰকাই। তেওঁ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাৰ্টিনা নাভ্ৰাটিলোভা।

দেওবাৰে ৰাতি মাৰ্টিনাই এটা টুইট কৰে। টুইটোত নৰেন্দ্ৰ মোদীৰ সম্পৰ্কত গৃহমন্ত্ৰী অমিত শ্বাহে কৰা এটা মন্তব্য শ্বেয়াৰ কৰা হৈছে।

উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক ক্ষমতাৰ ২০ বছৰ পূৰ্তি উপলক্ষে দেওবাৰে সংসদ টিভিত অমিত শ্বাহৰ এটা সাক্ষাৎকাৰ লোৱা হৈছিল।

সাক্ষাৎকাৰটোত শ্বাহে কৈছিল যে নৰেন্দ্ৰ মোদী এজন স্বেচ্ছাচাৰী শাসক নহয়, বৰঞ্চ দেশে লাভ কৰা সৰ্বকালৰ শ্ৰেষ্ঠ গণতান্ত্ৰিক নেতা।

Apply Now

‘হিন্দুস্তান টাইমছ’ত প্ৰকাশিত উক্ত বাতৰিটো শ্বেয়াৰ কৰি মাৰ্টিনাই লিখিছে যে শ্বাহৰ মন্তব্যটো তেওঁৰ বাবে এটা কৌতুক। এনেদৰে লিখাৰ উপৰিও মাৰ্টিনাই মোদীক উদ্দেশ্যি দুটা জ’কাৰ ইম’জিও সংলগ্ন কৰে।

 

And for my next joke …😳🤡 https://t.co/vR7i5etQcv

— Martina Navratilova (@Martina) October 10, 2021

ইয়াৰ পূৰ্বেও ২০১৬ চনৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কাণ্ডক লৈ টুইটাৰত সৰৱ হৈ পৰিছিল মাৰ্টিনা। ২০১৯ চনত মাৰ্টিনাই মাৰ্কিন ৰাষ্ট্ৰপতি তথা বিশ্বৰ অন্যতম হাস্যকৰ নেতা হৈ পৰা ডণাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীৰ সাদৃশ্যতাক লৈও মন্তব্য কৰিছিল।

কেৱল সেয়াই নহয়, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানো মাৰ্টিনাৰ তীৰ্যক সমালোচনাৰ পৰা হাত সাৰি যোৱা নাই।

কিছু দিন পূৰ্বে ইমৰাণ খানে ধৰ্ষণ সম্পৰ্কত এটা আজৱ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে ছোৱালীবিলাকে ‘অশ্লীল পোছাক’ পৰিধান কৰাৰ বাবেহে ধৰ্ষণৰ মুখামুখি হ’ব লগা হৈছে। খানৰ এই মন্তব্য ভাইৰেল হৈ পৰে। টেনিছ তাৰকা মাৰ্টিনাইও পাকিস্তানৰ প্ৰধানমন্ত্ৰীজনক মন্তব্যটোৰ বাবে তীক্ষ্ণ সমালোচনা কৰিছিল।

উল্লেখযোগ্য যে মাৰ্টিনা নাভ্ৰাটিলোভাক টেনিছ খেলৰ ইতিহাসত এগৰাকী সৰ্বকালৰ শ্ৰেষ্ঠ তাৰকা হিচাপে গণ্য কৰা হয়। নিজৰ বৰ্ণাঢ্য কেৰিয়াৰত তেওঁ বহুকেইটা অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।

বিশ্বৰ বিভিন্ন শীৰ্ষ টেনিছ প্ৰতিযোগিতাত মাৰ্টিনাই মুঠ ৫৯ টাকৈ পদক অৰ্জন কৰিছিল। ৬৪ বৰ্ষীয় মাৰ্টিনাই ২০০৬ চনত খেলবিধৰ পৰা অৱসৰ লৈছিল। তাৰপাছৰে পৰা বিভিন্ন সামাজিক কামত তেওঁ জড়িত হৈ পৰে।

এনেদৰে এজন কিম্বদন্তি ক্ৰীড়াবিদে ভাৰতৰ প্ৰধানমন্ত্ৰীক লৈ কৰা উপহাসমূলক মন্তব্যই সৰ্বত্ৰ চৰ্চা লাভ কৰা দেখা গৈছে।

প্ৰশ্ন হৈছে সঁচাকৈয়ে বিশ্ব প্ৰেক্ষাপটত নৰেন্দ্ৰ মোদীৰ সন্মান আছেনে? নিজৰ টোগলকী নীতিৰ বাবে বিশ্বজুৰি ভাৰতক লজ্জানত কৰা নাইনে মোদীয়ে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd