DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ বিস্ফোৰণত জড়িত থকাৰ সন্দেহত ডিব্ৰুগড়ৰ অৱসৰপ্ৰাপ্ত শিক্ষকক গ্ৰেপ্তাৰ

অচিৰেই চাৰ্জছীট দাখিল কৰা হ'ব বুলি আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ মন্তব্য

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 9, 2019 6:11 pm
Prakash Rajkowar

আৰক্ষীয়ে ডিব্ৰুগড় মিলন নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰকাশ কোঁৱৰ।

2.1k
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ জু-ৰ’ডৰ গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখৰ ১৫ মে’ত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ সৈতে সংযোগ থকাৰ সন্দেহত ডিব্ৰুগড় আৰক্ষীয়ে আজি এজন অৱসৰপ্ৰাপ্ত শিক্ষকক গ্ৰেপ্তাৰ কৰিছে।

ডিব্ৰুগড়ৰৰ মিলন নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ নাম প্ৰকাশ ৰাজকোঁৱৰ আৰু তেওঁ এজন অৱসৰপ্ৰাপ্ত শিক্ষক।

জানিব পৰা মতে, প্ৰকাশ ৰাজকোঁৱৰে আলফা(স্বাঃ)ৰ লগত দীৰ্ঘদিনৰ পৰা সম্পৰ্ক ৰক্ষা কৰি অহা বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে। জেৰাৰ বাবে আজি ৰাতিয়েই গুৱাহাটীলৈ অনা হ’ব প্ৰকাশক ৰাজকোঁৱৰক।

এই গ্ৰেপ্তাৰৰ পিছত বিস্ফোৰণটোৰ সৈতে সংযোগ থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৮জনলৈ বৃদ্ধি পালে।

ইতিমধ্যে আৰক্ষীয়ে আলফা নেতা প্ৰাণময় ৰাজগুৰু, অভিনেত্ৰী জাহ্নৱী শইকীয়া, আলফা কেডাৰ বিজয় অসম, প্ৰাক্তন আলফা অমিত বল্লভ গোস্বামী, চিন্ময় লহকৰ, ইন্দ্ৰমোহন বৰা আৰু ছাত্ৰনেতা সঞ্জীৱ তালুকদাৰক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পিছত এওঁলোক সাতোজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে কামৰূপ মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জানিবলৈ দিছে যে তদন্ত প্ৰক্ৰিয়া সফল সমাপ্তিৰ দিশত আগ বাঢ়িছে আৰু অতি শীঘ্ৰেই ইয়াৰ চাৰ্জ ছীট দাখিল কৰা হ’ব।

Recent News

CBI raids Manish Sisodia

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান: অভিযানক আদৰণি জনালে মুখ্যমন্ত্ৰী কেজৰিৱালে

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd