NORTHEAST NOW (Assamese)

গুৱাহাটীৰ বিস্ফোৰণত জড়িত থকাৰ সন্দেহত ডিব্ৰুগড়ৰ অৱসৰপ্ৰাপ্ত শিক্ষকক গ্ৰেপ্তাৰ

June 9, 2019 6:11 pm · অনিৰ্বাণ পাঠক
Updated: June 9, 2019 9:18 pm
আৰক্ষীয়ে ডিব্ৰুগড় মিলন নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰকাশ কোঁৱৰ।

মহানগৰীৰ জু-ৰ’ডৰ গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখৰ ১৫ মে’ত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ সৈতে সংযোগ থকাৰ সন্দেহত ডিব্ৰুগড় আৰক্ষীয়ে আজি এজন অৱসৰপ্ৰাপ্ত শিক্ষকক গ্ৰেপ্তাৰ কৰিছে।

ডিব্ৰুগড়ৰৰ মিলন নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ নাম প্ৰকাশ ৰাজকোঁৱৰ আৰু তেওঁ এজন অৱসৰপ্ৰাপ্ত শিক্ষক।

জানিব পৰা মতে, প্ৰকাশ ৰাজকোঁৱৰে আলফা(স্বাঃ)ৰ লগত দীৰ্ঘদিনৰ পৰা সম্পৰ্ক ৰক্ষা কৰি অহা বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে। জেৰাৰ বাবে আজি ৰাতিয়েই গুৱাহাটীলৈ অনা হ’ব প্ৰকাশক ৰাজকোঁৱৰক।

এই গ্ৰেপ্তাৰৰ পিছত বিস্ফোৰণটোৰ সৈতে সংযোগ থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৮জনলৈ বৃদ্ধি পালে।

ইতিমধ্যে আৰক্ষীয়ে আলফা নেতা প্ৰাণময় ৰাজগুৰু, অভিনেত্ৰী জাহ্নৱী শইকীয়া, আলফা কেডাৰ বিজয় অসম, প্ৰাক্তন আলফা অমিত বল্লভ গোস্বামী, চিন্ময় লহকৰ, ইন্দ্ৰমোহন বৰা আৰু ছাত্ৰনেতা সঞ্জীৱ তালুকদাৰক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পিছত এওঁলোক সাতোজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে কামৰূপ মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জানিবলৈ দিছে যে তদন্ত প্ৰক্ৰিয়া সফল সমাপ্তিৰ দিশত আগ বাঢ়িছে আৰু অতি শীঘ্ৰেই ইয়াৰ চাৰ্জ ছীট দাখিল কৰা হ’ব।

Related News