NORTHEAST NOW (Assamese)

চেন্নাইৰ ৰেষ্টুৰেণ্টত কৰ্মৰত অসমীয়া যুৱকৰ মৃত্যু

January 20, 2021 6:39 pm · এন ই নাও নিউজ
চেন্নাইত মৃত্যু হোৱা অসমৰ যুৱক গৰাকী

বহিঃৰাজ্যত পুনৰ এগৰাকী অসমীয়া যুৱকৰ মৃত্যু হৈছে।

চেন্নাইত কৰ্মৰত টুনীৰাম দাস (২৫) নামৰ নামৰ যুৱক জনৰ চেন্নাইত থকা অৱস্থাতে মৃত্যু হয় বুলি মঙলবাৰে পৰিয়ালৰ লোকে জানিবলৈ পাৰে।

জানিব পৰা মতে, চেন্নাইৰ জিকে ৰেষ্টুৰেণ্টত কৰ্মৰত আছিল টুনীৰাম দাস নামৰ নাৰায়ণপুৰৰ যুৱকগৰাকী।

ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই অসমৰ যুৱকজনে আত্মহত্যা কৰে বুলি পৰিয়ালৰ লোকক মঙলবাৰে নিশা ফোন যোগে জনায়।

ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই টুনীৰাম দাসে আত্মহত্যা কৰা বুলি জনালেও এই সম্পৰ্কে আস্বত্ব হ’ব পৰা নাই যুৱক জনৰ পৰিয়ালৰ লোক।

টুনীৰাম দাসৰ পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু আৰক্ষীৰ লগতে অসম চৰকাৰক এই সম্পৰ্কে উচিত তদন্ত কৰিবলৈ আহ্বান জনায়।

Related News