• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত পুনৰ জালিয়াতি কাণ্ড; অধ্যক্ষ জড়িত থকাৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2019 7:08 pm
North Guwahati College

প্ৰতিনিধিত্বমূলক ফটো। উৎস : ফেইচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দিলীপ দাসে আন এজনৰ গৱেষণা পত্ৰকে অলপ ইফাল-সিফাল কৰি জালিয়াতিৰে পি এইচ্ছ ডি ডিগ্ৰী লৈ অধ্যক্ষৰ পদত বহি থকাৰ বাতৰি নৰ্থ-ইষ্ট নাওত সবিস্তাৰে প্ৰকাশ হোৱাৰ কেইদিন মানৰ পিছত অধ্যক্ষজনৰ পৃষ্ঠপোষকতাত মহাবিদ্যালয়খনত সংঘটিত আন এটা জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে।

এইটো ঘটনাত মহাবিদ্যালয়খনৰ অন্য এজন অধ্যাপকে পদোন্নতিৰ বাবে প্ৰয়োজনীয় কৰ্মশালা সম্পূৰ্ণ কৰা বুলি ভুৱা প্ৰমাণপত্ৰ দি পদোন্নতি লোৱাৰ তথ্য-প্ৰমাণ পোৱা গৈছে। অধ্যাপকজনৰ নাম তাৰিণীকান্ত হালৈ আৰু তেওঁ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক (Associate professor) হিচাপে বৰ্তমান কৰ্মৰত। হালৈয়ে ২০১৩ চনত সহকাৰী অধ্যাপকৰ (Assistant professor) পৰা পদোন্নতি লৈছিল, পদোন্নতিৰ অৰ্ডাৰটো ওলাইছিল ২০১৪ চনত।

Apply Now

পদোন্নতিৰ বাবে হালৈয়ে প্ৰয়োজনীয় ৰিফ্ৰেছাৰ ক’ৰ্ছৰ দৰে বা সেই পৰ্য্যায়ৰে বুলি বিশ্ববিদ্যালয় গ্ৰাণ্ট কমিশ্যনে ধৰি লোৱা এটা হ্ৰস্বকালীন (৭দিনীয়া) কৰ্মশালাত অংশ লোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল। মন কৰিব লগীয়া যে ৰিফ্ৰেছাৰ ক’ৰ্ছ বা তেনেকুৱা গ্ৰহণযোগ্য ক’ৰ্ছ, কৰ্মশালা নকৰিলে পদোন্নতি সম্ভৱ নহয়।

কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে যে সহযোগী অধ্যাপক হালৈয়ে দাখিল কৰা হ্ৰস্বকালীন কৰ্মশালাত অংশলোৱাৰ প্ৰমাণপত্ৰখন ভুৱা বা জাল। হালৈয়ে দাখিল কৰা আৰু নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষই চহী কৰা প্ৰমাণপত্ৰখনত তেওঁ নলবাৰী মহাবিদ্যালয়ত সম্পন্ন উক্ত কৰ্মশালাটো (যিটো মহাবিদ্যালয়খনত ২০১২ চনৰ ১৩ৰ পৰা ১৯ ফেব্ৰুৱাৰিলৈ সম্পন্ন হৈছিল) সম্পূৰ্ণ কৰা বুলি কোৱা হৈছে।

কিন্তু চাহ আলমে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত আৰ টি আই আৱেদন কৰি হালৈ উক্ত দিনকেইটাত মহাবিদ্যালয়খনত উপস্থিত আছিল নে নাই জানিব বিচৰাত উপস্থিত থকা বুলি অধ্যক্ষ দিলীপ দাসে জনায়।

তেতিয়াই হালৈয়ে উক্ত কৰ্মশালাটো কৰাটো মিছা বুলি প্ৰমাণ হয় আৰু তাৰ ভিত্তিতে তেওঁৰ প্ৰমাণপত্ৰখন ভুৱা বুলি উচ্চশিক্ষা সঞ্চালকালয়ত অভিযোগ দিয়ে।

অভিযোগ দাখিলৰ পিছত সঞ্চালকালয়ৰ তদানীন্তন সঞ্চালক বাবুলাল শৰ্মাই ইয়াৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষক কৈফিয়ৎ তলব কৰে। অধ্যক্ষ দিলীপ দাসে, যিজনৰ বিৰুদ্ধে জালিয়াতিৰে পি এইচ্ছ ডি ডিগ্ৰী লোৱাৰ অভিযোগ আছে, তাৰিণীকান্ত হালৈক উক্ত ৭ দিন নলবাৰী মহাবিদ্যালয়ৰ কৰ্মশালাত উপস্থিত থাকিবলৈ অনুমতিও দিছিল আৰু ৰেজিষ্টাৰ বুকত চহী কৰিবলৈও দিছিল বুলি এটা কৌশলী উত্তৰ দিয়ে। কিন্তু আশ্চৰ্য্যৰ বিষয় যে সঞ্চালক বাবুলাল শৰ্মাই ইয়াত অস্বাভাৱিকতা বিচাৰি পোৱাৰ বিপৰীতে ২৯ নৱেম্বৰ ২০১৭ চনত কাহিলিপাৰাত থকা কাৰ্য্যালয়ত হোৱা বিচাৰৰ অন্তত ৰায় দিয়ে যে “যিহেতু অধ্যক্ষ ড৹ দিলীপ দাসে লিখিতভাৱে জনাইছে যে ড৹ হালৈয়ে ক্লাছত ব্যাঘাত নজন্মাকৈ ক’ৰ্ছ কৰিব পাৰিব, সেয়ে ড৹ তাৰিণীকান্ত হালৈৰ বিষয়টো বন্ধ কৰা হ’ল৷”

অৰ্থাৎ ড৹ হালৈক ক’ৰ্ছ কৰিবলৈও দিয়া হৈছিল আৰু কলেজৰ ৰেজিষ্টাৰ বহীত চহীও কৰিবলৈ দিয়া হৈছিল৷ কিন্তু এইখিনিতে এটা প্ৰশ্ন হয়, এনেকুৱা ক’ৰ্ছ কৰিবলৈ এজন কলেজ শিক্ষকে নিয়মমেতই ছুটী যিহেতু পায়, তাৰ পিছতো শ্ৰেণীত উপস্থিত নথকা শিক্ষকজনক চহী কৰিবলৈ কিয় দিব লগীয়া হ’ল?

কিন্তু ইয়াৰ পিছতে প্ৰাঞ্জল বৰ্মন নামৰ এজন লোকে নলবাৰী মহাবিদ্যালয়ত এখন আৰ টি আই আৱেদন কৰে। আৱেদনৰ উত্তৰত নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষই সেই নামৰ কোনো ব্যক্তিয়ে উক্ত কৰ্মশালাটোত যোগদান কৰা নাছিল বুলি জানিবলৈ দিয়ে। “As per registration record of the UGC sponsored National Workshop held from 13-02-2012 to 19-02-2012, Dr Tarini Kanta Haloi did not attend the workshop.” নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষই আৰ টি আই আৱেদনখনৰ উত্তৰত স্পষ্টকৈ কয়।

তেতিয়াই সহযোগী অধ্যাপক হালৈৰ জালিয়াতি ফাদিল হয়। লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ দিলীপ দাসৰ এই জালিয়াতিত সহযোগ থকাটোও ধৰা পৰে।

উল্লেখযোগ্য যে কিছু দিন আগতে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দিলীপ দাসে নিজৰ পি এইচ্ছ ডি ডিগ্ৰীটো জালিয়াতিৰে লোৱা কথাটো বিশ্ববিদ্যালয়ৰ তদন্তত ধৰা পৰিছিল। তাৰ পিছতো বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কোনো অজ্ঞাত কাৰণত দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই। এই বাতৰি নৰ্থ-ইষ্ট নাও-ত সবিস্তাৰে প্ৰকাশ পাইছিল৷

মহাবিদ্যালয়খনৰ গুৰু দায়িত্বত থাকি অধ্যক্ষ দাস এতিয়া দ্বিতীয় এটা জালিয়াতিত জড়িত থকাৰ কথা পোহৰলৈ অহাৰ পিছত কি ব্যৱস্থা লয় কৰ্তৃপক্ষই, সেয়া চাব লগীয়া হ’ব। দাসৰ বাবেই মহাবিদ্যালয়খনতো কালিমা পৰা বুলি সচেতন মহলে মত প্ৰকাশ কৰা দেখা গৈছে।

ইতিমধ্যে সমস্ত কথা জনাই চাহ আলমে পুনৰ উচ্চশিক্ষাৰ সঞ্চালকক পুনৰ বিচাৰৰ আৱেদন জনাইছে৷ জানিবলৈ পোৱা মতে, ৮ জানুৱাৰি তাৰিখে শিক্ষা সঞ্চালকে পুনৰ উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু তাৰিণীকান্ত হালৈক বিচাৰৰ বাবে মাতি পঠাইছে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd