• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশত পুনৰ এজন হিন্দু যুৱকক নৃশংসভাৱে মৰিয়াই হত্যা উন্মত্ত জনতাৰ, কোন আছিল এই সম্ৰাট?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2025 8:41 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশত পুনৰ মৰিয়াই হত্যা কৰা হৈছে এজন হিন্দু যুৱকক। এইবাৰ ঘটনাৰ স্থান আছিল ৰাজবাৰী। মৃত যুৱকজনৰ নাম অমৃত মণ্ডল। অঞ্চলটোত তেওঁ সম্ৰাট নামেৰেও পৰিচিত আছিল।

বুধবাৰে নিশা ১১ বজাৰ আশেপাশে নৃশংসভাৱে হত্যা কৰা হয় ২৯ বছৰীয়া যুৱকজনক। কিছুদিন পূৰ্বে মৌলবাদীয়ে মৈমনচিঙৰ ভালুকাত ২৭ বছৰীয়া হিন্দু যুৱক দিপু চন্দ্ৰ দাসকো হত্যা কৰিছিল। সেই ঘটনাৰ ৰেশ এতিয়াও মাৰ যোৱা নাই। ইয়াৰ মাজতে পোহৰলৈ আহিল এই ঘটনা।

Apply Now

ডেইলী ষ্টাৰত প্ৰকাশিত এক বাতৰি অনুসৰি স্থানীয় আৰক্ষী থানাৰ বিষয়া দেবব্ৰত সৰকাৰে এই মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। তেওঁ কয় যে যোৱা নিশা আৰক্ষীয়ে এই খবৰ লাভ কৰিছিল। খবৰ পোৱাৰ পিছতে সেই স্থানলৈ যায় বৃহৎ আৰক্ষী বাহিনী। মৃতদেহটো উদ্ধাৰ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো মৰ্গলৈ প্ৰেৰণ কৰা হৈছে।

ডেইলী ষ্টাৰৰ প্ৰতিবেদনত লগতে প্ৰকাশ পাইছে যে আৰক্ষীয়ে সম্ৰাটৰ এজন সহযোগী মহম্মদ চেলিমক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ পৰা উদ্ধাৰ হৈছে দুটা আগ্নেয়াস্ত্ৰ যাৰ ভিতৰত আছে এটা পিষ্টল আৰু স্থানীয় ৱান শ্বুটাৰ বন্দুক।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, সম্ৰাটৰ বিৰুদ্ধে কমেও দুটা গোচৰ আছে। তাৰে এটা হত্যাকাণ্ডৰ গোচৰ। স্থানীয় ৰাইজে আৰক্ষীক জনোৱা মতে, সম্ৰাটে আগতে এটা অপৰাধী চক্ৰ চলাইছিল। ধন দাবী আৰু অন্যান্য অবৈধ কামত জড়িত আছিল। তেওঁলোকৰ দাবী, শেহতীয়াকৈ গাঁওখনলৈ উভতি অহাৰ পূৰ্বে যুৱকজনে দীৰ্ঘদিন ধৰি ভাৰতত আত্মগোপন কৰি আছিল।

স্থানীয় বাসিন্দা শ্বাহিদুল ইছলামৰ পৰা সম্ৰাটে ধন দাবী কৰা বুলি গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰে। কিন্তু মানুহজনে ধন দিবলৈ অস্বীকাৰ কৰাত সম্ৰাট আৰু তেওঁৰ দলটো তেওঁৰ ঘৰলৈ আহিল। তেনেতে শ্বাহিদুলৰ ঘৰৰ মানুহে তেওঁক ডকাইত বুলি চিঞৰিবলৈ ধৰে। গেংটোৰ আন সদস্যসকল পলায়ন কৰে। অৱশ্যে সম্ৰাট গণপ্ৰহাৰৰ বলি হয়। উক্ত দলটোৱে চেলিমক অস্ত্ৰ-শস্ত্ৰসহ আৰক্ষীক গতাই দিয়ে।

উল্লেখ্য যে মহম্মদ ইউনুছৰ অধীনত বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ আটাইতকৈ বেছি। শ্বেখ হাছিনাই দেশ এৰি যোৱাৰ পাছত হিন্দু হত্যা আৰম্ভ হয়। মৌলবাদীসকলে বহু সংখ্যালঘুক অত্যাচাৰ আৰু লুণ্ঠন কৰিছে। মন্দিৰ ভাঙি-ছিঙি পেলোৱাৰ ঘটনাও পোহৰলৈ আহিছে। শেহতীয়াকৈ কাপোৰ কাৰখানাৰ শ্ৰমিক দিপু চন্দ্ৰ দাসক উগ্ৰপন্থীয়ে হত্যা কৰিছিল। সেই ঘটনাৰ পুনৰাবৃত্তি ঘটিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd