জনতা ভৱন জ্বলাই দিয়াৰ ষড়যন্ত্ৰ হৈছিল

আঁৰত “আৰ্বান নক্সাল”, পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া আৰু একাংশ কংগ্ৰেছ নেতা: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

21-05-18-Guwahati-Himanta-Biswa-Sarma-press-meet-2-1024x661

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ছবি।

অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কৈছে যে যোৱা ১০ ডিচেম্বৰৰ কেববিৰোধী প্ৰতিবাদত দিচপুৰৰ জনতা ভৱন জ্বলাই দিয়াৰ ষড়যন্ত্ৰ কৰা হৈছিল আৰু ইয়াৰ আঁৰত আছিল “আৰ্বান নক্সাল”, পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া আৰু একাংশ কংগ্ৰেছ নেতা।

আৰ্বান নক্সাল, পি এফ আই আৰু কংগ্ৰেছ নেতাৰ বিৰুদ্ধে চৰকাৰে ইলেকট্ৰনিক প্ৰমাণ সংগ্ৰহ কৰিছে, গুৱাহাটীত সংবাদমেলযোগে মন্ত্ৰী শৰ্মাই কয়।

তেওঁ কয় যে ষড়যন্ত্ৰ পোহৰলৈ অনাৰ বাবে ৰাজ্য চৰকাৰে এক বিশেষ তদন্তকাৰী গোট গঠনৰ সিদ্ধান্ত লোৱাৰ লগতে কেন্দ্ৰীয় সংস্থাৰ সহায় বিচৰাৰ কথাও চিন্তা কৰিছে।

“ৰাজনৈতিক আৰু অপৰাধমূলক ষড়যন্ত্ৰটো পোহৰলৈ অনাৰ বাবে আই পি এছ মৃদুলানন্দ শৰ্মা আৰু আন কেইজনমান জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত আমি এই বিশেষ তদন্তকাৰী গোট গঠনৰ সিদ্ধান্ত লৈছো। তদন্তটো অধিক পেচাদাৰীভাৱে পৰিচালিত হোৱাৰ বাবে চি বি আই বা এন আই এৰ পৰা এজন কৰ্মৰত বিষয়াক দায়িত্ব দিবলৈ আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিম,” শৰ্মাই জনায়।

শৰ্মাই কয় যে বিষয়টো সন্দৰ্ভত তেওঁ গৃহ মন্ত্ৰী অমিত শ্বাহক বুধবাৰে সাক্ষাৎ কৰিব আৰু অনুসন্ধানৰ দায়িত্ব এন আই এক দিয়াৰ বাবে অনুৰোধ জনাব।

তেওঁ লগতে ইংগিত দিয়ে যে অসমৰ এজন বিদ্যায়তনিক ক্ষেত্ৰৰ ব্যক্তিয়ে জনতা ভৱন আক্ৰমণৰ বাবে প্ৰতিবাদকাৰীক নিৰাপদ দূৰত্বৰ পৰা প্ৰৰোচিত কৰি আছিল।

তাৰোপৰি গুৱাহাটীৰ বিভিন্ন স্থানত ধ্বংসকাৰ্য্যত জৰিত বিৰোধী কংগ্ৰেছৰ কিছু সদস্যকো চিনাক্ত কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।

“আমি এতিয়ালৈকে কিছুমান নাম পাইছো। এতিয়া আমি সংগঠনবোৰৰ সৈতে এই নামসমূহৰ সম্পৰ্ক উলিওৱাৰ চেষ্টা কৰিছো যাতে আমি ষড়যন্ত্ৰটো পোহৰলৈ আনিব পাৰো,” তেওঁ কয়।

শৰ্মাই কয় যে আছুকে ধৰি আন সংগঠনসমূহে নাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিওৱাৰ বিপৰীতে পি এফ আয়ে (চ’চিয়েল মিদিয়া) প’ষ্টৰ জৰিয়তে জনতা ভৱনৰ সমীপত সদস্যসকলক গোট খাবলৈ আহ্বান জনাইছিল।

“ইয়াত এটা পেটাৰ্ন আছে। তেওঁলোকৰ প্ৰতিবাদত ভাগ লোৱাৰ ইচ্ছা নাছিল। তেওঁলোক কেৱল অসম সচিবালয়ৰ ২নং গে’টৰ সমীপত গোট খোৱাত আগ্ৰহী আছিল,” তেওঁ কয়।

লগতে পঢ়ক– গামোচাক যদি সন্মান কৰে, তেন্তে আইনখন বাতিল কৰক: মোদীৰ প্ৰতি তৰুণ গগৈ