• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশত কাৰাবাসৰ ম্যাদ বঢ়াবলৈ কি কৰিছিল অনুপ চেতিয়াই?

চেতিয়াৰ ওপৰত নজৰ ৰাখিবলৈ ভাৰত চৰকাৰে অসম আৰক্ষীৰ দুজন বিষয়াক ঢাকাত থকা ভাৰতীয় দূতাৱাসত নিযুক্তি দিছিল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 11, 2020 8:48 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংযুক্ত মুক্তি বাহিনী, অসম, চমুকৈ “আলফা”ৰ সাধাৰণ সম্পাদক গোলাপ বৰুৱা ওৰফে অনুপ চেতিয়া সুদীৰ্ঘ প্ৰায় ১৮ বছৰ ধৰি বাংলাদেশ কাৰাগাৰত বন্দী হৈ আছিল।

কিন্তু ভাৰতলৈ প্ৰত্যাৱৰ্তন বিলম্ব কৰাৰ বাবে বাংলাদেশত কাৰাবাসৰ ম্যাদ বঢ়াই নিয়াৰ বাবে নিজেই চেষ্টা চলাইছিল চেতিয়াই। এই বিষ্ফোৰক সত্য নিজ মুখে ক’লে সশস্ত্ৰ সংগ্ৰামী নেতাজনে।

Apply Now

আজি নৰ্থ-ইষ্ট নাওৰ মুখ্য সম্পাদক অনিৰ্বাণ ৰয়ৰ অনুষ্ঠান ‘দ্য ফৰ্থ পিলাৰ’ত বহু কথাৰ মাজতে তেওঁ অপ্ৰকাশিত এই সত্য প্ৰকাশ কৰে।

দেশখনত কাৰাবাসৰ ম্যাদ বঢ়াবলৈ বাংলাদেশৰ আৰক্ষীক বেলেগ বেলেগ ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অনুৰোধ কৰিছিল চেতিয়াই। বাংলাদেশ আৰক্ষীয়েও সেইমতে নতুন নতুন গোচৰ ৰুজু কৰিছিল।

‘‘মোৰ বিৰুদ্ধে প্রথমতে বাংলাদেশত অবৈধভাৱে প্ৰৱেশ কৰাটো একমাত্ৰ গোচৰ আছিল। এই অপৰাধত ছমাহ মান জেইলত থকাৰ পাছত মই মুক্তি পালো হেঁতেন”, চেতিয়াই কৈ যায়।

“…মুক্তিৰ পাছত বাংলাদেশ চৰকাৰে মোক ভাৰতক হস্তান্তৰ কৰি দিলে হেঁতেন। কিন্তু মই ভাৰতলৈ আহিব বিচৰা নাছিলো। সেয়ে মই মোৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু কৰিবলৈ তদন্তকাৰী বাংলাদেশ আৰক্ষীৰ বিষয়াক অনুৰোধ কৰিছিলো”।

তেওঁ লগতে কয় যে তেওঁৰ হাতত কিছু বিদেশী মুদ্ৰা থকা আৰু এটা ছেটেলাইট ফোন থকাৰ কথাটো নিজেই আৰক্ষীক জনাইছিল। এই দুবিধ সামগ্ৰী অবৈধভাৱে ৰখাৰ গোচৰ তেওঁৰ ওপৰত জাপিবলৈ আৰক্ষীক অনুৰোধ কৰিছিল।

১৯৯৭ চনৰ ডিচেম্বৰ মাহত অনুপ চেতিয়া বাংলাদেশত আৰক্ষীৰ হাতত ধৰা পৰিছিল। তেতিয়াৰ পৰা ২০১৫ চনৰ ১১ নৱেম্বৰলৈ তেওঁ বংলাদেশতেই কাৰাবন্দী হৈ আছিল। বাংলাদেশৰ দণ্ডবিধি অনুসৰি ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত কাৰণত এনে ধৰণৰ গোচৰত ন্যূনতম চাৰি বছৰৰ কাৰাদণ্ডৰ পৰা মৃত্যুদণ্ড পৰ্য্যন্ত হ’ব পাৰে।

anup chetia
নৰ্থ-ইষ্ট নাওৰ ষ্টুডিঅ’ত অনুপ চেতিয়া। ১১ ফেব্ৰুৱাৰিত।

অৱশ্যে, ২০১১ চন মানলৈ চেতিয়াই নিজেই ভাৰতলৈ প্ৰত্যৰ্পিত হ’ব বিচাৰে। সেই কথা জনাই তেওঁ বাংলাদেশ চৰকাৰলৈ পত্ৰও প্ৰেৰণ কৰিছিল। কিন্তু তেতিয়া বাংলাদেশ চৰকাৰে তেওঁৰ ওপৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰে, সাক্ষাৎকাৰটোত কৈ যায় চেতিয়াই।

আনহাতে, ২০০৮ চনৰ ৭ ডিচেম্বৰত অনুপ চেতিয়াই ৰাষ্ট্ৰসংঘৰ ৰিফিউজি হাইকমিশ্যনলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁক বাংলাদেশত শৰণাৰ্থীৰ মৰ্য্যাদা দি ৰাজনৈতিক আশ্ৰয় দিবলৈ আবেদন কৰিছিল। ৰাষ্ট্ৰসংঘৰ ৰিফিউজি হাইকমিশ্যনাৰ এন্টনিঅ’ গুটাৰিচলৈ লিখা এখন পত্ৰত চেতিয়াই ইতিমধ্যে বাংলাদেশৰ জেইলত ৭ বছৰ পাৰ কৰাৰ কথা প্ৰকাশ কৰি আৰু অধিক কাৰাবন্দী কৰি নাৰাখিবলৈ প্ৰাৰ্থনা কৰিছিল।

এই সাক্ষাৎকাৰতেই চেতিয়াই বাংলাদেশৰ আদালতত কৰা এটা বিশেষ মন্তব্যৰ কথাও সদৰী কৰে।

তেওঁ বাংলেদেশৰ সংবিধানৰ এটা ধাৰাৰ উদ্ধৃতিৰে আদালতত কৈছিল, “বাংলাদেশৰ সংবিধানৰ ২৫(ক) ধাৰাত উল্লেখ আছে যে বাংলাদেশে বিশ্বৰ সকলো স্বাধীনতা সংগ্ৰামৰ প্ৰতি সমৰ্থন আগ বঢ়াব। গতিকে আমিও স্বাধীনতা সংগ্ৰাম কৰি আছো আৰু বংগবন্ধুৰ কন্যা শ্বেইখ হাচিনাৰ পৰা আমি সহায় পাম বুলি আশা ৰাখিছো”।

কিন্তু ভাৰত চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰোৱাৰ বাবে বিশেষ ব্যৱস্থা কৰিছিল বুলি সাক্ষাৎকাৰটোত জানিবলৈ দিয়ে চেতিয়াই। তাৰ বাবে ভাৰত চৰকাৰে অসম আৰক্ষীৰ দুজন বিষয়াক ঢাকাত থকা ভাৰতীয় দূতাৱাসত নিযুক্তি দিছিল বুলিও তেওঁ দাবী কৰে।

“ভাৰত চৰকাৰে মোক যিমান বিচাৰি আছিল, সিমান অৰবিন্দ ৰাজখোৱা আৰু পৰেশ বৰুৱাক বিচৰা নাছিল। মই আলফাৰ আন্তৰ্জাতিক সম্পৰ্কবোৰ আগ বঢ়াই নিছিলো। গতিকে মোক গ্ৰেপ্তাৰ কৰাত যথেষ্ট গুৰুত্ব দিছিল”, চেতিয়াই কয়।

তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি থকাৰ কথা তেওঁ কিছু আগতীয়াকৈ গম পাইছিল বুলিও প্ৰকাশ কৰে। সেই সময়ত ছুইজ্জাৰলেণ্ডৰ জেনেভাস্থিত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাউন্সিললৈ যাওঁতে সঞ্জয় ঘোষৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আটক হোৱাৰ পৰা কোনোমতে হাত সাৰিছিল বুলিও প্ৰকাশ কৰে।

সঞ্জয় ঘোষৰ পেহীয়েক তেতিয়াৰ ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰুন্ধতী ঘোষে অনুপ চেতিয়া তালৈ যোৱাৰ খবৰ পাইছিল। অৱশ্যে সেই সময়ত তাত থকা জম্মু আৰু কাশ্মীৰৰ দুজনমান নেতাই তেওঁক এই খবৰ দি তাৰ পৰা আঁতৰি যাবলৈ পৰামৰ্শ দিছিল। সেই অনুসৰি তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাউন্সিলৰ কাৰ্য্যালয়ৰ পৰা ওলাই জেনেভাতেই এজন যুৱকৰ সহায়ত ১৪ দিন ধৰি আত্মগোপন কৰি আছিল বুলিও প্ৰকাশ কৰে।

চেতিয়াই সাক্ষাৎকাৰটোত বৰ্তমান ভাৰত চৰকাৰৰ সৈতে চলি থকা শান্তি আলোচনা প্ৰক্ৰিয়া সম্পৰ্কেও জানিবলৈ দিয়ে।

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ পাছত ভাৰত চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত বিশেষ জটিলতা নাথাকিব বুলি প্ৰকাশ কৰিও “সেয়া ভাৰত চৰকাৰৰ সদিচ্ছাৰ ওপৰত নিৰ্ভৰশীল” বুলি মন্তব্য কৰে।

তেওঁ কয় যে ভাৰত চৰকাৰে হয়তো পৰেশ বৰুৱাও আলোচনাৰ মজিয়ালৈ অহাটো বিচাৰিব পাৰে। কিন্তু পৰেশ বৰুৱাই যিহেতু সাৰ্বভৌমত্বক বাদ দি আলোচনালৈ আহিব নিবিচাৰে, সেই ক্ষেত্ৰত আলোচনাত জটিলতা আহিব পাৰে।

“সাৰ্বভৌমত্বৰ বিষয়ত আলোচনা কৰিলেই সাৰ্বভৌমত্ব দিয়াতো নহয়। আলোচনা কৰাত অসুবিধা থাকিব নালাগে”, একালৰ বৰুৱাৰ সোঁহাতস্বৰূপ চেতিয়াই কয়।

অৱশ্যে পৰেশ বৰুৱাৰ মনতো এতিয়া কিছু নতুন চিন্তা সোমাইছে বুলি কৈ অনুপ চেতিয়াই এতিয়া বৰুৱাও আলোচনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাৰ ইংগিত দিয়ে।

নেতাজনে লগতে কয়, “বৰ্তমান আগৰ পৰিবেশ নাই আৰু সংগ্ৰামখনৰ প্ৰতি আগৰ দৰে জনসমৰ্থন নাই। নতুন প্ৰজন্মৰ বিপ্লৱ, জাতীয় প্ৰেম খুব কম সংখ্যকৰহে আছে। এতিয়া সশস্ত্ৰ সংগ্ৰামলৈ ল’ৰা গৈছে যদিও কিছুদিনৰ পাছতেই ঘূৰি আহিছে। তেওঁলোকৰ দৃঢ়তা নাই, দৃঢ়তা নাথাকিলে সংগ্ৰাম টিকি নাথাকে”।

এই সাক্ষাৎকাৰতেই চেতিয়াই কেনেকৈ সংগ্ৰাম আৰম্ভ কৰিছিল, কেনেকৈ ম্যানমাৰলৈ যোৱা বাট উলিয়াইছিল সেই কথাও প্ৰকাশ কৰে।

১৯৮৭ চনত গুৱাহাটীৰ কাৰাগাৰাত বন্দী হৈ থকাৰ সময়তে কেনেকৈ বাংলাদেশত শিবিৰ স্থাপনৰ চিন্তা চলিছিল, পাছত কাৰ সহযোগত কেনেকৈ বাংলাদেশলৈ গ’ল সকলো বিষয় সাক্ষাৎকাৰটোত প্ৰকাশ কৰে।

বাংলাদেশৰ জেলত থকাৰ কঠিন অভিজ্ঞতাৰ কথাও প্ৰকাশ কৰে। তেওঁ লগতে বাংলাদেশৰ জেইল কৰ্মচাৰী আৰু অন্য কাৰাবন্দীৰ পৰা পোৱা সহযোগ আৰু সন্মানৰ বিষয়েও সাক্ষাৎকাৰটোত জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd