• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৫ মাৰ্চৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচী ল’ব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 10, 2019 2:43 pm

2 min read

১৫ মাৰ্চৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচী ল’ব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে
133
VIEWS
Share on FacebookShare on Twitter

অনুসূচিত জাতিক দীৰ্ঘদিন ধৰি প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে অহা ১৫ মাৰ্চৰ পৰা এলানি ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচীৰ ঘোষণা কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে। নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা জানিবলৈ দিয়ে সংগঠনটোৰ ৰাজ্যিক সভাপতি ৰুবুল দাসে।

চলিত বৰ্ষৰ ৰাজ্য চৰকাৰৰ বাজেটত অনুসূচিত জাতিৰ উন্নয়নৰ বাবে কোনোধৰণৰ আঁচনি বা বিশেষ পুজিৰ ব্যৱস্থা নকৰাৰ অভিযোগ তুলি সংগঠনটোৱে ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিব।

অহা ১৫ মাৰ্চৰ দিনা সংগঠনটোৱে প্ৰত্যেকখন জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ লগতে তেওঁলোকৰ দাবীসমূহ সম্বলিত এক স্মাৰক পত্ৰ মুখ্য মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰিব।

ইয়াৰোপৰি সংগঠনটোৱে ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ জিলা সমিতিসমূহৰ উদ্যোগত প্ৰত্যেকখন আঞ্চলিক আৰু গাওঁ পৰ্য্যায়ত কেন্দ্ৰীয় তথা জিলা পৰ্য্যবেক্ষকৰ উপস্থিতিত সজাগতা সভা অনুষ্ঠিত কৰিব। লগতে ৩০ আৰু ৩১ মাৰ্চৰ দিনা নগাওঁ জিলা সমিতিৰ সৌজন্যত কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তন অনুষ্ঠিত কৰিব।

৬ এপ্ৰিলৰ দিনা সংগঠনটোৰ দিলা সমিতিৰ উদ্যোগত গ্ৰামাঞ্চলত বাইক ৰেলী আৰু সন্ধিয়া জোঁৰ সমদল কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলিও ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। লগতে অহা ১০ এপ্ৰিলৰ দিনা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অনুসূচিত জাতিৰ বিভিন্ন দাবীৰ সমৰ্থনত নাগৰিক সভা অনুষ্ঠিত হ’ব।

আনহাতে, এপ্ৰিল মাহৰ শেষৰফালে দিল্লীৰ যন্তৰ-মন্তৰত সংগঠনটোৱে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি দাসে জানিবলৈ দিয়ে।

তদুপৰি স্বাধীনতাৰ ৭০ বছৰ ধৰি কোনো এখন চৰকাৰেই অনুসুচিত জাতিৰ কল্যাণৰ বাবে সুদূৰপ্ৰসাৰী কাৰ্য্যব্যৱস্থা গ্ৰহণ নকৰা বুলি আমাৰ সাংবাদিকৰ আগত দাসে কয়।

তেওঁ লগতে কয় ‘একমাত্ৰ সংৰক্ষণ ব্যৱস্থাৰ যোগেদি অনুসূচিত জাতিৰ সামগ্ৰিক উন্নয়ন আৰু সমবিকাশ সম্ভৱ নহয়। জাতিটোৰ কল্যাণৰ বাবে স্ব-গোষ্ঠীয় ৰাজনৈতিক ব্যৱস্থা নথকাৰ বাবে এনেধৰণে কণা হাঁহক পতান দিয়াৰ দৰে অনুসুচিত জাতিৰ লোকক বাৰম্বাৰ বঞ্চিত কৰি অহা হৈছে।‘

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd