NORTHEAST NOW (Assamese)

চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘অন্বেষা’ই প্ৰস্তুত কৰিব এলানি গ্ৰন্থ

November 27, 2018 6:40 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ইউনিচেফৰ সহযোগত গুৱাহাটীস্থিত বেচৰকাৰী সংস্থা ‘অন্বেষা’ই অসমৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ উদ্দেশ্যে কৰ্মশালাৰ জৰিয়তে দহখন কিতাপৰ এলানি গ্ৰন্থ প্ৰস্তুত কৰাৰ এক আঁচনি গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে উক্ত প্ৰচেষ্টাৰ অংশ হিচাপে ইতিমধ্যে যোৱা ছেপ্টেম্বৰ মাহত অসমৰ বিভিন্ন ঠাইৰ চাহ জনগোষ্ঠীৰ লেখক-লেখিকা, শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্য লেখক-লেখিকাক লৈ প্ৰাৰম্ভিক পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল৷

প্ৰাৰম্ভিক পৰ্যায়ৰ উক্ত কৰ্মশালাখনৰ যোগেদি প্ৰস্তুত কৰা পাণ্ডুলিপি সমূহক চূড়ান্ত ৰূপ দিয়াৰ উদ্দেশ্যে সেই একেখিনি লেখক-লেখিকাক লৈ ২৮ৰ পৰা ৩০ নৱেম্বৰলৈ অন্বেষাৰ কাৰ্যালয়ত চূড়ান্ত কৰ্মশালা অনুষ্ঠিত হ’ব।

কেবাগৰাকী চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই কৰ্মশালাত কিতাপবোৰৰ কথাৰ লগত মিলখোৱাকৈ এলানি ছবি নিৰ্বাচন কৰা হ’ব৷

‘অন্বেষা’ৰ ফালৰ পৰা জনোৱা অনুসৰি ৩দিনীয়া এই কৰ্মশালাখনত হৰেকৃষ্ণ ডেকা, তুলতুল বৰুৱা, সমীৰ তাঁতী আৰু শিবানন্দ কাকতিয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকিব।

Related News