• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰফুল্ল কুমাৰ মহন্তৰ দুটা কাৰ্য্যকাল সন্ত্ৰাসবাদ প্ৰসাৰ-প্ৰচাৰ আৰু গুপ্তহত্যাৰহে ইতিহাস : মুমিনুল আৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 27, 2018 6:32 pm
Muminul Awal Prafulla Mahanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তৰ প্ৰথম কাৰ্য্যকালত সন্ত্ৰাসবাদী সংগঠনৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কথা ইতিহাসত লিপিবদ্ধ থাকিব। দ্বিতীয় কাৰ্য্যকালটো গুপ্তহত্যাৰ কথা লিপিবদ্ধ থাকিব।” অগপৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক কেন্দ্ৰ কৰি এই তিৰ্য্যক বাক্যবাণ মিত্ৰ দল বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালৰ।

উল্লেখযোগ্য যে, অগপ-বিজেপি মিত্ৰতাত থাকিলেও পঞ্চায়ত নিৰ্বাচন সুকীয়াকৈ খেলাৰ সিদ্ধান্তৰ পিছত দুয়োটা দলৰ নেতৃবৰ্গৰ ইজনে আনজনক আক্ৰমণাত্মক মন্তব্যই চৰম পৰ্য্যায় পাইছেগৈ।

Apply Now

শনিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদ মাধ্যমৰ আগত অগপৰ নেতৃত্বক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লোৱা মুমিনুল আৱালো তাৰ ব্যতিক্ৰম নহ’ল।

মুমিনুল আৱালে অগপ দলক কটাক্ষ কৰিবলৈ গৈ সংবাদ মাধ্যমৰ আগত কয়, “অসম গণ পৰিষদে দুবাৰকৈ শাসনভাৰ দখল কৰিছিল যদিও প্ৰফুল্ল কুমাৰ মহন্ত মুখ্য মন্ত্ৰী হিচাপে থকাৰ সময়ছোৱাত জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত বা অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।”

তদুপৰি আই এম ডি টি আইনৰ প্ৰণেতা এগৰাকীয়েও অগপৰ কাৰ্য্যকালত মন্ত্ৰিত্ব লাভ কৰিছিল বুলি দাবী কৰে মুমিনুল আৱালে।

“আইএমডিটি আইনৰ প্ৰণেতা আব্দুল মহিম মজুমদাৰক মহন্তই তেওঁৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাটোহে ইতিহাসত লিখা থাকিব।” মুমিনুল আৱালে কয়।

উল্লেখ্য যে, মিত্ৰজোঁটৰ চৰকাৰত থাকিও অগপ দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পূৰ্ণ বিৰোধিতা কৰি আহিছে। সেই কথা সহ্য কৰিব নোৱাৰি বহু বিজেপি নেতাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে অগপ দলৰ জ্যেষ্ঠ নেতৃত্ব। কিয়নো, কিছুদিন পূৰ্বে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘অগপৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই’ তথা ‘ৰাজপথত এই বিধেয়কৰ বিৰুদ্ধে চিঞৰাৰ অধিকাৰ নাই’ বুলি অগপ নেতৃত্বক কটাক্ষ কৰিছিল।

তাৰ পাছতেই কালি অগপ দলে জৰুৰীকালীন বৈঠক আহ্বান কৰি হিমন্ত বিশ্ব শৰ্মাৰ তিৰ্য্যক মন্তব্যৰ উত্তৰ বিচাৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ পত্ৰ প্ৰৰেণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও মিত্ৰতা ভংগৰ প্ৰসংগই স্থান নাপালে উক্ত বৈঠকত।

ইয়াৰোপৰি, অগপ দলে অৰ্জুন হৈ শেষৰ পৰ্য্যায়লৈ মিত্ৰজোঁটত থাকি বিৰোধিতা কৰি যাব বুলি সদৰী কৰিছিল অগপৰ সভাপতি অতুল বৰাই।

এই মন্তব্যৰ প্ৰত্যুত্তৰ দি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “অতুল বৰাই ভীমৰে ভাও দিব নে কৰ্ণৰে ভাও দিব নে অৰ্জুনৰে ভাও দিব, সেই বিষয়টো নিৰ্ধাৰণ কৰিব ভাওনাখন পৰিচালনা কৰা পৰিচালক তথা প্ৰযোজকৰ ওপৰত।”

আনহাতে, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে অসমীয়া জাতিৰ স্বাৰ্থত অগপ দলৰ সৈতে মিত্ৰতাত থকা বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে।

ইপিনে, বিজেপি দলৰ আগশাৰীৰ নেতৃত্বই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অগপ দলৰ বিৰুদ্ধে বহু প্ৰচাৰ চলাই অহা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ মঙলবাৰে ড০ হিমন্ত বিশ্ব শৰ্মাই অতুল বৰাৰ সমষ্টিত ‘বোকাখাত সমষ্টিটো অগপক এৰি দিয়াটো ভুল আছিল’ বুলিও ভাষণ প্ৰসংগত কৈছিল।

তৎসত্ত্বেও এই কথা এৰি চলি ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে অগপৰ ফালেহে দোষ ঠেলা দেখা গ’ল। তেওঁ কয় ‘বিজেপিৰ লগত মিত্ৰতা থকা সত্ত্বেও অসম গণ পৰিষদৰ ফালৰ পৰা বিগত সময়ত ৰাজহুৱাভাৱে বিৰুদ্ধাচৰণ কৰি বক্তব্য আগবঢ়াইছে।”

আৱালে কয়, “অগপৰ এগৰাকী বিধায়কে কংগ্ৰেছ-অগপ ভাই ভাই বুলি ৰাজহুৱাকৈ বক্তব্য ৰাখিছিল।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd